ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Wednesday, December 20, 2017

পেখু পেখু (ছয়): গল্পকাৰৰ এটিট্যুড

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ৭ জানুৱাৰী ২০১৮]

ধৰক কিবা এখন বিশেষ ক্ষেত্ৰত কোনোবা এটা পৰ্যায়ত পাৰদৰ্শিতাৰ বাবে আপোনালৈ এটা বঁটা আগবঢ়োৱা হ'ল অৰু আপুনি লাভ কৰিলে জাউৰিয়ে জাউৰিয়ে শুভকামনা। এনে এক প্ৰাপ্তি আৰু কৃতিত্বৰ কালত আপুনি আপোনাৰ শুভাকাংক্ষীলৈ কি প্ৰত্যুত্তৰ-সংবাদ প্ৰেৰণ কৰিবলৈ বিচাৰিব? আপুনি জড়িত ক্ষেত্ৰখনৰ প্ৰতি আপুনি কিমান দায়বদ্ধ, কেনেকৈ ক্ষেত্ৰখনৰ সৈতে আগলৈ সম্ভাৱনাৰ প্ৰতিশ্ৰুতি বহন কৰি চলিব তাকেই ক'বলৈ নিবিচাৰিব জানো? অলপতে মুনীন বৰকটকী স্মাৰক ন্যাসৰ দ্বাৰা ঘোষনা কৰা হ'ল যে এই সময়ৰ এজন প্ৰতিভাৱান আৰু প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ ডালিম দাসে তেখেতৰ "হৰি যদু মধু" গ্ৰন্থৰ বাবে মুনীন বৰকটকী স্মাৰক বঁটা লাভ কৰিছে। কিতাপখনৰ প্ৰথম পঢ়নতেই আমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আছিল এনেধৰণৰ- ইতিহাস এনেকৈয়ে আগবাঢ়ে। ক বিন্দুৰ পৰা এজনে খ বিন্দুলৈ বলটো লৈ আনে, পাছৰজনে সেই খ বিন্দুৰ পৰা গ বিন্দুলৈ লৈ যাব। এনেকৈয়ে নিৰ্মাণ হ'ব ঐতিহ্য। এয়ে আছিল কথা। এটা অন্য মতো আছে। X জনে যেনেকৈ ক বিন্দুৰ পৰা খ বিন্দুলৈ যিখিনি অভিজ্ঞতাৰ মাজেৰে গতি কৰিলে, Y ৰ ক্ষেত্ৰতো আমি তেনেকৈয়ে চাম, কেনেকৈ তেওঁ‌ ক ৰ পৰা খলৈ গতি কৰিলে। এই দ্বিতীয়টো মত বা ধাৰাই এতিয়াও আমাৰ মাজত প্ৰৱল। সেয়েই আমি বেছিদূৰ আগুৱাব পৰা নাই। ক-ৰ পৰা খ-লৈ আহি আকৌ আমি একেটা যাত্ৰালৈকে উভটি গৈ ভাল পাওঁ‌- কৰ পৰা খলৈ। খুব কম সংখ্যককহে দেখিলোঁ‌ যি X এ আনি দিয়া খ বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। ডালিম দাস তেনে এজন। যি গল্পৰে আগৰ জনে গল্পজীৱনৰ সমাপ্তি ঘটায়, সেই গল্পৰে তেওঁ‌ৰ আৰম্ভণী। বলটো এনেকৈয়ে আগবাঢ়িব। দাসৰ কিতাপখনে প্ৰকাশৰ বছৰতেই বহুখিনি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সেয়েহে স্বাভাৱিকতেই গল্পকাৰে বহুখিনি শুভকামনা লাভ কৰিলে। এই শুভকামনাৰ সঁহাৰি হিচাপে কৃতজ্ঞতাসূচক বাৰ্তা প্ৰেৰণ কৰি গল্পকাৰে ৭ নৱেম্বৰ তাৰিখে যিখিনি কথা লিখিলে, তাৰ মাজতে আছিল এইখিনি কথা- "যদি এটুকুৰা এঙাৰেৰে ৰাজপথত অঁ‌কিয়াই বকিয়াই সেই গুলুম লাগি থকা কথাবোৰ বেছি ভালকৈ ক'ব পাৰি, মই গল্প লিখা বাদ দি এঙাৰত ধৰিম।" কথাখিনি দেখি তৎক্ষণাৎ মোৰ মনলৈ আহিল, প্ৰখ্যাত চলচ্ছিত্ৰকাৰ ঋত্বিক ঘটকেও এবাৰ কৈছিল- আজি চিনেমা কৰি পইচা পাইছোঁ বাবে মই চিনেমা কৰি আছোঁ। কাইলৈ অন্য কোনোবা মাধ্যমত যদি মই পইচা পাওঁ মই সেই মাধ্যমলৈ গুছি যাম। মই চিনেমাৰ প্ৰেমত আৰু নিচাৰ পৰা নাই। ডালিম দাস বা ঘটকৰ এই কথাখিনিক আমি কি বুলি চাম? স্বাভিমান? এটিট্যুড? আগৰ লেখাত আমি কবিৰ এটিট্যুড সম্পৰ্কে লিখিছিলোঁ। এটিট্যুড বাৰু হয়েই, কিন্তু ই কিহৰ সূচক?

নিজৰ দখল থকা বা নিজে ব্যস্ত হৈ থকা ক্ষেত্ৰখনৰ প্ৰতি আনুগত্য, সন্মান আৰু ভালপোৱা বেয়া কথা নহয়। এজন শিক্ষক প্ৰকৃত শিক্ষক তেতিয়াহে হৈ উঠিব যেতিয়া শিক্ষকতাৰ প্ৰতি এটা টান বা আৱেগ থাকিব। বিশেষকৈ লেখক-সহিত্যিকৰ টান এটা থাকেই। অসমত জীৱিকাৰ তাড়নাত পৰি বাধ্য হৈ কোনো লেখক নহয়। এটা আন্তৰিক তাগিদাতেই সকলোৱে লিখে। কবিৰ কবিতাৰ সৈতে বা গল্পকাৰৰ গল্পৰ সৈতে এটা এৰাব নোৱাৰা টান থাকে আৰু সেইটো আমি এই সময়ৰ সমস্ত লেখকৰ মাজতেই দেখি আহিছোঁ। কবিয়ে কবিত্বক উদযাপন কৰাৰ নজিৰ বিৰল নহয়। জ্যোতিপ্ৰসাদেও 'কবি মই' বুলি কবিতা লিখিছিল, হীৰেন নামৰ কবিয়েও "কলম মোৰ কমাৰৰ হাতৰ হাতুৰি, ভাঙি-পিটি গঢ়ি লওঁ শব্দ" বুলি কবিত্বক একাধিকবাৰ উদযাপন কৰি গৈছে। এই সময়ৰ কবি নিবেদিতা ফুকনৰ পৰা অনিতা গগৈলৈকে বহুতে "কবি মই, কবিতাৰ বাহিৰে একো লিখিব নোৱাৰোঁ"ৰ দৰে কবিত্বক উদযাপন কৰা দেখোঁ। মনালিছা শইকীয়া, গীতালি বৰাৰে পৰা সৃষ্টি শ্ৰেয়ম বা জুৰি বৰুৱালৈকে গল্পকাৰ সকলে নিজৰ গল্পকাৰ-সত্তাক উদযাপন কৰা দেখোঁ গল্পৰ ভিতৰে বাহিৰে, অৰ্থাৎ গল্পৰ আংগিকৰ মাজতো সেই গল্পকাৰ গল্পকাৰ হিচাপেই সোমাই পৰে, আনহাতে ৰাজহুৱা স্তৰতো গল্পৰ নিৰ্মান আৰু গল্পৰ চৰিত্ৰৰ বিচৰণ আদিৰে সৈতে নিজৰ বিষয়ী অৱস্থানটোক লৈ সময়ে সময়ে সচেতন হৈ ৰয়। এজন গল্পকাৰ বা এজন কবিৰ এটা কৃতিত্বৰ সংবাদে আমালৈ কঢ়িয়াই আনে প্ৰতিশ্ৰুতি, আৰু আমাৰ (আমাৰ মানে পাঠকৰ, দ্ৰষ্টাৰ, স্পেক্টেটৰ-ৰ) প্ৰতিশ্ৰুতিয়ে দায়ৱদ্ধ কৰি তোলে সেই কৰ্তাক। আমি জানো ডালিম দাসৰ গল্পনিৰ্মানত দখল কিমান। আমি জানো ঋত্বিক ঘটকৰ জন্মই হৈছিল চিনেমাৰ বাবে। কিন্তু সেই ডালিম দাসে বা সেই ঘটকে যদি কয় "মই গল্প লেখা বাদ দিম" বা "মই চিনেমা কৰা বাদ দিম", তাৰ পৰা আমি কি বুজিম, বা এই মনোবৃত্তিটোক কেনেদৰে পৰ্যবেক্ষণ কৰিম?   

নিজৰ মাধ্যমটোৰ প্ৰতি আনুগত্যখিনি প্ৰয়োজনীয় বুলি স্বীকাৰ কৰিও এই কথা ক'বলৈ বাধ্য হওঁ যে এটা মাধ্যমৰ প্ৰতি অত্যাধিক আনুগত্য বৰ ভাল কথা নহ'বও পাৰে। চিত্ৰশিল্পীয়ে ৰং আৰু ৰূপৰ সৈতেই খেলিব। সেয়েই তেওঁৰ জগত। সেই ৰং আৰু ৰূপৰ নিজস্ব আৱেদনৰ পৰিপ্ৰেক্ষিততেই শিল্পীক বুজিবলৈ চেষ্টা কৰিব লাগিব। তেনেকৈয়ে শব্দৰ সৈতে খেলা কৰা খনিকৰক শব্দৰ খেলাৰ আধাৰতেই বুজিবলৈ চেষ্টা কৰিব লাগিব। এইখিনি কথাত দ্বিমত থাকিব নালাগে। কবিয়ে কবিতাক আৰু গল্পকাৰে গল্পক উপাসনা নকৰি কৰিব কাক? কিন্তু কবিতা মানৱ সভ্যতাৰ এক অনুপম সৃষ্টি বুলি গদগদ হৈ তাৰ উপাসনাতে মছগুল হৈ থকাৰো কিছুমান অসুবিধা আছে। এইখিনি কথা আজিৰ তাৰিখত পতাটো জৰুৰী এইবাবেই যে কবি হিচাপে বা গল্পকাৰ-উপন্যাসিক হিচাপে এক অতি-ৰোমাণ্টিক মনোবৃত্তি অসমীয়া চৰ্চাকাৰী সকলৰ মাজত সঘনে পৰিলক্ষিত হ'বলৈ লৈছে। কবিয়ে কাব্যবন্দনাৰ নামেৰে কবিতাৰ তোষামোদত আৰু তেনেকৈয়ে গল্পকাৰে গল্প-সাহিত্যৰ তোষামোদত নিমগ্ন হৈছে। এহাতে কোনোবাখিনিত যেন এটা বিৰাট সংকট- আমিয়েই কবিতাক উদ্ধাৰ নকৰিলে কবিতাৰ ভৱিষ্যৎ বুলিবলৈ আৰু একো নাথাকিব। কিন্তু তেওঁলোকে পাহৰি যায় যে কবিতা তেওঁলোকে ভাবি থকাতকৈ বহুত বেছি শক্তিশালী এটা মাধ্যম। নহ'লেবা ঘটনাটো ঘটে এনেকৈ- যিহেতু কবিতা মানেই বিৰাট কিবা এটা, ইয়াৰ উপাসনা নকৰিলে ভয়ংকৰ পাপ হ'ব। তেওঁলোককো একেদৰেই ক'বলগীয়াত পৰে যে আপুনি ভাবি থকাৰ দৰে কবিতা বিৰাট কিবা এটাও নহয়। আপুনি কেৱল কবিতাটো লিখক, অথবা গল্পটো লিখক। আপোনাৰ কবিসত্তা বা গল্পকাৰ-সত্তাক সময়ে নিজে উদযাপন কৰিব।আন্যথা ইয়াৰ ফলত আমি দেখা পোৱা সমস্যাটো হৈছে এইখিনিত যে- ইমানবোৰ কবিতা আৰু গল্প লিখা হৈ থকাৰ পিছতো, পঢ়া হৈ থকাৰ পিছতো কেনিও সেইবোৰৰ মাজৰ পৰা কোনোধৰণৰ বাগধাৰাৰ সম্প্ৰসাৰণ ঘটা নাই।

*
কিন্তু মাধ্যমগত চৰ্চা বা কচৰতৰ সিপাৰেও এখন জগত আছে যিখন বক্তব্যৰ জগত, বক্তাৰ বিষয়ী-অৱস্থান বা ব্যক্তিনিষ্ঠাৰ জগত। একক আৰু স্বতন্ত্ৰ ব্যক্তি-বিশেষ হিচাপে আপুনি মুক্ত। এটা মাধ্যমে আপোনাক বান্ধি ৰাখিব নোৱাৰে। কথাখিনি ফৰ্ম আৰু কণ্টেণ্ট সম্পৰ্কীয় সেই পুৰণি আৰু কাহানিও নিৰসন নোহোৱা আহুকলীয়া দ্বন্দটোৰ এটা পৰ্যায়ত কণ্টেণ্টো এটা ফৰ্ম আৰু ফৰ্মো এক প্ৰকাৰৰ কণ্টেণ্ট বুলি সন্তুষ্টি ল'বলগা হোৱাৰ দৰে। একে ধৰণৰ এটা কুটাভাস হ'ল- সৃষ্টিৰ জগতখনৰ সমস্ত মাধ্যমৰে যথেষ্ট জোৰ আছে যে ই বিশ্বৰ যিকোনো বিষয়বস্তুকেই নিজৰ মাধ্যমেৰে ধৰি ৰাখিব পাৰে; আৰু একে সময়তে সকলো মাধ্যমৰে মাধ্যমগত সীমাবদ্ধতাও সমানে আছে যাৰ বাবে মাজে মধ্যে স্ৰষ্টাৰ ব্যক্তিমনে অন্য কেনিবা পলায়ন কৰিব খোজে। মাধ্যমৰ সীমাবদ্ধতা সেয়েহে আৰু পাতিবলগীয়া কথা হৈ নাথাকে। যিটো কথা পাতিব পাৰি বা পতা উচিত সেইটো হ'ব পাৰে- সীমাৰ বিস্তাৰণ (Pushing the boundary)। সৌৰভ কুমাৰ চলিহাৰ "ভাল খবৰ" এটা স্বয়ংসম্পূৰ্ণ ভাল লেখা। তেনেহ'লে তাকে ভিত্তি কৰি আলতাফ মজিদে এখন ছুটি চিনেমাৰ নিৰ্মাণ কিয় কৰিছিল? মনালিছা শইকীয়াৰ "পুনৰ জনম লয় তেজীমলাই" যদি গল্প হিচাপে সফলেই আছিল, তাকে লৈ ৰবীন্দ্ৰ ভৱনত মঞ্চাভিনয়ৰ অভিযোজনা কিয় কৰিবলগীয়া হৈছিল? মাধ্যমৰ পৰা মাধ্যমান্তৰ আচলতে বিকল্প নহয়। বিস্তাৰণ।

বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তত আমি শিল্প বিষয়ক কৰ্মশালা পাতি আহিছোঁ। বাৰে বাৰে বিভিন্ন ক্ষেত্ৰত জড়িত সৃষ্টিশীল আৰু চিন্তাশীল ন-শিকাৰুৰ মুখামুখি হৈ বাৰে বাৰে শিল্পৰ মৰ্মস্থলৰ মূলগত প্ৰশ্নখিনিৰ সন্মুখীন হ'বলগীয়াত পৰে। স্থান আৰু কালৰ পৰিপ্ৰেক্ষিতত সকলো কথাৰেই মানে বা অৰ্থ সলনি হৈ গৈ থাকিলেও আমি দেখিলোঁ যে যিবোৰ কথা এৰাব নোৱৰাকৈ সঁচা হৈ ৰয় তাৰ মাজত এটা হ'ল- শিল্পকৰ্ম এটাই কেনে ধৰণৰ বাগধাৰাৰ জন্ম দিছে বা এটা বাগধাৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ই কেনেকৈ কি ভূমিকা পালন কৰিছে তাৰ ওপৰতে নিৰ্ভৰ কৰে শিল্পকৰ্মটিৰ অস্তিত্বৰ গুৰুত্ব। যদি সেয়ে হয়, তেনেহ'লে সকলোৰে শেষত যিটো ৰৈ যায় সি হ'ল এটা বাগধাৰা। চিনেমা এখন চোৱাৰ পিছত সৈ শেষ হৈ যায়। যি ৰৈ যায় সি হ'ল এটা কথোপকথনৰ অচিলা। নাটকখনো শেষ হৈ যায়। গান শেষ হৈ যায়। ছবি এখন এদিন নষ্ট হৈ যায়। কবিতা বা গল্পৰ কিতাপ এখনো কোনোবাই পঢ়িবলৈ নি ঘূৰাই নিদিয়া হয়। সকলো শেষ হৈ যায়। যিটো ৰৈ যায় সি হ'ল এটা কথোপকথনৰ অচিলা।

এতিয়া আমি কেইটামান সিদ্ধান্তলৈ আহিম। প্ৰথম, কিবা এটা ক'বৰ বাবেই, কিবা এটা প্ৰকাশ কৰিবৰ বাবেই যদি শিল্পৰ আশ্ৰয় লোৱা হয়, তেনেহ'লে সেই প্ৰকাশ অমুক মাধ্যমতেই হ'ব লাগিব, তমুকটোত নহয়- এনে ধাৰণাৰ পোষকতা কৰাৰ মানে নাই।  দ্বিতীয়, দেখাত একক যেন লাগিলেও কোনো মাধ্যমেই আচলতে এটা ভৰিত থিয় দি এঠেঙীয়া হৈ থাকিব নোৱাৰে। পৰিৱেশনধৰ্মী কলাৰ ক্ষেত্ৰত এইটো বুজিবলৈ সহজ যে ই বহুখিনি কৰ্তা, কলাকুশলীৰ সহযোগতহে সম্ভৱপৰ হয়। গান এটা শুনোঁতেও তাৰ আঁৰত গীতিকাৰ, সংগীতকাৰ, বাদ্যযন্ত্ৰী, শব্দযন্ত্ৰী আৰু বহুতো মানুহৰ দিন-ৰাতি একাকাৰ কৰি কৰা পৰিশ্ৰম সোমাই আছে। এনেকৈয়ে কিন্তু সাধাৰণ ভাবে এজন গল্পকাৰে লিখা এটা মাত্ৰ গল্পও একক নহয়। তাত বহুখিনি ভূমিকা পালন কৰে পাঠকৰ ৰুচি-অভিৰুচিয়ে, প্ৰকাশন ব্যৱস্থাই। গল্পৰ সমল আহৰিত সেই পৰিৱেশ, চৰিত্ৰ আৰু বহুখিনি নোকোৱাকৈ ৰৈ যোৱা বস্তু-বিশেষে। গতিকে প্ৰতিটো ফৰ্ম বা ৰূপ বা মাধ্যমৰ মাজতেই এটা ক'লাব'ৰেটিভ চৰিত্ৰ নিহিত আছেই আছে। সেইটোক উপেক্ষা কৰি চলি মই কবি বা মই গল্পকাৰ বুলি একক অস্তিত্বৰ দাবীদাৰ হৈ বহি থকাটো অশোভনীয়। অসুবিধাটো সেইখিনিতেই হয় যেতিয়া গল্পৰ ভাষ্য অথবা গল্পৰ নিজস্ব উপস্থিতিক পিছপেলাই গল্পকাৰৰ আপোন সত্তাই অধিক প্ৰাধান্য পাবলৈ লয়। অসুবিধা তেতিয়াই হয় যেতিয়া কবিতাৰ স্বকীয় উপস্থিতিক অতিক্ৰমি গৈ কবিত্বৰ উদযাপনে অধিক গুৰুত্ব পায়। ক'বলৈ কথা নাই, নক'ব। লিখিবলৈ মন যোৱা নাই, নিলিখিব। এটা মাধ্যমৰ পৰা ফালৰি কাটি গৈ অন্য এটা মাধ্যমত আপুনি তৃপ্তি বিচাৰি পাইছে যদি তাকে কৰক। সম্পূৰ্ণ স্বাধীনতা আপোনাৰ আছে। এইখিনিতেই ডালিম দাস আৰু ঘটকৰ অৱস্থানখিনি গুৰুত্বপূৰ্ণ।  


সমুদ্র কাজল শইকীয়া 

পেখু পেখু (পাঁচ): কবিৰ এটিট্যুড

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ২৪ ডিচেম্বৰ ২০১৭]

দিল্লীৰ বতৰ, শীত আহোঁ আহোঁকৈ অহা নাই। সকলোৱে জানে দিল্লীৰ গ্ৰীষ্ম আৰু শীত- দুয়োটা সমানেই ভয়ানক। তেনেতে এৰাতি বাহিৰলৈ ওলাই দেখিলোঁ- গোটেইখন কুঁৱলীয়ে আৱৰি ধৰিছে। কিন্তু শীতৰ নাম গোন্ধ নাই। তেনেহ'লে ইমান কুঁৱলী কেনেকৈ সম্ভৱ? সেয়ে আৰম্ভণী। তাৰ পিছত তিনিদিনলৈ গোটেইখনতে ধোঁ‌ৱা ধোঁৱা। উশাহ ল'ব নোৱাৰি। বুকুখন হেঁচা মাৰি ধৰে। নাকটো সোপা মাৰি ধৰাৰ দৰে হয়। চকু জ্বলা পোৰা কৰে। ভৰ দূপৰীয়াও ৰ'দ দেখা নাযায়। প্ৰদূষণজনিত কাৰণত জলবায়ুত জমা হোৱা ধোঁৱা আৰু ধূলিয়ে যি সংকট নমাই আনিলে তালৈ চাই ভীতিবিহ্বল হোৱাৰ বাদে মানুহৰ গত্যান্তৰ নোহোৱা হ'ল। পৃথিৱীখন আমি বসবাসৰ উপযোগী কৰি ৰাখিব নোৱাৰিলোঁ। এই গ্লানিয়ে পীড়া দি গৈছে। যেন পৃথিৱীখন ধ্বংস হৈ যোৱাৰ সময় সমাগত। তেনে মুহূৰ্তত, যেতিয়া কেনিও কোনো সান্তনাৰ বাট নাই, হীৰুদাৰ কেইটিমান বাক্যই মাথোঁ অলপ মানসিক সকাহ দিলে-
…ব্যাধিগ্ৰস্ত এই নগৰে এদিন
আকাশলৈ মূৰ তুলি চাব : আকাশ ইমান বহল!
দ-কৈ উশাহ লৈ ক’ব : বতাহ ইমান কোমল!!…

কথা হ'ল এই শক্তিটো 'হীৰেন নামৰ কবি'ৰ মাজত আছে। এয়েইতো কাৰণ যাৰ বাবে আজিলৈকে এইজন কবি অসমীয়া পাঠকৰ বাবে আটাইতকৈ আপোন। ভাষাৰ ব্যৱহাৰৰ প্ৰতি সংযম আৰু নিষ্ঠা, বিষয়বস্তুৰ চয়ন, মাটি আৰু মানুহৰ সম্পৰ্ক- এই আটাইবোৰ কাৰকৰ উৰ্দ্ধলৈ গৈ এইজন কবিৰ আৰু এটা এৰাব নোৱৰা দিশ আছে যিটোৱে তেওঁক সহস্ৰজনৰ বুকুৰ আপোন কৰি ৰাখিছে। সেইটো হ'ল তেওঁৰ কামৰ মাজেৰে প্ৰতিভাত হোৱা এটা এটিট্যুড (Attitude)। মানোভাৱ। মনোবৃত্তি। দৃষ্টিভংগী। স্বাভিমান। জীৱন বীক্ষা। এই উল্লেখ কৰা আটাইকেইটা অৰ্থই ‘Attitude’ শব্দটোৰ মাজত সোমাই আছে যদিও তাৰ আৰু কেইটামান দিশ আছে। কথাই কথাই আমি আমি আটায়ে হয়তো কওঁ, অথবা অন্তত: কোৱা শুনিছোঁ- "তাৰ এটিট্যুডটোলৈ চা"। অৰ্থাৎ এটিট্যুড মানে এটা শৰীৰী অভিব্যক্তিও। এক প্ৰকাৰে এটা ব'ডি লেংগুৱেজ। শিল্প দৰ্শনত, কাব্য পঠনত আমি বহুখিনি কথাই পাতোঁ। খেনোৱে 'সামাজিক দায়বদ্ধতা'ৰ কথা কয়, খেনোৱে 'মাটিৰ গোন্ধ'ৰ কথা কয়, খেনোৱে কয় 'মননশীলতা'ৰ কথা।  কিন্তু এই "এটিট্যুড"টোৰ কথা খুব কমেইহে পতা হয়।

জনপ্ৰিয় স্তৰত কবিতাৰ সৈতে বিশেষ সম্বন্ধ নথকা ব্যক্তি এজনেও হীৰুদাৰ নামটো অন্তত: শুনিছে, বা তেখেতৰ এটা বা দুটা বাক্য ক'ৰবাত কেনেবাকৈ হ'লেও শুনিছে। এতিয়া আমি যদি যদি আটাইতকৈ বেছি উদ্ধৃত, ব্যৱহৃত বা জনাজাত হীৰুদাৰ কাব্যাংশ কোনটো বা কোনখিনি তাৰ এটা সমীক্ষা জনপ্ৰিয় স্তৰত চলাওঁ, তেনেহ'লে আমি হয়তো পাম- "তুমিতো জানাই এই কবিৰ আৰু একো নাই..." তেনেকৈয়ে বহুতৰে প্ৰিয় বুলি শুনিবলৈ পাম- "দুখ মোৰ কোলাৰ কেচুৱা..."

কিন্তু হীৰুদাৰ কবিতাৰ সাৰ্বিক জিজ্ঞাসাৰ মাজত থকা এটিট্যুডটোৰ সৈতে এইখিনিৰ কোনো মিল নাই। আমাৰ বিচাৰত হীৰুদা চিৰকালেই আছিল আকাংক্ষাৰ কবি, হেঁপাহৰ কবি আৰু আশাৰ কবি। এটা চূড়ান্ত সদৰ্থক বা ইতিবাচক মনোবৃত্তিৰে তেখেতৰ কাব্য সাধনা উজ্জীৱিত। তাৰ পিছতো কিয় আৰু কেনেকৈ যে অসমীয়া ন-শিকাৰু, কাব্য-যশপ্ৰাৰ্থী আদিৰ মাজত বিষাদবোধ, স্মৃতি-কাতৰতা আদিবোৰে আগ্ৰাসী ৰূপ লয়হি সেইটো ভাবিবলগীয়াত পৰে। অৱশ্যে এই অন্যায় বিচাৰ কেৱল হীৰুদাৰ প্ৰতিয়ে নহয়, ভূপেন হাজৰিকাৰ পৰা উজাই গৈ বিষ্ণু ৰাভালৈকে এই অন্যায় বিচাৰ চলি আহিছে। ৰাভা দিৱস বুলি বছৰৰ এটা দিনত বিষ্ণু ৰাভালৈ মনত পেলাবৰ সময়ত "ৰঙা তেজৰ নিচানটি লৈ আগবাঢ়ি যাওঁ ব'ল" বুলি চূড়ান্ত গতিময়তাৰে ধাৱমান সেইজন শিল্পীক জনপ্ৰিয় স্তৰত বাৰে বাৰে "পৰজনমত শুভলগনত" এবাৰ দেখা পাবৰ হেঁপাহ পুহি ৰখা এজন বিৰহীৰ ৰূপতহে সোঁৱৰণ কৰি থকা হৈ থাকে। এই কথালৈ বহুবাৰ বহু বিতৰ্ক হৈ গৈছে। এবাৰ ভূপেন হাজৰিকায়ো স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছিল। গায়ক হিচাপে আমি বিভিন্ন পৰিস্থিতিত বিভিন্ন ধৰণৰ গান গাবলগীয়া হয়। দুখ আৰু হতাশাৰ এই গানবোৰ মোৰ নিজৰ আচল গান নহয় বুলি দোহাৰিবলৈ বাধ্য হৈছিল সেই আজীৱন "দূৰন্ত তৰুন"জনে এনেবোৰ কাৰণতেই।

কবি হিচাপে হীৰেন ভট্টাচাৰ্যৰ যেতিয়ালৈ উত্থান ঘটিছে, আচলতে তেতিয়ালৈ অধুনিকতাবাদৰ অৱসান ঘটিছেগৈ। আধুনিকতাবাদৰো বহুত ৰূপ। কেইবাটাও শতিকা ধৰি মানুহ হোৱাৰ গৌৰৱখিনি উদযাপন কৰি আহি পক ধৰা আধুনিকতাবাদী চিন্তাত এক ধৰণৰ বিষাদবোধ, অতীতপ্ৰীতি আৰু নৈৰাজ্যৰ ভাৱনাই আগুৰি ধৰিবলৈ লৈছিল। উত্তৰ স্বাধীনতা কালৰ নতুন নগৰীয়া জীৱনক কেন্দ্ৰ কৰি কাব্যজিজ্ঞাসাৰ উন্মেষ ঘটে নৱকান্তৰ কবিতাত। নৱকান্ত আছিল নিজেই আধুনিকতাবাদৰ একক স্তম্ভ। এলিয়টৰ জে আলফ্ৰেড প্ৰুফকৰ দৰে সেই সময়ৰ কবিয়ে হয়তো সন্ধিয়াৰ আকাশলৈ চাই আকাশখন হস্পিতেলত পৰি থকা ৰোগীৰ লগত তুলনা কৰিবলৈকে ভাল পালেহেঁতেন। বহুলাংশে অসমৰ পেষ্টোৰেল অৰ্থাৎ কৃষিভিত্তিক পৰিৱেশৰ কথা কৈ গ'লেও মনত ৰখা ভাল যে হীৰেন ভট্টাচাৰ্য নামৰ ব্যক্তিজনে জীৱনৰ পিছৰচোৱা সময় কটাইছিল গুৱাহাটী মহানগৰৰ মাজমজিয়াতেই। গতিকে 'নিৰুত্তাপ এই জীৱন, নিৰ্লজ্জ আশাত অন্ধ' বুলি 'নাগৰিক'ৰ দৰে এটা কবিতা তেওঁৰ বাবে স্বাভাৱিক আছিল। কিন্তু এই 'সময়-শানিত তৰোৱালৰ চিকমিকনিত' কবিয়ে কি দেখা পাব বা কি চাবলৈ বাঞ্চা কৰিব সেইটো নিৰ্ভৰ কৰিব কবিৰ এটিট্যুডৰ ওপৰত। প্ৰকৃতিৰ আৰু জগতৰ অপাৰ ৰহস্যৰ সন্মুখত ৰৈ নৱকান্তই যদি কৈছিল "আমি আচৰিত হ'বলৈ পাহৰিলোঁ", হীৰুদাই মৰ্মে মৰ্মে কৈ গ'ল, আমি আচৰিত হ'বলৈ পাহৰা নাই।

'নাগৰিক' কবিতাৰ দ্বিতীয়টো স্তৱক পৰিৱেশ বিজ্ঞান আৰু আধুনিক যুক্তিৰে চালে বিৰোধাভাসেৰে ভৰা আৰু সেয়েহে অলপ অসুবিধাজনক লাগিব। সাধাৰণতে ক'লা ৰং ক'তো কেতিয়াও সদৰ্থক ভাবে ব্যৱহাৰ হোৱা দেখা নাযায়। তাতে আকৌ ক'লা ধোঁৱা! কিন্তু কলঘৰৰ ক'লা ধোঁৱা দেখি 'ব্যাধিগ্ৰস্ত এই নগৰ'ত কবি হতাশ হৈ হাত সাবটি বহি থাকিবলৈ মান্তি নহয়। কোন দিশটো সদৰ্থক, কেনি বাট বুলিলে ইতিবাচক ভৱিষ্যতে উকি মাৰিব- কবিয়ে সেয়া বিচাৰিলে। সেয়েহে আমি পালোঁ এই বাক্যটি- 'কলঘৰৰ ক'লা ধোঁৱাই/ এদিন আকাশত বিজুলী জ্বলাব'। এই ক'লাৰ মাজত সোমাই থাকিল পোহৰৰ উৎসৰ ইংগিত। নব্বৈৰ দশকৰ মাজভাগত এটা নাট্য কৰ্মশালাত বিশ্বনাথ চাৰিআলিত ৰফিকুল হোছেইনে শব্দৰ উচ্চৰণ আৰু কলন (Modulation) সম্পৰ্কে কৈ থাকোতে ক'লা শব্দটোক তিনি ধৰণেৰে কৈ চাইছিল। ক'লা ৰাতি, ক'লা চুলিটাৰি আৰু ক'লা সাপ- তিনিটা কথা। তিনিওটা কথাতে 'ক'লা' শব্দটো থাকিলেও তিনিওটাৰ উচ্চাৰণ আৰু তাৰ ফলত সৃষ্ট বোধ একে হ'বনে? নহয়। এতিয়া এইটো পাঠক বা আবৃত্তিকাৰৰ দায়িত্ব, কলঘৰৰ ক'লাধোঁৱাৰ দৰে এটা ভয়ানক ক'লাক তেওঁলোকে কেনেদৰে উচ্চৰণ কৰিবলৈ বিচাৰিব, কাৰণ সিয়েই এদিন আকাশত বিজুলী জ্বলাব বুলিও এটা বাসনা পুহি ৰখা হৈছে।
...কলঘৰৰ ক'লা ধোঁৱাই
এদিন আকাশত বিজুলী জ্বলাব,
ৰাস্তাৰ কাষৰ এইজাক ল'ৰাই
জীৱনৰ বাটে বাটে ফুল ফুলাব,
ব্যাধিগ্ৰস্ত এই নগৰে এদিন
আকাশলৈ মূৰ তুলি চাব : আকাশ ইমান বহল!
দ-কৈ উশাহ লৈ ক'ব : বতাহ ইমান কোমল!!... (নাগৰিক)

আকৌ এবাৰ মন কৰক ছিগো ছিগো চিলাইৰে সৈতে এটা কামিজৰ বাহিৰে একো নথকা সেই কবিলৈ। কবি আৰু শিল্পী পগলা অথবা চিৰ-দুখীয়া বোলা ধাৰণাটোৰে সমাজ-বহিৰ্ভূত কৰি ৰাখিবৰ প্ৰচেষ্টাটোৰ আমি সদায়ে বিৰোধিতা কৰি আহিছোঁ। চকুৰ এক পচাৰত আমাৰ লাগিব পাৰে হীৰুদাৰ এই কবি-মূৰ্তিও যেন তেনেকুৱাই। কিন্তু আচলতে একেবাৰেই নহয়। মন কৰক, কবিতাটোৰ নাম কঙালী নহয়, 'ভোগালী'হে। অপ্ৰাপ্তিৰ, বিৰহৰ, বিষাদৰ, হতাশাৰ, দাৰিদ্ৰ্যৰ ইয়াত আচলতে কোনো কথাই নাই। ই প্ৰাপ্তিৰ আৰু উপলব্ধিৰহে। বাহ্যিক আৱৰণৰ আঁৰত অক অনন্য প্ৰাপ্তিৰ ইংগিত দিয়াটোহে ইয়াৰ উদ্দেশ্য। ৰমন্যাসবাদৰ উন্মেষকালত কিছুসংখ্যক কবিৰ কবিতাত এক বিষাদবোধে আগুৰি অছিল। পৰৱৰ্তি স্তৰৰ আধুনিকতাবাদী কবি সকলে কবিতাক তাৰ পৰা মোকোলাই আনি দেশ, কাল আৰু জীৱন-বীক্ষাৰ অন্য কামত লগালে য'ত আশা আৰু হতাশা দুয়োৰে দ্বিধা দ্বন্দই স্থান পালে। হীৰেন ভট্টাচাৰ্য নিজেই এটা যুগ। এই যুগে উদযাপন কৰিলে জীৱন তৃপ্তিৰে আৰু প্ৰাপ্তিতে। পথাৰত লহৰি তোলা বহাতজাকে বাৰে বাৰে প্ৰাপ্তিৰ কথাকেই কৈ হৃদয় জুৰাই গ'ল। এই তুমুল শক্তি, এই অফুৰন্ত জীৱন-স্পৃহা, জীৱন আৰু জগতৰ প্ৰতি এই এটিট্যুড- এইখিনিয়েহে কবিক আমাৰ আপোন কৰি ৰাখিলে।

হীৰুদাৰ কবিজীৱনৰ সফলতাৰ চাবিকাঠি কি? কবিৰ এটিট্যুডটো। সম্প্ৰতি উদীয়মান বিৰহী কবি সকলৰ কাব্যসাধনাৰ বিপৰ্য্যৰ মূল কাৰণটো কি? কবিৰ এটিট্যুডটো।



সমুদ্র কাজল শইকীয়া 

Monday, November 27, 2017

পেখু পেখু (চাৰি): এখন প্ৰেমৰ চিনেমা আৰু "দুজন সংগ্ৰাহকৰ বিষয়ে": ৰীমা বৰা আৰু ছাহ মীৰান

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ১০ ডিচেম্বৰ ২০১৭]
(আৰ্কাইভ: সমল, সত্য, ইতিহাস, ঐতিহ্য, দায়িত্ব, পদ্ধতি)

 
গীতাশ্ৰী তামুলীৰ "সাহিত্য আৰু সমালোচনা" এখন অৱশ্যপাঠ্য গ্ৰন্থ। তাৰে "দুজন সংগ্ৰাহকৰ বিষয়ে" নামৰ প্ৰৱন্ধত সৌৰভ কুমাৰ চলিহা আৰু ৱাল্টাৰ বেঞ্জামিনৰ প্ৰসংগৰ আধাৰত সংগ্ৰাহক সম্পৰ্কে বহুখিনি দিশ সুন্দৰকৈ উন্মোচন কৰিছে। চলিহাৰ গল্পৰ চৰিত্ৰৰ সংগ্ৰাহক-প্ৰবৃতিৰ কথা যেনেকৈ উনুকিওৱা হৈছে তালৈ চাই আমি আগৰ লেখাত যেনেকৈ আমি সকলোৱেই সংগ্ৰাহক, অনকি মোবাইল কেমেৰাৰে চেলফি এখন তোলোতেওঁ যে আমি স্মৃতিৰ নামত কিবা এটা সংগ্ৰহেই কৰি থাকোঁ বুলি কৈছিলোঁ, আপাত দৃষ্টিৰে সাধাৰণীকৃত যেন লগা সেই কথাখিনিৰ ন্যয্যতাই প্ৰমাণিত হয়। চলিহাৰ 'বিলি' নামৰ এটা নাতিখ্যাত গল্পৰ চৰিত্ৰৰ ভাষ্য তেখেতে উল্লেখ কৰিছে- "এইটো মানুহ মাত্ৰৰে অন্তৰ্নিহিত ধৰ্ম। সকলোৱে কিবা নহয় কিবা সংগ্ৰহ কৰে"। আকৌ গল্পকাৰকেই সংগ্ৰাহকৰ প্ৰতিৰূপ হিচাপে দৰ্শাই তামুলীয়ে লিখিছে- "মোৰ বোধেৰে চলিহাৰ গল্পবোৰত আমি আন এজন সংগ্ৰাহকক লগ পাওঁ- তেওঁ আন কোনো নহয়, গল্পলেখক স্বয়ং। এটি পৰিভ্ৰমী চৰিত্ৰ।" ইয়াৰ লগতে উল্লেখ কৰিছে কেনেকৈ "বেঞ্জামিনে তেওঁৰ ব'দলেয়াৰ বিষয়ৰ ৰচনাত কবিক এজন বিশেষ ধৰণৰ সংগ্ৰাহকৰ লগত ৰিজাইছিল। তেওঁ হ'ল ragpicker, নগৰৰ অলিয়ে-গলিয়েপেলনীয়া বস্তু গোটাই ফুৰা মানুহ। কবি আৰু পেলনীয়া বস্তু সংগ্ৰহ কৰোঁতা দুয়ো লোকচক্ষুৰ অন্তৰালত কাম কৰি যায়। আনে অলাগতিয়াল বুলি পেলাই দিয়া বস্তুৰ প্ৰতি দুয়োৰে ধ্যান। যন্ত্ৰৰ অদ্ভূত ধাতৱ কলৰৱ, জনপথত ব্যস্ত যানবাহনৰ অবিৰাম অহা-যোৱা, ধূলি আৰু শব্দৰ প্ৰদূষন, শেষ ইঞ্চি মাটি পৰ্যন্ত গ্ৰাস কৰিবলৈ কংক্ৰীটৰ অট্টালিকবোৰৰ দুৰ্বাৰ ক্ষুধা, জনতাৰ ঠেলাহেঁচা আৰু বিভিন্ন গ্ৰামৰ সৰৱতা, ৰেডিঅ' আৰু গ্ৰামোফোন, ৰেলগাড়ী আৰু থাৰ্ম'মিটাৰ, ফেৰীৱালা আৰু অ'ভাৰব্ৰীজ, বিজুলীবাতি আৰু দেৱাল লেখনি আদি বিচিত্ৰ উপাদানেৰে গঢ়ি তোলে তেওঁৰ গল্পৰ শৰীৰ"।    

কিন্তু চলিহা আৰু বেঞ্জামিনৰ কথা যুগপৎ উল্লেখ কৰিও গীতাশ্ৰী তামুলীয়ে এনেকৈও কৈছে যে- "স্পষ্টত: বেঞ্জামিনৰ সংগ্ৰাহক সম্পৰ্কে দৃষ্টিকোণৰ লগত সৌৰভ কুমাৰ চলিহাৰ দৃষ্টিভংগীৰ পাৰ্থক্য আছে। চলিহাৰ বিলি চৰিত্ৰটোৱে অতীতযাপনৰ মাজত আত্মপৰিচয় সন্ধান কৰে। মূলৰ পৰা বিচ্ছিন্ন হ'লেও অতীত তাৰ সত্তাৰ এক দুৰ্বল স্বীকৃতি। ...বেঞ্জামিনে পূৰ্ণতাৰ সন্ধান কৰা নাছিল। খণ্ড বা ভগ্নাৱশেষৰ মাজৰ পৰা তেওঁ এক বিপ্লৱী নন্দনতত্ত্ব গঢ়ি তুলিব খুজিছিল"।


সি যি কি নহওক, সংগৃহীত সমলৰ পুনৰীক্ষণ, অভিযোজনা আৰু পুনৰব্যৱহাৰেহে নতুন সৃষ্টি সম্ভৱপৰ। কেইবা শ বছৰৰ আগে সুদূৰ বাগদাদৰ পৰা পৰিভ্ৰমি আহি অসমত উপস্থিত হোৱা ছাহ মীৰান নামৰ মানুহজনো আছিল এজন সংগ্ৰাহক। সম্ভৱত: হাজোলৈ আহিয়ে প্ৰথমে তেওঁ শুনিছিল বৰগীত। তেওঁ দেখিলে কেনেকৈ সাধাৰণ মানুহে হৰিনাম লয়। তেনেকৈয়ে তেওঁ দেখিলে বিয়ানাম। ফুল কোঁৱৰৰ গীত, মণি কোঁৱৰৰ গীত আদিৰ দৰে মালিতা দেখিলে। তেওঁ দেখিলে কৃষিপ্ৰধান এই দেশৰ সাধাৰণ মানুহৰ জীৱন-যাত্ৰা। তেওঁ দেখিলে কেনেকৈ কাঠৰ পৰা টোকাৰীখন হয়, য'ত সুৰ ধৰে। কেনেকৈ একে কাঠৰ পৰাই নাওখন হয়। মাটিৰ দেহা, মাটিৰ ঘৰ, মাটিয়েই শেষ আশ্ৰয়। এই সত্যকেই তেওঁ যেনেকৈ দেখিছিল সুদুৰ ইৰাণ দেশৰ দৰ্শনত, তাকেই আহি পুনৰ-আৱিস্কাৰ কৰিলেহি এই অসম দেশৰ মানুহৰ সহজীয়া দৰ্শনত। তেনেকৈয়ে সৃষ্টি হ'ল জিকিৰ। এই জিকিৰ কেৱল এজন কবিয়ে লিখা একক ৰচনা মাত্ৰ নহয়, ই হৈ ৰ'ল এক জীৱন্ত আৰু চলন্ত আৰ্কাইভ। সংগ্ৰহশালা। সাধাৰণ মানুহৰ জীৱন-দৰ্শন আৰু তত্ত্বৰ অভিলেখাগাৰ। এই আজান ফকিৰ নামৰ সংগ্ৰাহকজনৰ সম্পৰ্কে আমি যিমানখিনি জানো, যিমানখিনিলৈকে জানিব পাৰোঁ তাৰ সন্ধানত ব্ৰতী হ'ল চলচ্ছিত্ৰ নিৰ্মাতা ৰীমা বৰা, আন এজন সংগ্ৰাহক। অসমৰ ইমূৰৰ পৰা সিমূৰকৈ চুকে কোণে থকা লোকায়ত অভ্যাসকাৰী গায়কৰ পৰা গৱেষক পণ্ডিত সকলোকে সাঙুৰি আটোমটোকাৰিকৈ যুগুতাই উলিওৱা হৈছে ডকুমেণ্টেৰী ছবি "জিকিৰ আৰু জাৰী"।

সাধাৰণতে তথ্যচিত্ৰ বুলি ক'লে ধাৰাভাষ্যকাৰৰ কণ্ঠ এটা অৱশ্যম্ভাৱী যেনেই লাগে। ইয়াত তেনেকৈ একো নাই। কিছু লোকে আজান দেউ চাহাব আৰু জিকিৰ সম্পৰ্কে জনা কথাখিনি কৈ গৈছে। লগে লগে সংলগ্ন হৈছে কিছুমান নিকটৱৰ্তী অথবা দূৰণিবটীয়া আনুষংগিক দৃশ্য। বেছিভাগ কথা কৈ গৈছে কেমেৰাৰে সুন্দৰকৈ ধৰি ৰখা নিসৰ্গই। পানীত ভাহি থকা নাৱৰীয়াবিহীন নাওখনে। বতাহত হাউলি পৰিব খুজিও নপৰা তামোলগছ দুজোপাই। মেটেকানিডৰাই। মুখৰ কথাই কথা বুলি ভাবি থকা অসমীয়া সাংস্কৃতিক দ্ৰষ্টাই এইখন চিনেমা চাবই লাগে।   

নেৰেটিভটোত আজান ফকীৰ প্ৰথমে এজন পৰিভ্ৰমী বা Wanderer (মন কৰক গীতাশ্ৰী তামুলীৰ লেখাটোত সৌৰভ কুমাৰ চলিহা গল্পলেখকো পৰিভ্ৰমী-সংগ্ৰাহক), দ্বিতীয়তে এজন সংগ্ৰাহক (Collector) আৰু পৰ্যবেক্ষক (Observer), তৃতীয়তে সঞ্চয়ক (Preserver) আৰু সৃজক (Creator)ই এই গোটেইখিনি কথাই তথ্যচিত্ৰখনৰ নিৰ্মাতা ৰীমা বৰাৰ ক্ষেত্ৰতো সমানেই প্ৰযোজ্য নহয়নে বাৰু? কেৱল গীত মাততে আৱদ্ধ নাথাকি ছবিখনে সংস্কৃতিৰ সাৰ্বিক চৰিত্ৰটোক ধৰিবৰ চেষ্টা কৰিছে। সেয়েহে এই সংস্কৃতিৰ সংজ্ঞাত সোমাই পৰিছে জীৱিকা, শ্ৰম, নিসৰ্গ আৰু জীৱন তথা জগত সম্পৰ্কে লোকায়ত তত্ত্ব। বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত, বিভিন্ন অঞ্চলৰ ব্যক্তিৰ ভাষ্যই আজান ফকিৰ, তৎকালীণ অসমীয়া সমাজ, জিকিৰৰ উৎপত্তি আৰু ক্ৰমবিৱৰ্তন, জিকিৰৰ তাত্ত্বিক মৰ্ম, গায়কী আৰু পৰিৱেশনাৰ পদ্ধতি, সময়ৰ সৈতে পৰিৱৰ্তন আদি বিভিন্ন দিশ সাঙুৰি বিভিন্ন কথাই কৈ গৈছে। কিন্তু এই সকলোবোৰৰ ব্যতিৰেকেও পৰিচালক (পৰিচালিকা?) ৰীমা বৰাৰ তথ্যচিত্ৰখনে কি কথা কয়? সেইটো বুজিবলৈ হ'লে তথ্যচিত্ৰখন চাব লাগিব। মোৰ দৃষ্টিত ধৰা পৰা কথাখিনি এনেকুৱা, যে এতিয়াও বহুত পলম হৈ যোৱা নাই। আমি আজি দেখি থকা ঘৃণাৰ আধাৰত বহুধাবিভক্ত সমাজখন আমাৰ সমাজ নহয়। সাধাৰণ মানুহৰ সমাজৰ ইতিহাসে অন্য কথা কয়। সমসাময়িক ৰাজনীতিয়ে নিৰ্ধাৰণ কৰি দিব খোজা সমাজৰ সংজ্ঞা সাধাৰণ মানুহৰ বাস্তৱতাৰ লগত নিমিলে। চুফিবাদে যি প্ৰেমৰ কথা কয়, সেই প্ৰেমেৰেই উমাল এইখন আচলতে এখন প্ৰেমৰ চিনেমা।    


আৰ্কাইভ বা সংগ্ৰহ, সংৰক্ষণ আৰু অভিলেখন সম্পৰ্কে আমি লিখি থকা এইলানি লেখাৰ উদ্দেশ্য এইবোৰৰ প্ৰতি নতুন প্ৰজন্মক আগ্ৰহী কৰি তোলা। ৰীমা বৰায়ো নিজে বিভিন্ন ঠাইত, বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰিসৰত,  ডকুমেণ্টেৰীখন দেখুৱাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, আৰু ইয়াৰ ভিত্তিত কেনে ধৰণৰ প্ৰশ্নৰ উদ্ৰেক হ'ব পাৰে তাৰ বাবেই তেখেত আগ্ৰহী। আজান ফকিৰৰ জিকিৰ আৰু জাৰী সম্পৰ্কে যেনেকৈ বিভিন্ন কথা পাতিব পৰাৰ থল আছে, তেনেকৈয়ে ৰীমা বৰাৰ "জিকিৰ আৰু জাৰী" সম্পৰ্কেও বহু কথা পতা উচিত। তাৰ ভিতৰত থিতাতে মনলৈ অহা কেইটামান দিশ যদি ক'বলৈ হয়, তেনেহ'লে তলৰ বিষয়খিনি উল্লেখ কৰিম। অসমীয়া সাংস্কৃতিক পৰিমণ্ডলত দাৰ্শনিক ভাৱনাৰ ইতিহাস সম্পৰ্কীয় এলানি লেখা আমি লিখিছিলোঁ ("দৰিয়া, আচমান আৰু মানিমুনি শাক")। বিষয়বস্তু কেন্দ্ৰিক অজস্ৰ প্ৰশ্নৰ অৱকাশ আছে, সেইখিনিৰ কথা বাৰু আমি পাতিয়ে থাকিম। কিন্তু পদ্ধতিগত দিশৰ পৰাও কিছুমান প্ৰশ্ন উত্থাপিত হোৱাটো জৰুৰী। প্ৰশ্ন কৰিবলৈকো জানিব লাগে। প্ৰশ্নৰো একোটা আধাৰ থাকিব লাগে। প্ৰশ্নৰ বাবে কেইটামান সম্ভাৱ্য ভিত্তিমূল তলত আগবঢ়োৱা হ'ল-  

  • গৱেষণাৰ পদ্ধতি আৰু পদ্ধতিবিধি
  • সমল আহৰণৰ প্ৰক্ৰিয়া আৰু সংগ্ৰাহকৰ কৌশল
  • ক্ষেত্ৰ অধ্যয়নৰ প্ৰয়োজনীয়তা, পদ্ধতি আৰু ব্যৱহাৰিক অসুবিধাসমূহ
  • সমল সংগ্ৰহ, সংৰক্ষণ আৰু তাৰ পিছত তাৰ সম্পাদনাৰ ক্ষেত্ৰত গৱেষক/ নিৰ্মাতা/ পৰিচালকৰ নীতি
  • সংগৃহীত সমল-বস্তুৰ বস্তুনিষ্ঠতা (যদি আছে বুলি ধৰা হয়) আৰু সংগ্ৰাহকৰ ব্যক্তিনিষ্ঠতা   
ইয়াৰ লগতে আপোনালোকৰ মনলৈ যিখিনি আহিছে সেইখিনি টুকি লওক। ৰীমা বৰাক "জিকিৰ আৰু জাৰী" সহিতে এবাৰ মাতক আৰু মুখামুখিকৈয়ে প্ৰশ্নখিনি কৰক।       

সমুদ্র কাজল শইকীয়া

পেখু পেখু (তিনি): স্মৃতিৰ শৰীৰ

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ২৬ নৱেম্বৰ ২০১৭]
(আৰ্কাইভ: সমল, সত্য, ইতিহাস, ঐতিহ্য, দায়িত্ব, পদ্ধতি)
                                                               
এটি আফ্ৰিকান প্ৰৱচন এনে যে “যেতিয়ালৈকে সিংহই নিজে লিখিবলৈ নিশিকে তেতিয়ালৈকে সকলো কাহিনীয়ে কেৱল চিকাৰীজনৰ মহত্বৰ কথাকেই কৈ থাকিব”। এয়াই ইতিহাসৰ কথা। কোনে কেতিয়া কিয় আৰু কেনেকৈ লিখিছে তাৰ অন্তৰালতেই থাকে ইতিহাসৰ স্বৰূপ। ইতিহাস নিৰ্মিত বস্তু। ইয়াত পৰম সত্য বুলি একো নাই। ভূপেন হাজৰিকাদেৱেও এই কথা বুজিয়েই এদিন কৈছিল, অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা-মহাৰজাৰ কথা, আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা। ৰত্নাকৰৰ পৰা বাল্মিকী হোৱাৰ পিছত এদিন মহৰ্ষি নাৰদে আহি আদিকবিক ৰামায়ণ লিখিবলৈ পৰামৰ্শ দি ক’লে- তুমি যি লিখিবা সেয়াই সত্য। যিবোৰ ঘটে সেই সকলোবোৰ সত্য নহয়। যি সকল সাহিত্যৰ সেৱক, সাহিত্যৰ সাধক আৰু সাহিত্যৰ উদ্ধাৰকৰ্তাই এক ‘পৰম সত্য’ৰ কথা কৈ থাকে, তেৰাসৱলৈ নমস্কাৰ!
 
সৰু সুৰা বস্তুৰ সংগ্ৰহেৰে শিল্পী পিনাক বনিকৰ শিল্পকৰ্ম। কাণখোৱাৰ "ডিছপোজেবল হাইছ" নামৰ প্ৰকল্পৰ সময়ত সংগৃহিত।
ইতিহাস লিখিত হয় ব্যক্তিৰ দ্বাৰা। ইতিহাসৰ বৈধতা প্ৰমাণ কৰা হয় সমলৰ আধাৰত। সমলৰ অবিহনে ইতিহাস কেৱল কল্পকাহিনী। কেৱল সমলেহে দিব পাৰে ইতিহাসৰ এটা যথাসম্ভৱ বিজ্ঞানসন্মত ৰূপ। আনকি বুজাই বুজে যে কল্পকাহিনী, গল্পই হওক উপন্যাসেই হওক, তাৰ বাবেও সমলৰ গুৰুত্ব অপৰিসীম। ইতিহাসৰ বাবে লাগে সমল। জাতি এটা জীয়াই থাকিবলৈ লাগে ইতিহাস। এতিয়া সমলৰ প্ৰতি গুৰুত্ব, শ্ৰদ্ধা আৰু যত্ন যদি নাথাকে তেনেহ'লে কি হ'ব সেয়া অনুমান কৰাটো বৰ টান কাম নহ'ব। কাৰ্যত: সেইটোৱেই দেখা যায় অসমীয়াৰ সাংস্কৃতিক পৰিমণ্ডলত। সমলৰ প্ৰতি কোনো শ্ৰদ্ধা বা গুৰুত্ব নথকালৈ চাই ক’ব পাৰি অসমীয়া এটা শূন্যত ওপঙি থকা এটা জাতি। সংগ্ৰহ, সংৰক্ষণ আৰু পুনৰীক্ষণৰ সন্দৰ্ভত অসমীয়াৰ সোৰোপালিৰ কথা সৰ্বজনবিদিত। আজিও অসমত বিজ্ঞানসন্মত সংগ্ৰহশালাৰ অভাৱৰ কথা যেনেকৈ শুনা যায়, তেনেকৈয়ে আমি জানো যে যি বা আছে তাৰ প্ৰতি সাধাৰণ ৰাইজৰ আগ্ৰহকণো নাই। তেনেহ'লে কিহৰ ভিত্তিত জাতি এটা জীয়াই থাকিব? কিহৰ ভিত্তিত ৰচিত হ'ব ইতিহাস? কোনে লিখা ইতিহাসৰ অংশীদাৰ হৈ আমি বাচি থাকিবলৈ ভাল পাম?

সংৰক্ষণৰ গুৰুত্বৰ প্ৰতি অনীহাৰ ফলত হৈছে কি অসমৰ সাংস্কৃতিক ইতিহাসৰ নামত যিমান যি কথা শুনা যায় সেই আটাইবোৰেই কেৱল কথা ভিত্তিক, বা কাহিনী ভিত্তিক। লাচিত বৰফুকনে দেশতকৈ মোমই ডাঙৰ নহয় বুলি মোমায়েকক কাটি দুছেও কৰিছিল বুলি শুনিলেই দেশপ্ৰেমত গদগদ হৈ কথাষাৰত আমাৰ বহুতৰে তেজ উথলি উঠে। কিন্তু কথাষাৰৰ তথ্য-প্ৰমাণ? কিবা সমল? মোমাই মানে ঠিক মোমায়েক নহয়, মোমাই নামৰ মানুহ এজনহে বুলিও মাজতে শুনা গৈছিল। প্ৰচলিত, আৰু অতকাল ধৰি সৰ্বজনগ্ৰাহ্য বুলি ধৰি লোৱা ইতিহাসৰেই যদি সমল নাথাকে, তাৰ পিছত কালাপাহাৰী কাৰবাৰবোৰৰ কথা কেনেকৈ আমি পাতিব পাৰিম? বিষ্ণুৰাভাই নটৰাজ নৃত্য কৰিছিল বুলি শুনিছোঁ বাৰু। কিন্তু তাৰ তথ্য প্ৰমাণ কাৰ হাতত আছে? তেতিয়াৰ দিনত বাৰু আজিৰ দৰে ভিডিঅ' আদি সম্ভৱ নাছিল, কিন্তু অন্য কিবা নথি? ঔপনিৱেশিক ইংৰাজে লৈ যোৱা আমাৰ আপুৰুগীয়া সম্পদ বৃন্দাৱনী বস্ত্ৰ ওভতাই আনিব লাগে বুলি দুই একে মাজে সময়ে মত পোষণ কৰাৰ সময়তে আমাৰ মনলৈ এই প্ৰশ্নটোও আহে যে যিখিনি সমল এই মুলুকত আছে সেই সমূহৰ প্ৰতি আমাৰ মনযোগ কিমান? একেদৰেই, উৰিষ্যাত থকা ৰসৰাজৰ বাসগৃহক লৈ সৃষ্টি হোৱা উদ্বিগ্নতাৰ সময়তে আমাৰ প্ৰশ্ন উঠে যে এই মুলুকতে থকা বিষ্ণু ৰাভাৰ ঘৰটোৰ প্ৰতিয়েবা কিমান যত্ন আমি ল’ব পাৰিছোঁ। ইতিহাস নিৰ্মাণ হয় সমলৰ আধাৰত। যদি সেয়ে হয়, সমলৰ প্ৰতি সুস্থ বৈজ্ঞানিক মানসিকতা দেখুৱাব নোৱৰাৰ মানে হ’ল ইতিহাসৰ প্ৰতিয়ে অৱজ্ঞা কৰা। তিলোত্তমা মিশ্ৰৰ “কা মেইখাৰ ঘৰ” উপন্যাসৰ চৰিত্ৰ বনমালী পঞ্চতীৰ্থ এদিন ঘটনাক্ৰমে, কিছু পুৰণি ঐতিহাসিক সমলৰ পাঠোদ্ধাৰৰ কাৰণত চিলঙলৈ আহিবলগীয়া হয় আৰু কিছুদিন এজন আইৰিছ সংগ্ৰাহকৰ সৈতে কাম কৰে। সেই সময়ৰ এটা উল্লেখ এনে- "সুদুৰ ইংলেণ্ডৰ পৰা আহি এই ইংৰাজসকলে কি প্ৰয়োজনতনো আমাৰ প্ৰাচীণ বস্তুবোৰক ইমান মূল্যৱান বুলি গুৰুত্ব দিছে সেইকথা বুজিবলৈ পঞ্চতীৰ্থৰ বহুত সময় লাগিছিল। বহুদিনৰ মূৰত তেওঁ যেতিয়া আৰ্নল্ড চাহাবে লিখি উলিওৱা ৰিপ'ৰ্টখন কিতাপৰ আকাৰত পঢ়িবলৈ পালে তেতিয়াহে তেওঁ উপলব্ধি কৰিলে যে এই বুৰঞ্জীৰ সমলবোৰে আচলতে দেশখন শাসন কৰিবৰ বাবে নতুন নতুন নীতি নিৰ্ধাৰণ কৰাত ইংৰাজ চৰকাৰক প্ৰচুৰ সহায় কৰিছিল।" ইয়াৰ পিছত আৰু পুৰণি বস্তুৰ সংগ্ৰহ কৰাৰ চখটোও যে এটা ৰাজনৈতিক কাৰবাৰ হ’ব পাৰে সেয়া বুজিবলৈ টান নহয়। বিশ্বৰ অগ্ৰণী জাতি সমূহৰ সংগ্ৰহ, সংৰক্ষণ আৰু পুনৰীক্ষণৰ প্ৰতি আগ্ৰহ কেনে অপৰিসীম সেয়া আমি জানো। ইংৰাজৰ কথা যেনেকৈ জানো, আমাৰ দাঁতিকাষৰীয়া বঙালীৰ কথাও তেনেকৈয়ে জানো।

ইমান পৰে সংগ্ৰহ আৰু সংৰক্ষণ সম্পৰ্কে থকা উদাসীনতাৰ ভিত্তিত অভাৱ অভিযোগ বা ইননি-বিননিখিনি কৰা হ’ল বাৰু। কিন্তু এই অৱস্থাৰ সংস্কাৰকল্পে কি কৰা উচিত, বা কেনে ধৰণৰ প্ৰকল্প হাতত লোৱা উচিত? তাতোকৈ ডাঙৰ কথা, এই অনীহাজনিত সমস্যাখিনিৰ মূল কাৰণনো কি? ডকুমেণ্টেচন অৰ্থাৎ তথ্য সংগ্ৰহ, নথি জোগাৰ আদি কামবোৰ সততে আমনিদায়ক আৰু নিতান্তই কেৰাণীগিৰীৰ লেখীয়া বিৰক্তিকৰ কাম বুলি ভাবি থকা হয়। মই নিজে কেইবাবছৰো ধৰি সমকালীন ভাৰতৰ পাৰফৰমেন্স আৰ্টৰ ডকুমেণ্টেচন সংক্ৰান্তীয় কামত ন্যস্ত হৈ আছোঁ। পাৰফৰমেন্স আৰ্ট ক্ষণস্থায়ী, অনিত্য আৰু এবাৰ হৈ যোৱাৰ পিছত সেই নিৰ্দিষ্ট স্থান আৰু কালৰ বাহিৰত তাৰ কোনো অস্তিত্বই নৰয়। এনে ক্ষেত্ৰত তাৰ সাক্ষ্য-প্ৰমাণ বা তাৰ অৱশেষ বুলি কি থাকিব পাৰে যাক আমি সাঁচি থ’ব পাৰোঁ? এইটো এটা গুৰুতৰ প্ৰশ্ন। স্বাভাৱিকতেই এই প্ৰশ্নখিনিৰ লগত ব্যৱহাৰিক দিশখিনিৰ লগতে বহুখিনি দাৰ্শনিক আৰু ধাৰণাগত দিশো সাঙোৰ খাই আছে। এই সময়খিনিত আমি উপলব্ধি কৰা কিছুমান কথাৰ আধাৰত দেশৰ বিভিন্ন ঠাইত যেনে পুনে, মুম্বাই, পাটনা, দিল্লী আদিত কেইবাটাও কৰ্মশালাৰো আয়োজন কৰিছিলোঁ। ডকুমেণ্টেচন মানে কি, ইয়াৰ পদ্ধতিবোৰ কেনেধৰণৰ, ইয়াৰ উদ্দেশ্য আৰু উপযোগীতা কোনখিনিত আদিবোৰ কথা বাৰম্বাৰ আলোচনা কৰাৰ ফলত এটা সময়ত আমি আৱিস্কাৰ কৰিছিলোঁ যে ডকুমেণ্টেচন আচলতেই এটা মজাৰ কাম হ’ব পাৰে। বিৰক্তিকৰতো হ’বই নোৱাৰে। আনকি ডকুমেণ্টেচন নিজেই এটা সৃজনীশীল কৰ্ম হিচাপে গা কৰি উঠিব পাৰে। লাইব্ৰেৰী মানে কেৱল ধূলিৰে পোত গৈ থকা এদ’ম পুথি-পাঁজি বুলি ভাবি থকাৰ ফলতহে এই ভুল ধাৰণাখিনি হয়। মিউজিয়াম মানে কেৱল পুৰণা দিনৰ বস্তুৰ ভঁৰাল বুলি ভাবিলেহে অসুবিধা। কিন্তু আমি যি, ব্যক্তি হিচাপে অথবা সামূহিক এটা সত্বা হিচাপে যি পৰিচয় আজি আমি বহন কৰি আছোঁ – এইবোৰ তাৰেই অংশ বুলি ধৰিলেই আমাৰ ধাৰণাখিনি অন্য হৈ পৰে। বুৰঞ্জী মানে কেৱল মৰা মানুহৰ কথা নহয়। এই কথাটো বুজিলেই বহুখিনি দৃষ্টিভংগী সলনি হৈ পৰিব।

আপোনালোক সকলোৱেই ক’ৰবালৈ ফুৰিবলৈ গ’লে ধুনীয়া এখন ঠাই দেখিলে ফটো এখন যে তুলি থয়, কিয় থয়? এটা স্মৃতি সঞ্চয় কৰিবৰ বাবেই নহয় জানো? বিভিন্ন সময়ত বিভিন্ন পশ্চাদপটত চেলফি তুলি আপুনি যে ভাল পায়, কিয় ভাল পায়? এই মোবাইল ফোনেৰে তোলা চেলফিখনো আচলতে এটা সাক্ষ্য-প্ৰমাণেই নহয় জানো? অমুক মুহূৰ্তত তমুক স্থানত আপুনি কাৰ লগত আছিল, কেনেকৈ আছিল, কি খাইছিল, কি পিন্ধিছিল এইবোৰ কথাৰ এটা স্মৃতি সঞ্চয়নেই নহয়নে বাৰু। তেনেহ’লে চেলফি মানেও ডকুমেণ্টেচন। অভিলেখ। দলিল। দস্তাবেজ। তথ্য। স্মৃতি। টোকা। ডেটা। ফাইল। ইতিহাস। এই স্মৃতিবোৰেৰেই আমাৰ সত্তা গঠিত হয়। আমি সকলোবোৰ স্মৃতিৰ জুমুঠি মাত্ৰ। "আমি সকলোবোৰেই আমাৰ নিজৰ চিন্তা-প্ৰক্ৰিয়া আৰু আচৰণৰ অৱশেষ (Residue)”, এই কথাষাৰ কৈছিল কাশ্মীৰৰ পৰা আহি দিল্লীত বসতি কৰিবলৈ লোৱা পাৰফৰমেন্স আৰ্টিষ্ট ইন্দৰ চেলিমে ২০১৪ চনত আমি চলাই থকা গৱেষণাৰ কালত। প্ৰায় একেধৰণেৰেই সৌৰভ কুমাৰ চলিহাৰ 'বিলি' নামৰ গল্পৰ চৰিত্ৰ কভালস্কিয়ে কয় - সজ্ঞানে হয়তো আপুনি একো যোগাৰ কৰি নুফুৰে। কিন্তু সংগ্ৰহ কৰা বস্তুটো যে ইন্দ্ৰিয়গ্ৰাহ্য পদাৰ্থ এটাই হ'ব লাগিব, তাৰ অৱশ্যে কোনো মানে নাই। হয়তো আপুনি সংগ্ৰহ কৰে বন্ধুত্ব, বা অভিজ্ঞতা, বা স্মৃতি..."
 
ৱৰ্ল্ড চামিট বঁটা গ্ৰহণৰ সময়ত এনাজৰি ডট কমৰ হিমজ্যোতি তালুকদাৰ আৰু অন্যান্য। 

গতিকে অলপ গমি চালেই বুজিব পৰা যাব যে আপুনি, মই, আমি সকলোৱেই আচলতে একো একোজন সংগ্ৰাহক, সংৰক্ষক আৰু অভিলেখক। কেৱল সমলৰ সংগ্ৰহ আৰু যত্নৰ ক্ষেত্ৰত থাকিবলগীয়া দায়িত্ব, পদ্ধতিগত অধ্যয়ণ আৰু সেই সম্পৰ্কীয় কথা-বতৰাখিনিৰ সম্পৰ্কে কিবা এটা কাৰণত অৱগত নহওঁ। বহু অভাৱ অভিযোগৰ মাজতো নতুন প্ৰজন্মৰ কিছুমান উদ্যোগে আশাৰ বতৰা আনে। বিশেষকৈ এনাজৰি ডট কম নামৰ অনলাইন আৰ্কাইভৰ কথা আমি সকলোৱে জানো। তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত দেখুওৱা কৃতিত্বৰ বাবে এনাজৰী ডট কমে জুৰীৰ বিশেষ' নৰ্থ ইষ্ট বঁটা লাভ কৰাৰ পিছত মন্থন ছাউথ এছিয়া আৰু এছিয়া পেচিফিক ২০১২ বঁটা লাভ কৰাৰ লগতে ২০১৩ চনত ৱৰ্ল্ড চামিট এৱাৰ্ড লাভ কৰে। তথ্য সংগ্ৰহ আৰু সংৰক্ষণৰ ক্ষেত্ৰত সততে এলেহুৱা বুলি নাম থকা অসমীয়াৰ কেইজনমান যুৱকৰ এনে উদ্যোগে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত একাধিক সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱাটোও এটা গুৰুত্বপূৰ্ণ খবৰ

সমুদ্র কাজল শইকীয়া

Thursday, November 16, 2017

পেখু পেখু (দুই): গ্ৰন্থমেলাৰ বতৰৰ চিন্তন : প্ৰকাশক কাক বোলে?

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ৫ নৱেম্বৰ ২০১৭]


এতিয়া গ্ৰন্থমেলাৰ সময়। সেয়ে আজি অসমৰ গ্ৰন্থ উদ্যোগক ভিত্তি কৰিয়েই দুটা কথা আলচিবৰ মন মেলিলোঁ। যিকোনো এটা উদ্যোগৰ ক্ষেত্ৰতেই কাৰিকৰী দিশ আৰু তাৰ অন্তৰালত থকা চিন্তা-চৰ্চাখিনি– দুটাৰ ভিতৰত কোনটো মূখ্য কোনটো গৌণ সেই বিষয়ে বিতৰ্ক কৰি লাভ নাই। কিন্তু এনে ধৰণৰ দ্বিধা-বিৰোধ আমাৰ মাজত আছে। সাহিত্যৰ ক্ষেত্ৰত সৃজন আৰু পঠনেই শেষ কথা আৰু তাক লৈ কোনো চিন্তনৰ প্ৰয়োজন নাই বুলি থকা এটা ধাৰণাৰ বশৱৰ্তী হৈ “সমালোচকৰ কাম নাই” জাতীয় মন্তব্যও আমি নোপোৱা নহয়। কবিতা কেৱল মনৰ ভাৱ-প্ৰকাশ বুলি কৈ কবিতা সম্পৰ্কীয় যিকোনো স্তৰৰ আলোচনা বিলোচনাত বিধি পথালি দিয়াৰ প্ৰৱণতা যেনেকৈ আছে, তেনেকৈয়ে চিনেমা আমি কেৱল মনোৰঞ্জনৰ বাবে চাওঁ বুলি কৈ মনোৰঞ্জনধৰ্মী পপুলাৰ চিনেমা এখনৰ ভিত্তিতো যে এটা বৌদ্ধিক আলোচনা আগবাঢ়িব পাৰে তাৰ বাট বন্ধ কৰি থোৱা মানুহো আমাৰ মাজত বেছি। এনে পৰিবেশত গ্ৰন্থ প্ৰকাশন যে এটা বৌদ্ধিক বৃত্তি– সেইটোৰ প্ৰতিও মানুহৰ স্পষ্ট ধাৰণা নথকাটো আচৰিত নহয়।   

বিগত দুটা দশক অসমীয়া ভাষাত সাহিত্যচৰ্চা আৰু গ্ৰন্থ প্ৰকাশনৰ উদ্যোগৰ ৰেহৰূপৰ ক্ষেত্ৰতো এক পৰ্বান্তৰৰ সময়। বিগত শতিকাৰ শেষ দশকলৈকে শিল্পত ৰুচিবোধ থকা পাঠকে হামৰাও কাঢ়িবলগীয়া হৈছিল একোখন অসমীয়া আটকধুনীয়া সৰ্বাংগসুন্দৰ গ্ৰন্থৰ সন্ধান কৰি। কাগজ বেয়া, প্ৰিণ্টিং বেয়া, আৰু আটাইতকৈ বেয়া- বাইণ্ডিং। কিন্তু সেইবোৰৰ স্বত্বেও অসমীয়া পাঠকে কিতাপ একোখন তুলি লৈ শুঙি চাইছিল। গাৰুৰ কাষত কিতাপ ৰাখিছিল। কিতাপৰ ভাঁজত খেনোৱে প্ৰেমপত্ৰ লুকুৱাইছিল। লেখা ভাল-বেয়া অন্য প্ৰসংগ। কিতাপৰ ভাল-বেয়া, অন্য কথা। লেখা ভালেই কিতাপ ভাল বুলিও কোনো কথা নাই। বাহিৰৰ দুনীয়াখনৰ তুলনাত অলপ সময় লাগিল, কিন্তু অসমীয়া কিতাপৰ জগতখনলৈও এসময়ত ভাল দিন আহিল। এই ভাল দিন আহিল এই শতিকাৰ দ্বিতীয় দশকতহে। পৰিশীলিত লেখন (টাইপ ছেটিং), পৰিস্কাৰ মুদ্ৰণ, আটিল বান্ধোন আদিৰে সৈতে আজি অসমৰ গ্ৰন্থমেলাৰ বতৰত আমি দেখা পাওঁ দেধাৰ আটকধুনীয়া কিতাপৰ সমাহাৰ। লেটাৰ প্ৰেছ আৰু ডিজিটেলাইজেছনৰ মাজত চলা ৰণ আৰু বুজাপৰাৰ মাজেৰে আহি আজিৰ এই অৱস্থা সম্ভৱ হৈছেহি। ইয়াৰ ফলত প্ৰাপ্তি যিমান, ক্ষয়-ক্ষতিও তেনেকৈয়ে আছে। কোনোবাখিনিত এসময়ৰ অসমীয়া কিতাপৰ টু-কালাৰ ছপাব্যৱস্থাৰ মাজেৰে প্ৰতিভাত হোৱা নান্দনিকতা (এস্থেটিক্স) আহি ফ'ৰ-কালাৰ ছপাব্যৱস্থাৰ মাজেৰে প্ৰকট হোৱা কামবোৰত আমি নোপোৱা হ'লোঁ। অসমীয়া ভাষাৰ লিপি-পদ্ধতিৰ বৈচিত্ৰ্য হেৰাবলৈ ল'লে, আৰু তাক পুৰণ কৰিব পৰাকৈ অসমীয়া ডিজিটেল ফণ্ট-ৰ ভিন্নতা আজিও গা কৰি নুঠিল। তাৰ মাজতো উদ্যোগটো থমকি ৰোৱা নাই। আৰ্থিক লাভালাভৰ দিশৰ পৰা অসমীয়া ভাষাত গ্ৰন্থ-উদ্যোগটো আগতেও টনকীয়াল নাছিল, আজিও নহয়। সুদূৰ ভৱিষ্যতলৈকো সদ্গতিৰ (আক্ষৰিক অৰ্থত) আশা নাই। অন্যফালে, লেখাই লিখি আছে, প্ৰকাশ কৰাই কৰি আছে। পিছে সেই অনুপাতে পঢ়াই পঢ়ি আছে, কথা পতাই কথা পাতি আছে বুলি ক'ব পাৰোঁ নে? শই শই হাজাৰে হাজাৰে কিতাপ প্ৰকাশৰ পিছতো কিমান যে কি অভিযোগ- সাহিত্য-সমালোচক নাই, বিজ্ঞানৰ কিতাপ নাই, সমাজ-বিশ্লেষক নাই, ইতিহাস প্ৰণেতা নাই... মুঠতে কিমান কি নাই তাৰ হিচাপ নাই। তেনেহ'লে আছেটোনো কি? এইটো আন এটা গুৰুত্বপূৰ্ণ দিশ, পিছে আজিৰ মূল বিষয় এইটোও নহয়।

আজিৰ প্ৰশ্নটো হ’ল- প্ৰকাশকৰ সংজ্ঞা কি? "প্ৰকাশক" কাক বুলিম? প্ৰকাশকৰ দায়িত্ব আৰু ভূমিকালৈ চাই আমি ক’বলৈ বিচাৰিম যে প্ৰকাশক মানে Curator; প্ৰকাশক মানে Connoisseur; প্ৰকাশক মানে Archivist; প্ৰকাশক মানে Strategist; প্ৰকাশক মানে Researcher; প্ৰকাশক মানে Manager; প্ৰকাশক মানে Conceptual Guide; প্ৰকাশক মানে Investor; প্ৰকাশক মানে Producer, Promoter, 'Pro'Claimer... আৰু বহুত কিবাকিবি। লেখাখিনি হয়তো লেখকৰ, কিন্তু কিতাপ আকাৰে প্ৰকাশ হৈ ওলোৱাৰ পিছত কিতাপখন আচলতে প্ৰকাশকৰহে। এতিয়ালৈকে কৈ থকা কথাখিনিত যদি আপোনাৰ সন্মতি থাকে তেনেহ'লে আমি পৰৱৰ্তী কথাবাৰ্তালৈ আগবাঢ়িব পাৰোঁ।

স্বাভাৱিকতেই অসমত গ্ৰন্থ-প্ৰকাশন আৰু বিতৰনত বিৰাট উদ্যোগটোৰ ভিতৰতে নিম্ন-মধ্য-উচ্চ এনে বহুতৰপীয়া স্তৰ আছে। কোনোবা লিখকে লিজে লিখি নিজে প্ৰকাশ কৰিলে তেওঁ নিজেওতো প্ৰকাশকেই। আন কোনোবাই সেই লেখকৰ পাণ্ডুলিপিটো নি "প্ৰকাশ" কৰাই দিয়াজনো প্ৰকাশকেই। এতিয়া অলপ গমি চালেই বুজিবলৈ অসুবিধা নহ'ব যে প্ৰকাশক নিজেই হওক বা আনেই হওক, লব্ধ-প্ৰতিস্থিত, সদ্য-প্ৰতিস্থিত বা সমূলি এমেচাৰেই হওক, প্ৰকাশক প্ৰকাশকেই, আৰু প্ৰকাশক বুলিলেই সুস্পষ্ট ভাবে দুটা দিশ সাঙোৰ খাব। এটা দিশ কাৰিকৰী, আনটো বৌদ্ধিক। কাৰিকৰীটো এনে- য'ত প্ৰকাশকে পাণ্ডুলিপি সংগ্ৰহৰ পৰা আৰম্ভ কৰি ডিটিপি, প্ৰুফ, টাইপছেটিং, লে'আউট, ছপা এইবোৰৰ দায়িত্ব লৈ কিতাপ এখন উলিয়াই দিয়ে। আনটো দিশ- যিটো বৌদ্ধিক, সেইটো অন্তৰ্মূলীয়। যি লেখকৰ সৈতে কথা পাতি, সাক্ষাৎ কৰি, পাণ্ডুলিপিৰ পুণৰীক্ষণ কৰি আলোচনা বিলোচনাৰে কি ভাল হ'ব কি বেয়া হ'ব আদিবোৰ নিৰ্ধাৰণ কৰে। এই ক্ষেত্ৰত প্ৰকাশকজন এজন সম্পাদকো।

আমাৰ অভিজ্ঞতাই কয় যে, দু:খজনকভাবে, অসমৰ গ্ৰন্থ উদ্যোগত কেৱল প্ৰথমটো দিশত সাঙোৰ খাব পৰা প্ৰকাশকহে এই মুহূৰ্তলৈকে সক্ৰিয়। দ্বিতীয়টো দিশৰ ফালে চকু দিব পৰা প্ৰকাশকৰ সংখ্যা তেনেই নগণ্য। ইয়াতকৈ আৰু সহজকৈ বুজাবলৈ হ'লে ধৰক আপুনি লেখক মই প্ৰকাশক। এতিয়া মোৰ মনোবৃত্তি এনেকুৱা হ'ব যে আপোনাৰ পাণ্ডুলিপিটো লৈ মই ছপা কৰাই আপোনাৰ হাতত তুলি দিম। তাৰ আগৰ দায়িত্বও আপোনাৰ, তাৰ পাছৰ দায়িত্বও আপোনাৰ। এতিয়া আৰু অলপ সহজভাবে ক'বলৈ চেষ্টা কৰিম। এইবাৰ ধৰক মই লেখক, আপুনি প্ৰকাশক। হয় মই লেখাখিনি মোৰ ফালৰ পৰা নিজেই দিলোঁ, নহয় আপুনি বিচাৰিছিল বাবে দিলোঁ। আপুনি নি ছপালে। হয়, মই বুজিছোঁ, ছপোৱা মানে এটা বিৰাট কাৰবাৰ। কিন্তু আপুনিতো ছপোৱা নাই, আচলতে যি ছপায় সি হ'ল মুদ্ৰক। মুদ্ৰণ যন্ত্ৰৰে মুদ্ৰিত কৰিলে। তাৰ পিছত আপোনাৰ দায়িত্ব শেষ। কিতাপখিনি তাৰ পিছত ক'ৰবাত কাৰোবাৰ গুদামত পৰি থাকিল। তাত আপোনাৰ একো ক্ষতি নহয়। কাৰণ তাৰ বাবে গোটেই পইচাখিনি আপুনি মোৰ পৰা লৈ থৈছে। কথাখিনি অলপ ভাঙক এইবাৰ। লিখিলে কোনোবাই। প্ৰকাশৰ সিদ্ধান্ত ল'লে কোনোবাই। পইছা দিলে আন কোনোবাই। মুদ্ৰণ কৰিলে কোনোবাই মানে প্ৰিণ্টাৰ্চে। তাৰপিছত (হয়তোবা) বিতৰনো কৰিলে আন কোনোবাই। এতিয়া আপুনিয়ে কওকচোন, আপুনি কৰিলেটোনো কি? আপুনি যিটো কৰিলে সেইটো হ'ল (তাকে গোটেই প্ৰক্ৰিয়াটোৰ মাজৰ এটা অংশ মাত্ৰ) ক'-অৰ্ডিনেচন- সমন্বয় আৰু দালালী। আপুনি লেখকৰ লগত কেইঘণ্টা একেলগে বহি কথা পাতিছিল? প্ৰকাশিতব্য কিতাপখনৰ "টাৰ্গেট অ'ডিয়েন্স" কোন হ'ব, সেই সম্পৰ্কে আলোচনা হৈছিলনে? এই সময়ত (যদি সাহিত্যৰ কিতাপ হয়) সাহিত্যৰ যি ৰেহ ৰূপ চলি আছে তাৰ ভিত্তিত এটা ঐতিহাসিক প্ৰেক্ষাপটৰ পৰা আপোনালোকে কি কথা পাতিছিল? বাৰু ধৰি ল'লোঁ এইবোৰ বৌদ্ধিক কচৰৎ আপোনাৰ বাবে জৰুৰী নহয়। এতিয়া কওক, ৬৯ নম্বৰ পৃষ্ঠাৰ "অমুক" সমলটো যদি ১৩ নম্বৰ পৃষ্ঠালৈ লৈ অনা যায়, বা ১০৩ পৃষ্ঠালৈ লৈ যোৱা যায় তেতিয়া কি হ'ব পাৰে - এইখিনি কথা আপুনি লেখকৰ সৈতে এখন্তেক বহি পাতিছিলনে? যদি নাই পতা তেনেহ'লে তাৰ মনেটো হ'ল- বৌদ্ধিক স্তৰতো আপোনাৰ একো অৱদান নাই, কাৰিকৰী দিশতো আপোনাৰ একো ভূমিকা নাই। আপুনিয়ে আচলতে এই সময়ৰ প্ৰচলিত ধাৰণাৰ অসমীয়া প্ৰকাশক (যাৰ ক'তো একো ভূমিকা নাই)। ইয়াৰ ফলত হৈছে কি, বাঢ়িব লাগিছে এটা উৱাদিহ লোপোৱা লেখক আৰু পাঠকৰ প্ৰজন্ম। কেৱল সমালোচকেই লেখাৰ মান আৰু গতি-বিধি নিৰ্ণয় নকৰে। লেখকক বাট দেখুৱাই লৈ যোৱাজন আচলতে প্ৰকাশকহে।

হয়, কিতাপ এখন লেখকৰ হাতৰ পৰা আনি পাঠকৰ হাতে হাতে পাব পৰা কৰি দিয়াটোৱেই এজন "প্ৰকাশক"ৰ কৃত্বিত্ব। কিন্তু কেনেকৈ, কাৰ বাবে, কিয়, কেতিয়া… এই প্ৰাসংগিক প্ৰশ্নখিনি নিজে নিজকে সুধি নোচোৱা কাৰোবাক "প্ৰকাশক" আখ্যা দিয়াও উচিত নহয়। তথাপি এনেকৈয়ে চলি আছে গ্ৰন্থ উদ্যোগ। এনেকৈয়ে চলি আছে গ্ৰন্থমেলা। তথাপি অসমীয় মানুহে আজিও কিতাপ কিনি, কিতাপ শুঙি, (কিতাপ চুৰি কৰি), কিতাপ উপহাৰ দি, (কিতাপ পঢ়িবলৈ নি ঘূৰাই নিদি), কিতাপৰ কথা পাতি ভাল পায়। সেয়ে এই গ্ৰন্থমেলাৰ বতৰত সকলোলৈ শুভেচ্ছাৰে আজিলৈ সামৰিছোঁ।
      


সমুদ্র কাজল শইকীয়া 

পেখু পেখু (এক): কমল নয়ন আজু পেখলু মাই…

[প্ৰস্তাৱনা খণ্ড | দৈনিক অসম, দেওবৰীয়া চ'ৰা, ২২ অক্টোবৰ ২০১৭]

সৃষ্টিৰ জগতখন চিন্তাৰো জগত। সৃষ্টিশীল মানুহ মাত্ৰেই হয় বলিয়া নহয় আবেগিক বুলি প্ৰতিপন্ন কৰি থকা সমাজ এখনত এই কথাষাৰকে বুজাবলৈ কেতিয়াবা যুঁজিব লগা হয়। সৃষ্টি অৰু চিন্তাৰ জগতখনত “অৱস্থান গ্ৰহণ” আটাইকৈ জৰুৰী প্ৰসংগ সমূহৰ এটা। কোন সমল কোন অৱস্থানৰ পৰা নিৰীক্ষণ কৰি থকা হৈছে, অথবা কোন কথাষাৰ কোনটো অৱস্থানত ৰৈ কোৱা হৈছে তাৰ ভিত্তিতে তাৰ ন্যয্যতা, প্ৰাসংগিকতা আৰু অৰ্থ বা মানে নিৰ্ভৰ কৰে। এইটো কথাও সঁচা যে একে সময়তে আপুনি হয়তো কেইবাখনো যুঁজত অৱতীৰ্ণ হ’বলগীয়া হয়। যুদ্ধ অনুযায়ী ৰণনীতি নিৰ্ধাৰিত হয়। এখন যুদ্ধৰ ৰণনীতিয়ে আন এখন যুদ্ধত কেতিয়াবা সহায় কৰিব পাৰে, কিন্তু সময়ত সিয়ে অসুবিধাতো পেলাব। এইখিনি কথা যদি বুজিবলৈ অসুবিধা নহয় তেনেহ’লে আপুনি বুজি পাব আজি এটা অৱস্থানৰ পৰা কোৱা এষাৰ কথা, মই – মানে কওতা বিষয় জনে কাইলৈ হয়তো অন্য এখন যুদ্ধৰ পৰিপ্ৰেক্ষিতত বা অন্য এটা অৱস্থানৰ ভিত্তিত নাকচ কৰিবও পাৰোঁ। 

অসমৰ শিল্প, সাহিত্য আৰু সাংস্কৃতিক জগতখনৰ এটা বুনিয়াদী সমস্যা এয়েই যে ইয়াত সকলো ধৰণৰ চৰ্চায়েই সৰলৰৈখিক আৰু চিন্তা ভাবনাৰ দিশৰ পৰা জঠৰ। ইমানবোৰ বাৰেবৰণীয়া ভাষিক আৰু সাংস্কৃতিক গোষ্ঠী আৰু বৈচিত্ৰ্যৰ সমাহাৰ হোৱাৰ পিছতো, ভৌগলিক দিশতো ইমান তাৰতম্য লক্ষণীয় হোৱাৰ পিছতো, ইমানখিনি জটিল ৰাজনৈতিক ঘটনাৰ উত্থান পতনৰ মাজেৰে আগবাঢ়ি অহাৰ পিছতো অসমৰ সাংস্কৃতিক আৰু বৌদ্ধিক পৰিমণ্ডলত আৱৰ্তমান জঠৰতা আৰু একমুখীতা কেৱল ৰহস্যজনকেই নহয়, হতাশাজনকো। অসমীয়া কবিতা বা সৃজনীশীল লেখামেলাৰ জগতখনত যেনেকৈ একধৰণৰ নৈৰাশ্যৰ সুৰ শুনা যায়, নাটক আৰু চলচ্চিত্ৰ আদিৰ ক্ষেত্ৰতো এখোজ আগবাঢ়ি দুখোজ পিছুৱাই অহাৰ দৰে এটা অৱস্থা আমাৰ চকুত পৰে। এনে ক্ষেত্ৰত বিদ্যায়তনিক আৰু বৌদ্ধিক চৰ্চাৰ জগতখনত ৰৈ যোৱা আঁসোৱাহখিনি যে উপেক্ষণীয় নহয় সেয়া বুজিবলৈ কঠিণ নহয়।

এইখিনিতে এই কথাও সত্য যে সাধাৰণীকৰণেৰে কোনো ক্ষেত্ৰ বা সমল-বিশেষৰ সম্পৰ্কেই কথা পতা উচিত নহয়। উদাহৰণ স্বৰূপে অসমীয়া কবিতাৰ সাম্প্ৰতিক ৰেহ ৰূপ বুলি একেটা পাচিতে সকলো সমলক সামৰি থ’ব নোৱাৰি, থোৱা উচিতো নহয়। তথাপিও একো একোটা সময়ত একো একোটা সামগ্ৰিক চৰিত্ৰগত বৈশিষ্ট্যই আহি চকুত ধৰা দিয়েহি যাৰ আধাৰত আমি কিছু কথা পাতিব পাৰোঁ, আৰু সেইখিনি কৰা হৈ থাকে কোনোবা বাটেদি উৎকৰ্ষৰ সন্ধান পোৱা যায়েই বা – সেই হেঁপাহেৰে। একেবাৰে প্ৰাথমিক পৰ্যায়ত তাৰ বাবে যি প্ৰয়োজন – সেয়া হ’ল কথা পাতিব পৰা এটা পৰিবেশ। এটা সুস্থ বিতৰ্ক জন্ম দিব পৰা পৰিবেশ – বিৰোধিতা আৰু মতান্তৰৰ মাজেৰে এটা বাগধাৰক আগুৱাই লৈ যাবৰ মানসিকতা।

আৰম্ভণীতে উল্লেখ কৰা সমস্যাটোলৈ উভতি আহোঁ। এই বছৰতে মাৰ্চেল ডুচ্যঁৰ (Marcel Duchamp)  আটাইতকৈ বেছি চৰ্চিত “ফাউণ্টেইন, ২০১৭” নামৰ শিল্পকৰ্মটোৰ(?) এশ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে অসমীয়া “প্ৰকাশ” আলোচনীত ধাৰাবাহিক ভাবে এলানি লেখা আগবঢ়াই আহিছোঁ। ডুচ্যঁ নামৰ শিল্পীজনে মুত্ৰাগাৰ এটা বজাৰৰ পৰা কিনি আনি তাতে R. Mutt ছদ্মনামেৰে ছহী এটা কৰি কলাবীথিকাৰ ভিতৰত প্ৰদৰ্শন কৰিব খুজিছিল। এই কাৰবাৰটোৱে শিল্পকলাৰ জগতখনত শিল্পৰ চৰিত্ৰ, শিল্পীৰ ভূমিকা, নন্দনতত্ব আৰু শিল্পৰ ৰাজনীতি আদি সকলো দিশতে কথাবাৰ্তাত এনে জোকাৰণি তুলিলে যে তাৰ পিছৰে পৰা আজিকোপতি পৰিৱৰ্তিত শিল্পচৰ্চাৰ জগতখনত ইয়েই আটাইতকৈ বেছিকৈ উচ্চাৰিত কৰ্ম হৈ ৰ’ল। সি যি কি নহওক, ডুচ্যঁ আছিল কনচেপচুৱেল আৰ্ট বা প্ৰতীতি শিল্পৰ পূৰ্ৱসূৰী আৰু তেওঁ শিল্পক কেৱল এক চাক্ষুস অভিজ্ঞতাতে আৱদ্ধ কৰি ৰখাৰ বিৰোধিতা কৰি ইয়াক এক চিন্তন আৰু মননৰ এক চৰ্চা হিচাপে গঢ়ি তুলিবলৈ বিচাৰিছিল। আমি আৰম্ভণীতে কৈ অহাৰ দৰে এইখিনিতে অসমীয়া ভাষাত কলা সমালোচনা লিখিবৰ বেলিকা দুই ধৰণেৰে যুঁজিবলগীয়া হয়। এটা স্তৰত অসমৰ অগণন অগ্ৰণী শিল্পীবৃন্দ আৰু তেওঁলোকৰ অৱদানৰ প্ৰতি সন্মান জনায়ো  আমি মানি ল’বলৈ বাধ্য যে অসমত আজিলৈকে দৃশ্যশিল্পৰ চৰ্চাৰ উপযুক্ত পৰিবেশ এটাই গঢ় লৈ নুঠিল। কেৱল ব্যৱহাৰিক চৰ্চায়েই নহয়, কলা সম্পৰ্কীয় কথাবতৰাৰ পৰিবেশ এটাও ইয়াত সুচল নহয়। আমি শব্দক যিমান গুৰুত্ব দিওঁ, দৃশ্যক সিমান নিদিওঁ। নাটকো আমাৰ বাবে সাহিত্য – শব্দৰ খেল। নাটক যে আচলতে চকুৰে চাবলগীয়া, চাই আৰু কৰি অভিজ্ঞতা লাভ কৰিবলগীয়া কিবা এটাহে সেইটো পাহৰণিতে থাকে। সামান্য পঢ়া শুনা কৰা মানুহ মাত্ৰেই অসমীয়া মূধাফুটা কবি সকলৰ নাম জানিবই, কিন্তু এজনমানো চিত্ৰকৰ বা ভাস্কৰৰ নাম জানিব বুলি আশা কৰিব নোৱাৰোঁ। চিনেমা বুলিলেও ইয়াত কেৱল সাহিত্য-আশ্ৰিত কাহিনীটোকেই বুজা হয়। কাহিনীটো কেনেকুৱা, বা সংলাপৰ মাজেৰে কেনে ধৰণৰ মেছেজ দিবলৈ চেষ্টা কৰা হৈছে তাৰ আধাৰতে চিনেমা-শিল্পক বুজিবৰ চেষ্টা কৰা হৈ থাকে। এনে এটা পৰিস্থিতিত আমি বাৰে বাৰে দঢ়াই দঢ়াই মনত পেলাই থাকিবলগীয়া হৈ থাকে চাক্ষুস অভিজ্ঞতাৰ গুৰুত্ব কোনখিনিত। শিশু এটাই শব্দ এটা ক’বলৈ আৰম্ভ কৰাৰ বহু আগেয়েই যে শিকে চকুৰে চাবলৈ আৰু চাই চিনি পাবলৈ – সেই আপ্তবাক্যষাৰকে সাৰোগত কৰি আমি কথা ক’বলৈ চেষ্টা কৰি থাকোঁ।


চকুৰে চোৱা, চাই উপলব্ধি কৰা, বস্তুৰ দৃশ্যগত ৰূপ, দৃষ্টিলব্ধ আবেদন আদিবোৰৰ পৰা এঢাপ ওপৰলৈ গৈ প্ৰতীতি শিল্পই এই কথা প্ৰতিপন্ন কৰিবলৈ আৰম্ভ কৰিলে যে এই দৃশ্যৰূপ নিৰ্মাণেই শিল্পীৰ শেষ দায়িত্ব নহয়, বৰঞ্চ এটা বৌদ্ধিক প্ৰশ্ন জাগ্ৰত কৰিব পৰাটোহে শিল্পৰ উদ্দেশ্য। আমি এইখিনি কথা কেতিয়া পাতিম? সেয়েহে কৈছিলোঁ যে একে সময়তে হয়তো আমি কেইবাখনো যুদ্ধত অৱতীৰ্ণ হৈ থাকিবলগীয়া হয় আৰু সেই যুঁজবোৰ কেতিয়াবা পৰস্পৰ-বিৰোধী যেন লগাটোও অস্বাভাৱিক নহয়। আমি হয়তো নিখুঁতকৈ (চকুৰে দেখা হুবহু ৰূপত) প্ৰতিকৃতি এখন বা নিসৰ্গ দৃশ্য এটাকে আঁকিবলৈ শিকা নাই। তাতোকৈ ডাঙৰ কথা, ছবি অঁকাটোনো কিয় জৰুৰী সেইটোও বুজি উঠা নাই। তেনে ক্ষেত্ৰত শিল্পৰ ইতিহাসত যুগৰ পিছত যুগ অতিক্ৰম কৰি অহা চিন্তা-চৰ্চা সমূহৰ কথা পাতিবৰ সাহস কৰিম নে? আকৌ আগতে কৈ অহাৰ দৰে, এইখিনিতো মনলৈ আনিব লাগিব যে সাধাৰণীকৰণ কৰি কথা পতা উচিত নহয়। যি সময়ত এহাতে উন্নত মানৰ কলা বীথিকা নাই, মানুহৰ নিয়মীয়াকৈ ছবি চোৱাৰ অভ্যাস নাই আদিবোৰ কথা পাতি আছোঁ, সেই সময়তে আনফালে হয়তো দৃশ্যগত আন আন মাধ্যম সমূহত সমসাময়িক চিন্তা চৰ্চায়ো আমাৰ এই একেখন সমাজতে ভূমুকি মাৰিছেহি।

এটা সময়ত মাধ্যমগত বা ক্ষেত্ৰগত বৈশিষ্ট্যসমূহ একাকাৰ হৈ যায়। উদাহৰণ স্বৰূপে চিত্ৰকৰ আৰু দ্ৰষ্টাৰ পাৰস্পৰিক সম্পৰ্কটোৰ কথা যদি পাতিবলৈ যাওঁ, সেই একেখিনি কথাকে এজন কবি আৰি কবিতাৰ পাঠকৰ সম্পৰ্কে পাতিবলৈ যাওতে অসুবিধা ক’ত? তেনেকৈয়ে, দায়বদ্ধতা, সততা আদিৰ সৈতে সাঙোৰ খাই থকা বিষয়খিনিও নট্যকৰ্মী এজন, বা সাংবাদিক এজন, বা গায়ক এজনৰ ক্ষেত্ৰত একেধৰণেৰেই প্ৰযোজ্য হ’ব পাৰে। এইখিনি কথা যদি বুজি পাওঁ তেনেহ’লে মাল্টিডিছিপ্লিনেৰী চিন্তা চৰ্চাৰ বাটত আমাৰ কোনো জঠৰতা থাকিব নালাগে।

এইলানি লেখাত আমি সাহিত্য, শিল্পকলা, কৃষ্টি আৰু বিদ্যায়তনিক ক্ষেত্ৰৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিম। এইলানি আলোচনাৰ এটা আধাৰ হ’ল সাধাৰণ জনমানসত চলি থকা কিছুমান ধাৰণাৰ আঁৰত লুকাই থকা বৈকল্পিক সত্যাসত্যৰ উন্মোচন কৰা। জনমানসত চলি থকা বুলি কওতেই এটা অসুবিধা ৰৈ গৈছে যে কথাখিনি সাধাৰণীকৰণ কৰাৰ লেখীয়া হ’ব নেকি? এই সম্ভাৱ্য বিপদৰ কথা জানিও কথাখিনি পতাটো যে জৰুৰী সেই কথাৰ গুৰুত্বটো উপলব্ধি কৰিয়েই আগবাঢ়িছোঁ। বৈকল্পিক সত্যাসত্য বুলি নো কি বুজাব খোজা হৈছে? দুটামান উদাহৰণ থাউকতে দি থওঁ। শিল্প সাহিত্যৰ কথা পাতোতেই একধৰণৰ ‘সত্যৰ অনুসন্ধান’ বা ‘পৰম সত্য’ৰ কথা কোৱা হৈ থাকে। কিন্তু কি এই সত্য? ভিন্ন স্কুল অফ থট বা মতাদৰ্শৰ ভিন্নতাৰ লগে লগে এই সত্যৰ ধাৰণাও সলনি হয় বা তাৰ ব্যাখ্যাৰো ৰূপান্তৰ ঘটে। নানা মুণিৰ নানা মতৰ দৰে ব্যক্তি বিশেষে ধাৰণা ভিন্ন হোৱাৰ কথাটো নক’লোৱেই বা। যদি সেয়ে হয়, তেনেহ’লে এই ‘পৰম সত্য’ৰ ধাৰণাটো ক’ৰ পৰা আহিল? এইখিনি কথা আমি হয়তো ভাবি চোৱা নাই। সততে শুনা যায় যে লেখকৰ সামাজিক দায়বদ্ধতা থাকিব লাগে, লেখাত মাটিৰ গোন্ধ থাকিব লাগে। নি:সন্দেহে শলাগনীয় কথা। কিন্তু এই কথাষাৰৰ অত্যাধিক চৰ্বিত চৰণে যে অতি সম্প্ৰতি অসমীয়াত লেখা মেলাক উজ্জীৱিত কৰাৰ সলনি কোনোবাখিনিত সংকুচিত কৰিহে ৰাখিছে সেই কথা আমাৰ চকুত নপৰাকৈ থকা নাই। একে সময়তে কোনোবাই যদি আমাৰ ওলোটাই বাট আগচি ধৰে – লেখকৰ যে সমাজৰ প্ৰতি দায়বদ্ধতা থাকিব লাগে এজন নাপিতৰ, এজন কৃষকৰ, এজন শিক্ষকৰ, এজন দিন হাজিৰা কৰা মানুহৰ থাকিব নেলাগে নেকি? তেতিয়া আমি কি ক’ম? এয়া যৎসামান্য উদাহৰণহে মাত্ৰ। মূল কথা হ’ল, আমি বাৰে বাৰে উপলব্ধি কৰা কথাটো হ’ল যে পাতিবলগীয়া কথাখিনি নাপাতি আমি যেন মূল কথাখিনিৰ পৰা ফালৰি কাটি আহি অন্য কথা কিছুমান কথাহে পাতি থাকোঁ যিখিনি কথাই আমাৰ চিন্তন বা মনন – কোনোটো দিশলৈকে কোনো অৰিহনা নোযোগায়। সেয়েহে, আমি কি কথা পতা উচিত, আৰু পাতি আছোঁ কি - এই প্ৰশ্নটোৰ আঁত ধৰিয়েই এই লানি লেখাৰ সূত্ৰপাত।

অসমীয়া ভাষাত শিল্প, সাহিত্য বা সাংস্কৃতিক দিশত উপযুক্ত সহায়ক পুথিৰ অভাৱৰ অভিযোগটো বৰকৈ শুনা যায়। এইখিনিটো “স্ৰষ্টা” আৰু “দ্ৰষ্টা” দুয়োটা কথাই গুৰুত্বপূৰ্ণ। ছবি এখন কেনেকৈ আঁকিব লাগে, কবিতা এটা কেনেকৈ লিখিব লাগে, চিনেমা এখন কেনেকৈ কৰিব লাগে তাৰ বাবে যে আমাৰ ভাষাত মান্য সহায়ক গ্ৰন্থ নাই সেইটোতো এটা সমস্যা হয়েই, কিন্তু কেনেকৈ চাব পাৰি, কেনেকৈ পঢ়িব পাৰি আৰু কেনেকৈ উপভোগ কৰিব পাৰি সেই দিশতো আমাৰ দিক-প্ৰদৰ্শক আলোচনাৰ যে অভাব – এইটো কথা আৰু বেছি গুৰুতৰ। এই অভিযোগখিনি বহুকাল ধৰি শুনি আহিছোঁ আৰু দেশৰ বিভিন্ন ঠাইত বিভিন্ন কৰ্মশালাৰ সৈতে জড়িত হৈ বুজি পাইছোঁ যে কেৱল অসমৰ ক্ষেত্ৰতেই নহয়, সমগ্ৰ দেশৰ ক্ষেত্ৰতেই প্ৰাথমিক সমস্যাখিনি আচলতে একেই। সেয়েহে উজুকৈ বুজিবলৈ হ’লে, এইলানি আলোচনা আৰ্ট এপ্ৰিচিয়েচন বা শিল্পকলাৰ ৰসাস্বাদন সম্পৰ্কীয় প্ৰাথমিক সমল হৈ উঠিব পাৰে বুলিও আশা কৰিব পাৰোঁ।     

মাধৱদেৱৰ “ভোজন বাহাৰ” নাটত শিশু কৃষ্ণই গোপশিশু সকলক বনভোজলৈ লৈ গৈ বিভিন্ন মায়াবী দৃশ্য দেখুৱাই কয় – পেখু পেখু। চোৱাঁ চোৱাঁ। সেই দৃশ্য চাবলৈ যাওতেই দুষ্ট কৃষ্ণই গোপশিশুৰ ভাগৰ আহাৰ চুৰ কৰি খায়। কোনে কাক কি কেনেকৈ ক’ত কিয় কেতিয়া চাবলৈ কৈছে সেইটো এটা জটিল অংক। 'কেৱল চাইহে আছোঁ' বুলি কোৱাটোও এটা জটিল ৰাজনৈতিক কাৰবাৰ। 'এনেয়ে চোৱা' বুলি একো নাই। 'চকুৰ পচাৰতে চোৱা' আৰু 'ৰ লাগি চোৱা' যেনেকৈ দুটা কথা, 'চাই চাই হেঁপাহ নপলোৱা' বা 'নয়ন ভৰি চোৱা' আৰু 'চকুপাৰি দেখিব মন নোযোৱা'ও দুটা বেলেগ কথা। 'বাট চাই ৰোৱা'টো আন এটা কথা, 'ৰ চাই ল’ম' বা 'ৰ চাইহে আছোঁ' বোলাটো আকৌ আন এটা কথা। কথা পতাটো জৰুৰী বাবেই আমি কথা পাতিম। কিন্তু কথা পতাৰ আগে পিছে 'চাই-চিতি লোৱা'টোও সমানেই জৰুৰী। পেখু পেখু।  



সমুদ্র কাজল শইকীয়া 

এটা পেচাবখানাৰ এশ বছৰ (চাৰি): মাৰ্চেল ডুচ্যঁ আৰু 'পাৰফৰমেন্স আৰ্ট'ৰ গুৰি কথা

পাৰফৰমেন্স আৰ্ট আৰু আমাৰ গৱেষণাৰ কিছু সূত্ৰ
দবাখেলৰ সৈতে মাৰ্চেল ডুচ্যঁ আৰু চালভাদোৰ ডালি

দিল্লী নিবাসী কাশ্মীৰৰ শিল্পী ইন্দৰ চেলিমে কিয় যমুনা নদীৰ পাৰত বাওঁহাতৰ আঙুলি এটা কাটি পেলাই দিছিল? জাৰ্মানীৰ পেত্ৰ পাভলেনস্কী নামৰ শিল্পীজনে ৰাজপথত নিজৰ ইচ্ছাৰে নিজৰেই অণ্ডকোষত গজাল মাৰি অসহনীয় যন্ত্ৰণাকো কিয় আঁকোৱালি লৈছিল? মাৰিণা আব্ৰাম'ভিকে কি সাহসত কিয় দৰ্শক সকলক নিজৰ খুচিমতে নিজৰেই আপুৰুগীয়া শৰীৰটোৰ ওপৰত অত্যাচাৰ কৰিবলৈ এৰি দিব পাৰিছিল? য়ুক' অ'ন'ই এঠাইত নিগাজীকৈ বহি লৈ সমাগত ৰাইজক কেনেকৈ ক'ব পাৰিছিল কেঁচি এখনেৰে দেহৰ কাপোৰবোৰ টুকুৰা-টুকুৰকৈ কাটি পেলাবলৈ? শব্দশিল্পৰে সামাজিক স্তৰত জনপ্ৰিয় হৈ উঠাৰ পিছতো কিয় সৌৰভ কুমাৰ চলিহা নামৰ চৰিত্ৰটোৱে বাস্তৱ ক্ষেত্ৰত লোকচক্ষুৰ আঁৰত থাকিব খুজিছিল? কেইদিনমান আগতে নগাঁৱত এটা প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ কেইগৰাকীমান মহিলাই চুলি কিয় খুৰাইছিল? মণিপুৰৰ ইৰম শৰ্মিলাই নিজৰ শৰীৰটোক কষ্ট দি ষোল বছৰ ধৰি একো নোখোৱাকৈ কিয় আছিল? ভূপেন হাজৰিকাই গোটেই জীৱন ধৰি সেই বিশেষ টুপীতো কিয় পৰিধান কৰিছিল? আঠুমূৰত চুৰীয়াখন পিন্ধি মহাত্মা গান্ধীয়ে কিয় পদযাত্ৰা কৰিছিল? যুক্তি-তক্কো-গপ্পো-ৰ সময়ত ঋত্বিক ঘটকে কেমেৰাৰ ওপৰতে সুৰা ঢালি দিবলৈ কেনেকৈ সাহস কৰিছিল?  হংকঙলৈ যদি যাবলগীয়াই আছিল তুষাৰ যোগ নামৰ শিল্পীজনে মুম্বাইৰ পৰা তেওঁৰ বিশেষভাবে নিৰ্মিত মটৰবাইকখনেৰে ইমান দীঘলীয়া পথ অতিক্ৰম কৰি যাবলগীয়া কিয় হৈছিল? কৰ্ণাটকৰ কৃষকে দিল্লীলৈ আহি প্ৰতিবাদ কৰিবৰ সময়ত মুখত মৰা এন্দুৰ আৰু ঘাঁহ আদি কিয় তুলি ল'বলগীয়া হৈছিল? গান নাগাওঁ বুলি জুবিন গাৰ্গে কিয় মঞ্চতে হাতৰ মাইক্ৰ'ফ'নটো দলিয়াই দিছিল?

শিল্পৰ জগতত বহুখিনি কথাই মত অমত, বাদ বিবাদৰ মাজেৰে অমীমাংসিত হৈয়ো সময়ৰ হাত ধৰি আগুৱাই গৈ থাকে। আনহে নালাগে শিল্পৰ উদ্দেশ্য কি, ইয়াৰ সৃজন-প্ৰক্ৰিয়াৰ ৰহস্য কি, শিল্প কি আৰু কাৰ বাবে এনেবোৰ প্ৰাথমিক বা বুনিয়াদী প্ৰশ্নৰো কোনো স্থায়ী সমাধান নাই। তেনে ক্ষেত্ৰত প্ৰায় এশ বছৰ ধৰি চলি থকা এটা অন্য ধৰণৰ শিল্প অভ্যাস- যাক লৈ বাক-বিতণ্ডাৰ কোনো অন্ত নাই, যাক শিল্প হিচাপে গণ্য কৰা হ'ব নে নাই তাৰো কোনো সৰ্বসন্মতিসাপেক্ষ ভাৰসা নাই- তাৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ ওলাইছোঁ। আগৰ খণ্ডৰ লেখাত যেনেকৈ মাৰ্চেল ডুচ্যঁৰ মূত্ৰাগাৰৰ কামটোৰ আঁত ধৰি প্ৰতিষ্ঠাপন কলাৰ ইতিকথা আগবঢ়াইছিলোঁ, তেনেকৈয়ে এইবাৰ আমি কথা পাতিম পাৰফৰমেন্স আৰ্ট নামৰ বিশেষ অভ্যাসটিৰ সম্পৰ্কে, আৰু কেনেকৈ ইয়াৰ অভ্যাস আৰু ইয়াক কেন্দ্ৰ কৰি চলতি বাগধাৰাত ডুচ্যঁৰ নামটো বাৰে বাৰে সাঙোৰ খাই পৰেহি তালৈ এবাৰ চকু দিম।

কি নাম দি মাতিম?

গোলাপক যি নামেৰেই নামতোঁ কিয় তাৰ সুগন্ধয়েই দিব তাৰ পৰিচয় বোলা শ্বেইক্সপীয়েৰৰ কথাষাৰ সকলো সময়তে সমৰ্থন কৰিব নোৱাৰি। কাৰণ নামকৰণেই কেতিয়াবা বস্তু একোটাৰ সামগ্ৰিক পৰিচয়ৰ সম্ভেদ আনে, আৰু সেই নামকৰণৰ ভিত্তিতেই চাৰিত্ৰিক বৈশিষ্ট্য সম্পৰ্কেও আমি কথা পাতোঁ। কোনোবাই কোনোবা এটা মুহূৰ্তত ডায়েৰীৰ পাতত মনৰ ভাব বুলি বাক্য দুশাৰী হয়তো লিখি থ'লে। তাক মনৰ ভাব বুলি কওঁতে তাৰ প্ৰতি আমাৰ যি প্ৰতিক্ৰিয়া হ'ব, সেই একেখিনি সমলকে কবিতা নাম দি আলোচনী এখনত প্ৰকাশ কৰিলে তাৰ প্ৰতিও আমাৰ প্ৰতিক্ৰিয়া একেই থাকিব জানো? সি যি কি নহওক, পাৰফৰমেন্স আৰ্ট বোলা এই অভ্যাসটোৰ নামটোনো কিয় পাৰফৰমেন্স আৰ্ট হ'ল সি এক বিৰাট ৰহস্য আৰু এই নামকৰণৰ ফলতেই ইয়াক ঘেৰি থাকিল বহুতখিনি কৌতুহলে। সেইকাৰণেই আমি ইয়াক অসমীয়ালৈ অনুবাদ কৰিবৰ চেষ্টা নকৰোঁ, এই আলোচনাতো নাই কৰা। সদ্যহতে ইয়াক এটা প্ৰ'পাৰ নাউন বা বিশেষ্য বুলিয়ে ব্যৱহাৰ কৰি থকাই ভাল হ'ব। এটা সময়লৈকে আন বহুতৰ দৰেই আমিও ইয়াক পৰিৱেশন কলা বুলি ক'বলৈ লৈছিলোঁ, কিন্তু সেয়া কৰিলে ইতিমধ্যে ইংৰাজী নামকৰণৰ আঁৰত ৰৈ যোৱা আসোঁৱাহখিনিকে আকৌ এবাৰ বঢ়াই লোৱাহে হয়। ইংৰাজীত Performance শব্দটোৰ যিমানখিনি অৰ্থ আছে, সেইবোৰৰ এটাৰ সৈতেও আচলতে Performance Art- নামৰ এই বস্তুবিধৰ বিশেষ ৰাহি-যোৰা নাহে। বৰঞ্চ বহুসময়ত সেইবোৰৰ বিৰুদ্ধাচৰণ কৰাটোহে ইয়াৰ চখ। ইংৰাজীতো "Performance Art" এই নামটো এটা নামভ্ৰান্তি (Misnomer)। শব্দযুগলৰ অসমীয়াকৰণ কৰিলেও বিভ্ৰান্তি একেখিনিয়েই ৰৈ যাব। এচাম শিল্পী আছে যিয়ে কিছুমান এনে আচৰণ কৰে যিবোৰ সাধাৰণ দৃষ্টিত উদ্ভট, আচহুৱা, বিচিত্ৰ যেন লাগে। সাধাৰণভাবে সেয়া কেতিয়াবা বলিয়ালি অথবা একান্তই অপ্ৰাসংগিক যেনো লাগিব পাৰে। কিন্তু সেই আচৰণৰ মাজেৰেই শিল্পীয়ে কিবা এটা মন্তব্য বা বক্তব্য সাব্যস্ত কৰিবলৈ বিচাৰে আৰু সেয়েই হৈ উঠে শিল্পকৰ্ম। অত্যন্ত সৰল ভাবে বুজিবলৈ হ'লে পাৰফৰমেন্স আৰ্ট এয়েই। এতিয়া Performance শব্দটো কিয় নাম-বিভ্ৰাট? কাৰণ ই বুজাব পৰা বহুখিনি কথাৰ মাজৰ পৰা ইয়াৰ অভিনয়, প্ৰদৰ্শন, প্ৰমোদানুষ্ঠানৰ দিশটোলৈকেহে সততে মন টানে। পাৰফৰমেন্স শব্দটোৰ লগতে আৰ্ট শব্দটো যুক্ত হোৱাৰ ফলত গণ্ডগোলখিনি বেছিকৈ বাঢ়িল। বহলাই চালে পাৰফৰমেন্স শব্দটোৰ অৰ্থখিনি এনে - কর্মক্ষমতা,
অভিনয়, সম্পাদন, অনুষ্ঠান, সাধন, সম্পাদিত কার্য, অৱদান, প্রতিপাদন, নিষ্পাদন, কাৰ্যত পৰিণত কৰা, কৃতি,
ক্রিয়া, কার্যোদ্ধাৰ, ক্রীড়াকৌশল প্রদর্শন, প্রমোদানুষ্ঠান আদি। 'পৰিৱেশন' শব্দটোৱে এই আটাইখিনি সাঙুৰি নলয়। "পৰিৱেশন কলা" নাম দিলে অসুবিধা এইখিনিতেই হয় যে এইবিধ কলাৰ চৰ্চাত শিল্পীয়ে কিবা এটা পৰিৱেশন হয়তো কৰে, কিন্তু সদায়ে তেনে হ'ব বুলি কোনো কথা নাথাকে। বৰঞ্চ এজন পৰিৱেশন শিল্পীয়ে "মই একো পৰিৱেশন নকৰোঁ" বুলি লোৱা এটা সিদ্ধান্তহে পৰিৱেশন কলাৰ চৰিত্ৰটো বেছিকৈ সোমাই থকাৰ সম্ভাৱনা থাকিব পাৰে।
 
খ্ৰিছ বাৰ্ডেনৰ ১৯৭১ চনৰ পাৰফৰমেন্স আৰ্ট "শ্বুট"
পৰিৱেশন কলা বনাম প্ৰতিপাদন কলা

আকৌ এবাৰ ইংৰাজী নামটোলৈ মন কৰক। প্ৰথমেই স্পষ্ট হৈ লোৱা ভাল যে Performing Art আৰু Performance Art দুটা সমূলি পৃথক বস্তু। Performing আৰু Performance- এই সামান্য যেন লগা সালসলনিতে আছে বিস্তৰ প্ৰভেদ। Performing Art বুলিলে ই সাঙুৰি ল'ব নৃত্য, গীত, নাটক, পুতলা-নাচ, ওজাপালি আদিকে ধৰি সকলোবোৰ সাংস্কৃতিক উপাদান য'ত পৰিৱেশকৰ পক্ষই দৰ্শকৰ সন্মুখত (আৰু লগতে দৰ্শকৰ বাবে?) কিবা এটা পৰিৱেশন কৰে। ইয়াত গুৰুত্বপূৰ্ণ দিশবোৰ হ'ল- দৰ্শকৰ উপস্থিতি আৰু এটা নিৰ্দিষ্ট স্থান-কাল সাপেক্ষে ইয়াৰ জীৱন্ত (Live) ৰূপটো। দৰ্শকৰ বাবেহে অভিনয়। শ্ৰোতাৰ বাবেহে গান। দৰ্শক নথকাকৈ শূন্য প্ৰেক্ষাগৃহত নাটক এখন মঞ্চস্থ হ'লেও তাক নাটকখন 'ঘটিছিল' বুলি কোনেও নকয়। ইয়াত পৰিৱেশক পক্ষ 'উপভোক্তা' পক্ষৰ প্ৰতি এনেকৈ দায়বদ্ধতাৰে সাঙোৰ খাই থাকে যে পৰিৱেশকে দৰ্শকক সন্তুষ্ট কৰিবই লাগিব। মনোৰঞ্জন নাপালে দৰ্শকে টিকট কটি নাটক এখন চাবই বা কিয়? লগতে আনটো গুৰুত্বপূৰ্ণ দিশ হ'ল ইয়াৰ প্ৰস্তুতিপৰ্বৰ কথাখিনি। নাটক এখন মাহৰ পিছত মাহ জোৰা আখৰাৰ পিছতহে সম্ভৱ হৈ উঠে। এটা লিখিত পাণ্ডুলিপি, পৰিচালক-কলানিৰ্দেশক আৰু অন্যান্য কলাকুশলীৰ সহযোগত গঢ়ি উঠা পৰিকল্পনাৰ শেষতহে সি সম্ভৱ হৈ উঠে। গীত আৰু সংগীতৰ ক্ষেত্ৰতো একে কথা। লিখিত ৰূপত এক গীতিসাহিত্য, তাৰ স্বৰলিপি সকলোৰে পিছতহে পৰিৱেশনটো সম্ভৱপৰ হৈ উঠে।  পৰিৱেশন কলাও স্থানু নহয়, ক্ষণভংগুৰ। নাটক এখন শেষ হৈ যায়। গান এটা শেষ হৈ যায়। কিন্তু তৎস্বত্বেও, গান এটা বা নাটক এখন শেহত গৈ এটা উৎপাদ বা 'প্ৰ'ডাক্ট'। বাণীবদ্ধ হৈ গীত এটি এলবাম হয়গৈ।

কিন্তু পাৰফৰমেন্স কলাৰ ক্ষেত্ৰত কথাখিনি অলপ বেলেগ। শিল্পীজন সেই অৰ্থত দৰ্শকৰ ওচৰত দায়বদ্ধ নহ'বও পাৰে। ইয়াত দৰ্শকক মনোৰঞ্জন দিয়াৰ কোনো বাধ্যবাধকতা নাই। দৰ্শকৰ উপস্থিতিতেই ই উপস্থাপিত হ'ব বুলিও কোনো কথা নাই। এনে বহু উদাহৰণ অছে য'ত কোনোবা নিৰ্জন প্ৰান্তত বা বন্ধ কোঠাত হয়তো ই সংঘটিত হৈ আছে- যাৰ কোনো দৰ্শক নাই। ১৯৭১ চনত খ্ৰিছ বাৰ্ডেন (Chris Burden) নামৰ শিল্পীজনে সহকাৰী এজনক ষোল ফুটমান দূৰত্বৰ পৰা পইণ্ট ২২ ৰাইফল এটাৰে গুলি কৰিবলৈ নিৰ্দেশ দিছিল আৰু বাহুত গুলিবিদ্ধ হৈছিল। সেইটোৱে আছিল তেওঁৰ পাৰফৰমেন্স আৰ্ট আৰু ই সংঘটিত হৈছিল এটা বন্ধ ঘৰত। দৰ্শক নাছিল, যদি আছিল, সেয়া হ'ল দৰ্শকৰ ৰূপত এটা কেমেৰা। ইয়াত কোনো স্ক্ৰিপ্ট নাই। পৰিকল্পনা (সেই অৰ্থত) নাই। খচৰা নাই। আখৰা নাই। ইয়াৰ পৰিণতি কি হ'ব সেয়া পূৰ্ৱনিৰ্ধাৰিত নহয়। অলপমান ইফাল সিফাল হৈ গুলিটো বুকুত লগাহ'লেই হয়তো খ্ৰিছ বাৰ্ডেনৰ মৃত্যুও ঘটিলেহেতেন।

পৰিৱেশনধৰ্মী কলাৰ ক্ষণভংগুৰ চৰিত্ৰটো, বা ক্ষণস্থায়ী চৰিত্ৰটো পাৰফৰমেন্স আৰ্টৰ বাবেও গুৰুত্বপূৰ্ণ। কিন্তু পাৰফৰমেন্স আৰ্ট এটা 'প্ৰ'ডাক্ট' হৈ উঠিব নোৱাৰে। বা বহুক্ষেত্ৰত অন্তত: ইয়াৰ বিৰোধিতা কৰিবলৈ চেষ্টা কৰে। নাটক এখন যেনেকৈ বাৰে বাৰে কৰি কৰি সেই অভিজ্ঞতাৰ আধাৰত তাৰ পৰিমাৰ্জনা কৰি কৰি এটা সম্পূৰ্ণ ৰূপ কালক্ৰমত গ্ৰহণ কৰেগৈ, তেনেকৈ বাৰে বাৰে কৰিব পৰাৰ বাট পাৰফৰমেন্স আৰ্টত নাই। পাৰমৰমেন্স আৰ্ট বহু ক্ষেত্ৰতে এবাৰ যিটো ঘটিল সি ঘটিল। তাক আৰু দুনাই কৰিবৰ উপায় নাই।

মন কৰিব যে এই গোটেইখিনি কথাই বিতৰ্কৰ সূত্ৰপাত কৰিব পাৰে। কিয়নো, পাৰফৰমেন্স আৰ্ট বুলি কোনো একক ধাৰা বা ঘৰাণা বা পদ্ধতি নাই। শিল্পীৰ মনোবৃত্তি আৰু মতাদৰ্শ বিশেষে আৰু শিল্পৰ স্থান-কাল বিশেষে ভিন্ন মতেৰে ইয়াৰ উপস্থিতি দেখা যায়। ওপৰৰ চৰিত্ৰখিনি উল্লেখ কৰিবলগা হ'ল পাৰফৰমেন্স শব্দটোক পৰিৱেশন শব্দটোৰ সৈতে সনাপোটোকা কৰি খেলিমেলিৰ সৃষ্টি যাতে কৰা নহয় তাৰ বাবে। এইখিনিৰ সৈতে জড়িত বিতৰ্কৰ সবিশেষ আমি অন্যত্ৰ বহলাই আলোচনা কৰিম। 

আমোদ প্ৰমোদ দিব পৰাকৈ, অথবা দৰ্শকক সন্তুষ্ট কৰিব পৰাকৈ একো "পৰিৱেশন" নকৰিলেও "পাৰফৰমেন্স আৰ্টে" যিটো কৰে- এটা ক্ৰিয়া সংঘটিত কৰে। কোনোবাখিনিত কিবা এটা উদ্দেশ্য সিদ্ধ কৰে। সেয়েহে Happening (ঘটনা ঘটি থকা), Action Art (ক্ৰিয়া আৰ্ট?), Body art (শৰীৰ শিল্প?) আদি বিভিন্ন নামৰ মাজেৰে আহি আজিৰ পাৰফৰমেন্স আৰ্ট শব্দটো আমি পালোঁহি। সেইফালৰ পৰা Performance Art-ৰ অসমীয়াকৰণ কৰিবলৈ গ'লেও আমি অন্যধৰণেৰেহে তাক বিচাৰ কৰি চোৱাটো প্ৰয়োজন। Performing Art-ৰ অসমীয়া "পৰিৱেশন কলা" হ'ব পাৰে, কিন্তু Performance Art-ৰ অসমীয়া পৰিৱেশন কলা হ'ব নোৱাৰে। ই হ'ব পাৰে প্ৰতিপাদন কলা। যিহেতু ই অন্তত: শিল্পীৰ দাৰ্শনিক-ৰাজনৈতিক অৱস্থান নিৰূপণ কৰি কিবা এটা বক্তব্য সম্পাদন কৰে। এয়া আমাৰ প্ৰস্তাৱ। কিন্তু প্ৰতিপাদন কলা বুলি উল্লেখ কৰিলে পাঠকৰ বাবে বুজাত অসুবিধা হোৱাৰ ভয়ত এই লেখাত আমি বেছিভাগ সময়ত Performance Art বুলিয়েই ইয়াক উল্লেখ কৰি থাকিম।

এইখিনিতে দেৱকান্ত সন্দিকৈ মহাশয়ে কেইদিনমান আগতে (ফে'চবুকত) আগবঢ়োৱা এষাৰ মন্তব্যই আমাৰ মন টানিছিল। তেখেতে লিখিছিল- "পৰিৱেশ আৰু পৰিৱেশন- দুটা বেলেগ অৰ্থৰ বেলেগ শব্দ । মানুহে চাব পৰা , চুব পৰা, শুনিব পৰা , গোন্ধিব পৰা আৰু পঢ়ি অনুভৱ কৰা (সাহিত্য) কলাশিল্প সমূহ পৰিৱেশনযোগ্য । অৰ্থাৎ সেইবোৰ কলাৰসিকৰ বাবে নিৰ্দিষ্ট স্থান (মঞ্চ, মেলা, বিপণী বা কলাবীথিকা)ত পৰিৱেশন কৰা হয় । অতএব পৰিৱেশন কৰিবলগীয়া অৰ্থত শব্দটো হ'ব লাগে- পৰিৱেশন্য। কিন্তু আমি অসমীয়া ভাষাত 'পৰিৱেশ্য কলা' বুলি লিখা পঢ়িবলৈ পাওঁ । ই বাৰু 'পৰিৱেশন্য কলা'হে হ'ব নালাগেনে ? (পৰিৱেশন ~ পৰিৱেশন্য, পৰিৱেশ ~পৰিৱেশ্য) .......বিজ্ঞজনে মতামত আগবঢ়াবচোন"। কথাখিনি গমি চাবলগীয়া। কিন্তু এইখিনিতে কথাখিনিক অন্য এফালে ঢাল খুৱাবলৈ বিচাৰিম। বহুসময়ত একো একোটা নাম-বিভ্ৰাট বা misnomer-এও কিছুমান কথা নতুনকৈ ভবাৰ অৱকাশ দিয়ে। পৰিৱেশনৰ সৈতে পৰিৱেশৰ সম্পৰ্ক ওত:প্ৰোত। সেয়েহে দুয়োটাকে "দুটা বেলেগ অৰ্থৰ বেলেগ শব্দ" বুলি কৈ আঁতৰাই দিব পৰা নাযায়। Performance Art, Environmental Art (পৰিৱেশ কলা?), Public Art - এই আটাইবোৰৰে বিকাশ ঘটিছিল সত্তৰৰ দশকৰ ফালে প্ৰায় হাতত হাত ধৰি। পাৰফৰমেন্স আৰ্টে পৰম্পৰাগত ধাৰণাৰে কিবা পৰিৱেশন কৰক বা নকৰক, সেই শিল্পকৰ্মটিৰ অপেক্ষা এটা পৰিৱেশ সৃষ্টি কৰেই কৰে। ডুচ্যঁৰ মুত্ৰাগাৰটোৱে কৰিলেনো কি? কলাৰ জগতত পোণতে সৃষ্টি কৰিলে এটা কাজিয়াখোৰ পৰিৱেশ। সৰহ সংখ্যককে বাধ্য কৰিলে সমসাময়িক শিল্পৰ প্ৰতি মুখ ভেঙুচালি কৰিবলৈ, আৰু কিছু লোকক প্ৰৰোচিত কৰিলে শিল্প বুলি প্ৰদৰ্শিত 'বস্তু'ত পেছাব কৰিবলৈ। আমি ডিছপোজেবল থিয়েটাৰৰ অভ্যাসৰ সময়তো যিটো কথা বাৰে বাৰে দোহাৰোঁ সেইটো হ'ল Performative Circumstance, এটা প্ৰতিপাদ্য পৰিস্থিতি। এই পৰিস্থিতি আৰু পৰিৱেশৰ কথাখিনিৰ প্ৰতি ধ্যান আকৰ্ষণ কৰিবৰ খাতিৰতেই হয়তো আমি এদিন "পৰিৱেশ্য" শব্দটোও ব্যৱহাৰ কৰিম। কিন্তু এই মুহূৰ্তত সন্দিকৈ দেৱৰ সৈতে আমি সহমত। Performing-এই হওক বা Performance-এই হওক, কোনোটোৰে অনুবাদ (প্ৰচলিত ৰূপত) পৰিৱেশ্য হ'ব নোৱাৰে। সেইটো আৰু এটা ভুল। 
 
য়'ক' অ'ন'ৰ বিখ্যাত পাৰফৰমেন্স আৰ্ট "কাট পিচ"
পাৰফৰমেন্স আৰ্টৰ চৰিত্ৰ বিচাৰ

নামকৰণৰ সমস্যাটোৰ লগে লগেই আছে সংজ্ঞা নিৰূপণৰ এটা জটিল সমস্যা। পাৰফৰমেন্স আৰ্ট মানে কি? পাৰফৰমেন্স আৰ্ট কাক বোলে? ইয়াৰ চৰিত্ৰগত বৈশিষ্ট্য বুলি কোনখিনি কথাক বুজিম? এইবোৰ কথাৰ কোনো স্পষ্টতা নাই। তথাপি সাধাৰণভাবে আৰু বহুলভাৱে এতিয়ালৈকে গৃহীত কিছু চৰিত্ৰ মেৰিলীন আৰ্ছেম নামৰ শিল্পীজনে যেনেদৰে উল্লেখ কৰিছিল তেখেতৰ 'মেনিফেষ্টো'খনত, সেইখিনিলৈ এবাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিম। তেখেতে উল্লেখ কৰোতে THIS is Performance Art বুলিছিল। ইয়াত THIS শব্দটোৰ আখৰখিনি 'কেপিটেল লেটাৰ্ছ' হোৱালৈ মন কৰক। মানে সকলো বাক-বিতণ্ডাৰ মাজতে তেখেতে এইকেইটা কথা ন-দি ক'ব খুজিছে।

১) পাৰফৰমেন্স আৰ্ট "এতিয়া" ঘটি আছে (Performance art is now):
পাৰফৰমেন্স আৰ্ট এটা জীৱন্ত ৰূপ। ই সদায়ে বৰ্তমানত আৱৰ্তমান হয়। শিল্পীয়ে যেতিয়া এটা ক্ৰিয়া কৰি থাকে তেতিয়াই ইয়াৰ অস্তিত্ব, তাৰ বাহিৰত নাই। সঠিককৈ কি ঘটিব, বা ফলাফল কি হ'বগৈ আগতীয়াকৈ জনাৰ একো ৰাস্তা নাথাকে। পুণৰ-মঞ্চায়ণ কৰিবলৈ গ'লে সি থিয়েটাৰ বা নাটকৰ ক্ষেত্ৰতহে সম্ভৱপৰ, পাৰফৰমেন্স আৰ্টৰ ক্ষেত্ৰত নহয়।

২) পাৰফৰমেন্স আৰ্ট বাস্তৱ, বা সঁচা (Performance art is real):
এটা মানৱ শৰীৰে আগুৰিব পৰা ক্ষেত্ৰ এখনতেহে ইয়াৰ অৱস্থান। যি দৰ্শকে ইয়াক প্ৰত্যক্ষ কৰি থাকে সেই একেখন সমতলতে ই কাম কৰে। মিথ্যা অভিনয়ৰ বিপৰীতে বাস্তৱ ক্ৰিয়া সংঘটিত হয় বাস্তৱ বস্তুবিশেষৰ প্ৰয়োগেৰে। (ধৰক তেজ বুজাবলৈ নাটকত আলটা বা ৰঙা ৰঙৰ পানী ব্যৱহাৰ হ'লহেতেন। কিন্তু ইয়াত তেজ বুজাবলৈ সঁচা তেজেই ব্যৱহাৰ হ'ব। খ্ৰিছ বাৰ্ডেনে গুলি খোৱাৰ অভিনয় কৰা নাছিল, গুলিটো সঁচাকৈয়ে তেওঁ গা পাতি লৈছিল)। শিল্পীজন নিজৰ পৰিচয়েৰেই উপস্থিত হয়, তেঁও আন কোনোবা চৰিত্ৰৰ ৰূপৰ ভাও নিদিয়ে। ইয়াত জীৱন আৰু শিল্পৰ মাজত অভিনয়ৰ ব্যৱধান নাই। ইয়াত সময় হ'ল- এতিয়া। স্থান হ'ল- ইয়াত।  

৩) পাৰফৰমেন্স আৰ্টে বিপদসংকুলতাক লৈ খেলা কৰে (Performance art requires risk): 
নিজৰ শৰীৰটোক ব্যৱহাৰ কৰি নিজৰ ওপৰতে শিল্পীয়ে 'অত্যাচাৰ' চলায়। নিজৰ দেহৰ সীমাবদ্ধতাখিনিক তেওঁ প্ৰত্যাহ্বান জনায়। পাৰফমেন্স এটা প্ৰত্যক্ষ কৰি দৰ্শক এজনে নিজৰে 'বিষয়-অস্তিত্ব' সম্পৰ্কে ভাবিবলৈ বাধ্য হয়। কি হ'বলৈ গৈ আছে নজনাকৈ পাৰফৰমেন্স আৰ্ট কৰা বা কাৰোবাক কৰিবলৈ অনুমতি দিয়াটোও এটা 'ৰিস্ক'। ব্যৰ্থতা য'ত সদায়েই সম্ভাৱনীয়তা।   

৪) পাৰফৰমেন্স আৰ্ট বিনিয়োগ কৰিব পৰা বস্তু এটা নহয় (Performance art is not an investment object):
কৰ্তা বা 'নিৰ্মাতা'জনৰ পৰা কামটো কোনোমতেই আঁতৰাই আনিব নোৱাৰি। ইয়াক তুলি ল'ব নোৱাৰি। নিলগাই সাঁচি থ'ব নোৱাৰি। পুণৰ-নিৰ্মাণ কৰিব নোৱাৰি। পাৰফৰমেন্স আৰ্ট এটা অভিজ্ঞতা, মানুহৰ মাজত বিনিময় কৰা স্থান, কাল আৰু ক্ৰিয়া। ইয়াৰ খতিয়ন কেৱল শিল্পীৰ শৰীৰত আৰু দৰ্শকৰ সাক্ষ্যতেই ৰৈ যায়।   

৫) পাৰফৰমেন্স আৰ্ট অস্থায়ী (Performance art is ephemeral): 
এটা বিশেষ স্থান আৰু কালৰ সাপেক্ষেহে শিল্পীয়ে এই ক্ৰিয়া সংঘটিত কৰে। যি সকলে ইয়াক প্ৰত্যক্ষ কৰে তেওঁলোকৰ অভিজ্ঞতা আপুৰুগীয়া এইবাবেই যে ইয়াক এই মুহূৰ্তক বাদ দি আগলৈ আৰু ক'তো কেতিয়াও পোৱা নাযাব। জীয়াই থকাৰ ক্ষণভংগুৰতা বা অসহায়-বোধক ই প্ৰতিনিধিত্ব কৰে। জীৱন যে ক্ষণস্থায়ী ই তাকেই কয়। আমি কেৱল ইয়াত আৰু এতিয়াহে আছোঁ।

নিৰ্দিষ্ট এটা স্থান আৰু কাল সাপেক্ষে নিজৰ অস্তিত্ব সাব্যস্ত কৰাটোৱে এটা ডাঙৰ কথা। আন একো নকৰিলেও পাৰফৰমেন্স আৰ্টে অন্তত: তাকে কৰে। এইখিনিতে নৱকান্ত বৰুৱাই দিয়া কবিতাৰ সংজ্ঞাটোলৈকো কোনোবাই মনত পেলাব পাৰে- "অস্তিত্বটোৱেই কবিতাৰ আচল সংজ্ঞা তথা পৰিচয়।" এই অস্তিত্ব, স্বেচ্ছা-নিৰ্মিত পৰিৱেশ, আৰু আত্ম-পৰিচয়- এই তিনিটা কথাৰ কিছুমান ontological দাৰ্শনিক দিশ যেনেকৈ আছে, ৰাজনৈতিক দিশো তেনেকৈয়ে আছে। আৰ্ছেমৰ আঁত ধৰি পাৰফৰমেন্স আৰ্টৰ চৰিত্ৰ-বিচাৰ কৰিবলৈ যাওতে দেখিছিলোঁৱেই যে পাৰফৰমেন্স আৰ্টৰ ক্ষণভংগুৰ বা অনিত্যতাৰ ধাৰণাটোৱে কেনেকৈ মানৱ জীৱনৰ অনিত্যতাকেই সম্বোধন কৰিব পাৰে। তেনেকৈয়ে স্থান আৰু কালৰ পৰিপ্ৰেক্ষিতে আনি দিব এটা ৰাজনৈতিক সংযোগ। এটা পৰিস্থিতি সাপেক্ষে অভিযোজনামূলক আচৰণ এটাই এজন শিল্পীৰ মনোবৃত্তি প্ৰকাশ কৰিব পাৰে। সেয়েহে এটা মুহূৰ্তৰ এটা পৰিস্থিতিৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া এটাকো পাৰফৰমেন্স আৰ্ট বুলি ক'ব পৰা যায়। আনহাতে সুদীৰ্ঘকালীন, জীৱনজোৰা এটা চৰ্চাকো পাৰফৰমেন্স আৰ্টৰ সম্পৰীক্ষণ বুলি ক'ব পাৰি। ইয়াৰ কোনো নিৰ্দিষ্ট মাত্ৰা নাই। কিন্তু দুয়োটা ক্ষেত্ৰতে ম্যাদ, স্থিতিকাল বা ব্যাপ্তিকাল এটা গুৰুত্বপূৰ্ণ বিষয় হৈ ৰয়। এক ব্যক্তিবিশেষৰ স্ব-পৰিচয়ৰ সহিতে (ইয়াত ৰ'ল প্লে' বা চৰিত্ৰাভিনয়ৰ কথা যিহেতু নাই), এক নিৰ্দিষ্ট স্থান আৰু কালত কৃত এটা আচৰণেৰে যেতিয়া কিবা বক্তব্য এটা উপস্থাপন কৰা হয়, সি অৱলীলাক্ৰমেই এটা ৰাজনৈতিক ক্ৰিয়া হৈ উঠিবলৈ বাধ্য। সেয়েহে আমি কওঁ প্ৰতিপাদন কলা (Performance Art) মজ্জাগতভাবে এটা ৰাজনৈতিক কাৰবাৰ। কিন্তু যি দেশত ৰাজনীতি মানে কেৱল কংগ্ৰেছ আৰু বিজেপি, তাত শিল্পৰ ৰাজনীতিৰ কথা কেনেকৈয়ে বা পাতিব পাৰি- সি এক প্ৰশ্ন।

পাৰফৰমেন্স আৰ্টৰ চৰিত্ৰখিনিৰ আধাৰত ফঁ‌হিয়াই চালে বহুখিনি ৰাজনৈতিক প্ৰতিবাদৰ মাজত ইয়াৰ সামঞ্জস্য পোৱা যায়। বিশেষকৈ ইৰম শৰ্মিলাৰ ষোল বছৰীয়া অনশন, অথবা মহাত্মা গান্ধীৰ পদযাত্ৰাৰ কথা আমি বিভিন্ন ঠাইত বাৰে বাৰে পাতিছোঁ‌। যিকোনো অধ্যয়ন-ক্ষেত্ৰতে বিষয় এটাৰ সাধাৰণ চৰিত্ৰবোৰ খুচৰি-মেলি উলিয়াই আনি সেইবোৰৰ ভিত্তিত আনবোৰ প্ৰাপ্ত বা সম্ভাৱ্য সমলক বিচাৰ কৰা হয়। তেনেহ'লে পাৰফৰমেন্স অধ্যয়নৰ ডিছিপ্লিনেৰে যদি ইৰম শৰ্মিলাৰ অনশনলৈ চোৱা যায় তেনেহ'লে পাৰফৰমেন্স আৰ্টৰ সমস্ত উপাদান বা চৰিত্ৰই ইয়াত বিদ্যমান হৈ আছে। কেৱল ইয়াত কৰ্তা "শিল্পী" নহয়, অথবা নিজে ইয়াক শিল্প বুলি অভিহিত কৰা নাই। অন্যথা- নিজৰ শৰীৰকে বক্তব্য প্ৰকাশৰ বাবে মূল আধাৰ হিচাপে লোৱা, ইয়াৰ ব্যাপ্তিকাল (Duration), ব্যক্তিনিষ্ঠতা বা বিষয়ী উপস্থিতি, ৰিস্ক- এই আটাইবোৰেই ইয়াক পাৰফৰমেন্স হিচাপে সিদ্ধ কৰে। পাৰফৰমেন্স আৰ্টৰ সৈতে ৰাজনীতিৰ এটা এৰাব নোৱৰা সম্পৰ্ক আছে। তেনেকৈয়ে ৰাজনৈতিক প্ৰতিবাদ সমূহৰ মাজত পাৰফৰমেন্স আৰ্টৰ চৰিত্ৰগত বৈশিষ্ট্যসমূহ সঘনে প্ৰকট হৈ উঠাটোও এটা স্বাভাৱিক ঘটনা। বিশিষ্ট গৱেষক ৰুস্তম ভাৰুচাই "Terror and Performance" গ্ৰন্থত সেয়েহে বিশ্বজুৰি ঘটি থকা সন্ত্ৰাসজনিত ঘটনাৰাজিক 'পাৰফৰমেন্স' অধ্যয়নৰ আধাৰত বিশ্লেষণ কৰিবৰ চেষ্টা কৰিছিল।

পাৰফৰমেন্স আৰ্টৰ চৰিত্ৰ অনুধাৱণ কৰিবলৈ আৰু লগতে সমসাময়িক কালত আমাৰ দেশত ইয়াৰ গতি-বিধি বুজিবলৈ চেষ্টা কৰি আহিছোঁ। সেই সূত্ৰেই জন্ম হৈছিল কাণখোৱাৰ ডিছপোজেবল থিয়েটাৰ- নাট্যশিল্প আৰু পাৰফৰমেন্স আৰ্টৰ দুটা ধৰণৰ বুজাপৰাৰ মধ্যৱৰ্তী কোনোবাখিনিত যাৰ অৱস্থান। "Understanding Performance as Art: Multiple Gaze" নামেৰে এলানি গৱেষণাৰ আৰম্ভ কৰিছিলোঁ য'ত ভিন্নমতৰ সহাৱস্থান কেনেকৈ সম্ভৱপৰ তাৰ চৰ্চা কৰিছিলোঁ। তাৰ গতিবিধিলৈ নিৰীক্ষণ কৰিয়েই ২০১৩ চনত ফাউণ্ডেচন ফৰ ইণ্ডিয়ান কণ্টেমপ'ৰেৰী আৰ্ট বা চমুকৈ ফিকা (FICA)ৰ ফালৰ পৰা ইলা ডালমিয়া গৱেষণা অনুদান এটা পাইছিলোঁ। সেই সূত্ৰেই ২০১৪ চনৰ আগষ্ট মাহত নতুন দিল্লীৰ ৱধেৰা আৰ্ট গেলেৰীত পাৰফৰমেন্স আৰ্ট সম্পৰ্কে এলানি আলোচনাৰ জন্ম দিছিলোঁ য'ত পোন্ধৰ দিন নিতৌ বহুখিনি শিল্পী, দৰ্শক, আলোচক, ছাত্ৰ আৰু গৱেষকৰ সমাৱেশ ঘটিছিল আৰু নতুন নতুন কথাৰ সূত্ৰপাত ঘটিছিল। তাৰেই বিস্তাৰ বা সংযোজন হিচাপে সদ্যহতে এছিয়া আৰ্ট আৰ্কাইভৰ বাবে ভাৰতৰ পাৰফৰমেন্স আৰ্ট সম্পৰ্কীয় এটা আৰ্কাইভ আমি নিৰ্মাণ কৰি আছোঁ। এই দীৰ্ঘকালীন গৱেষণাৰ সময়ত আমি এই আটাইখিনি চৰিত্ৰগত বৈশিষ্ট্যকেই খণ্ডন কৰিছোঁ- বিভিন্ন প্ৰসংগ আৰু বিক্ষিপ্ত দৃষ্টান্ত সাপেক্ষে। এই বিষয়টোৰ প্ৰতি আমি নিজেই সমালোচনাত্মক অৱস্থান এটা গ্ৰহণ কৰি আহিছোঁ। তথাপি ক'ব পাৰি যে এই সময়লৈকে আৰ্ছেমে যুগুতোৱা এই বৈশিষ্ট্যখিনিয়েই পাৰফৰমেন্স আৰ্ট সম্পৰ্কে এটা সম্যক ধাৰণা দিব পাৰে।   
    
পাৰফৰমেন্স আৰ্টৰ আইতা বুলি খ্যাত মাৰিণা আব্ৰাভমিকৰ বিখ্যাত "Rhythm 0" 
পাৰফৰমেন্স আৰ্টৰ আলোকত ডুচ্যঁৰ মূত্ৰাগাৰটো

ডুচ্যঁৰ মূত্ৰাগাৰৰ উপস্থাপনটো পাৰফৰমেন্স আৰ্ট বুলিব পৰা নাযায়, অথবা মাৰ্চেল ডুচ্যঁ এজন পাৰফৰমেন্স আৰ্টিষ্টো নহয়। কিন্তু পাৰফৰমেন্স আৰ্টক কেন্দ্ৰ কৰি আজিকোপতি যিমানবোৰ আলোচনা বিলোচনা অথবা বাক-বিতণ্ডা হৈছে সেই সমূহৰ অধিকাংশতেই "ইউৰিনেল" কামটোৰ প্ৰসংগ কেনেবাকৈ আহি পৰিছেহি। উনুকিয়াই থওঁ যে স্কেল, অৰ্থাৎ মাত্ৰা, আকাৰ বা সময়ৰ হিচাপতো পাৰফৰমেন্স আৰ্টৰ কোনো ধৰাবন্ধা কথা নাথাকে। ই কেতিয়াবা তেনেই সূক্ষ্মতম এটা মুহূৰ্তৰ অভিজ্ঞতা, কেতিয়াবা আকৌ জীৱনজোৰা একোটা সিদ্ধান্ত। খুব কম সময়হে শিল্পৰ জগতত সক্ৰিয় হৈ থাকি ডুচ্যঁই যে এসময়ত শিল্পীৰ মহলৰ পৰা স্বেচ্ছাই নিৰ্বাসন লৈছিল আৰু গোটেই জীৱন কেৱল দবা খেলিয়েই কটাম বুলি সিদ্ধান্ত লৈছিল, সেইটোকো এটা পাৰফৰমেন্স অথবা পৰিৱেশনীয় এটা আচৰণ বুলি ধৰি ল'ব পৰা যাব নেকি? নিশ্চয় এনে ধৰণৰ এটা অৱলোকনৰ অৱকাশ তাতো আছিল কাৰণ তেখেতে নিজেই কৈ গৈছিল- দবা খেলাটোৱেই এটা উৎকৃষ্ট শিল্পৰ ৰূপ। আমি আগতেও (এইলানি লেখাৰ দ্বিতীয় খণ্ডত) উল্লেখ কৰি আহিছোঁ যে দবাখেলৰ নামত পগলা ডুচ্যঁই তেওঁৰ নিজৰ দবা-খেলৰ ব'ৰ্ডখন স্থানীয় মিস্ত্ৰীৰ সহযোগত কাঠ কাটি নিজাকৈ সাজি লৈছিল আৰু এসময়ত আনকি তেওঁৰ দবাখেলৰ প্ৰতি থকা অত্যাধিক প্ৰেমৰ বাবে অতীষ্ঠ হৈ তেওঁৰ পত্নীয়ে দবাৰ মোহৰবোৰ ব'ৰ্ডত আঠা লগাই দিছিল। যি সময়ত ডুচ্যঁৰ সমসাময়িক শিল্পী সকলে ছবি বেচি প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিবলৈ লাগিছিল আৰু কৃতিত্বৰ দাবীদাৰ হৈছিল সেই সময়ত কেৱল দবা খেলি থকা ডুচ্যঁই ক'লে যে - দবাখেলেই মোৰ বাবে এতিয়া এটা উচ্চস্তৰীয় আৰ্ট। ইয়েই আটাইতকৈ বিশুদ্ধ ৰূপৰ শিল্প আৰু ইয়াক পণ্য কৰি তুলিব নোৱাৰি। গতিকে কেৱল ৰে'ডীমে'ড কামখিনিয়েই নহয়, ডুচ্যঁৰ দবাখেলৰ সিদ্ধান্তটোও এটা Performative কাৰবাৰেই আছিল।

যিয়েই যিমানবাৰেই পাৰফৰমেন্স আৰ্টক সংজ্ঞাবদ্ধ কৰিবলৈ চেষ্টা কৰিছে, সিমানবাৰেই কোনোবা নহয় কোনোবাখিনিত কিবা এটা কেৰোণ ৰৈ গৈছে। ইমানখিনি কেৰোণ বা আসোঁৱাহ থকাৰ কাৰণ কি? কাৰণ এয়েই যে, ইয়াৰ চৰিত্ৰগত বৈশিষ্ট্যসমূহ সৰলৰৈখিক বা একমুখী নহয়। দুটামান উদাহৰণ দিলেই কথাখিনি বুজিবলৈ সুবিধা হ'ব। কোনোবাই যদি ইয়াৰ বাস্তৱতাৰ ধাৰণাটোক সাৰোগত কৰিবলৈ বিচাৰে, তেনেহ'লে এনে কিছুমান উদাহৰণো আছে য'ত তেজ বুজাবলৈ হয়তো ৰঙা ৰং কৰা পানীয় আন কোনোবা শিল্পীয়ে ব্যৱহাৰ কৰি থৈছে। প্ৰতীকী ৰূপত বস্তু এপদ ব্যৱহাৰ কৰাত আপত্তি ক'ত?

৩১ জুলাই, ২০১৪ তাৰিখে সফদৰ হাছমী মেম'ৰিয়েল ট্ৰাষ্ট (চমুকৈ "চহমত/ সহমত")-ত পেলেষ্টাইনৰ গাজাত ঘটি থকা অমানবীয় ধংসলীলাৰ বিৰুদ্ধে এলানি সাংস্কৃতিক প্ৰতিবাদৰ কাৰ্যসূচী হাতত লোৱা হয়। উক্ত দিনলৈকে প্ৰায় ১৪০০ পেলেষ্টাইনী লোকৰ প্ৰাণ লোৱা ঘটনালানিৰ সন্দৰ্ভত এই অনুষ্ঠানত সমূহ সমসাময়িক শিল্পীবৃন্দৰ সন্মিলিত কন্ঠ শুনিবলৈ পোৱা যায়। ইন্দৰ চেলিম বহুকাল ধৰি ৰাজনৈতিক কলাৰ লগত জড়িত এগৰাকী দিল্লী নিবাসী পাৰফৰ্মেঞ্চ শিল্পী। 'The Art Cities of the Future, 21st Century Avant Gardes' নামৰ কিতাপখনত প্ৰসিদ্ধ কলাসমালোচক আৰু কিউৰেটৰ গীতা কাপুৰে তেওঁৰ সম্পৰ্কে উল্লেখ কৰিছে এনেধৰণেৰে- "দিল্লীত বিগত পোন্ধৰটা বছৰৰ পৰিৱেশনৰ অভিজ্ঞতাৰে পুষ্ট ইন্দৰ চেলিমে দুটা স্বকীয় আত্মপৰিচয় তুলি ধৰিছে- এটা ব্যক্তিগতভাবে ব্যতিক্ৰমী, আনটো সামূহিক কাৰ্যকলাপৰ বাবে সদা উন্মুখ। ৰাজহুৱা স্থানবোৰত একক ৰাজহুৱা পৰিবেশক হিচাপে তেওঁ অন্তৰ্নিহিত ৰাজনৈতিক বাৰ্তা সম্বলিত সাধাৰণ চাল-চলন দেখুৱায়।  ক্ষমতা-কেন্দ্ৰিক অনুষ্ঠানবোৰৰ বিৰোধিতা কৰি তেওঁ যেতিয়া প্ৰদৰ্শন কৰে, ইতিহাসৰ পাতে পাতে সন্নিবিষ্ট হৈ থকা প্ৰতিৰোধৰ অৱস্থানে সামাজিক মান্যতা এদিন লাভ কৰিব - তেওঁৰ পৰিবেশনে  এই আশা বহন কৰে।" মহমদ ডাৰৱিশৰ এটি কবিতাৰ অনুপ্ৰেৰণাৰে কৰা এটি পৰিবেশনাত ইন্দৰ চেলিমে ফটা-ছিটা স্কুলীয় পোছাক এজোৰ পিন্ধি তৰমুজ এসোপামান মজিয়াত থেকেচা মাৰি ভাঙি তাৰ মাজৰ পৰা জলফাই কিছুমান উলিয়াই দৰ্শকক খাবলৈ দিয়ে। প্ৰতিবাদৰ অনুষ্ঠানটোৰ বাটচ'ৰাতে তেওঁ টান মজিয়াখনত তৰমুজবোৰ জোৰেৰে দলিয়ায় যাতে সেইবোৰ ভাঙি ছিঙি ওফৰি পৰে। সেউজীয়া তৰমুজৰ ভিতৰৰ ৰঙা অংশখিনি ৰক্তাক্ত মঙহৰ দৰে মজিয়াত যেনি তেনি ওফৰি ওফৰি পৰে। দৃশ্যগত ভাবে ই দৰ্শকসকলক জোকাৰি গৈছিল, তৰমুজ জোৰেৰে পেলোৱাটো বোমা নিক্ষেপৰ দৰে আছিল আৰু তাৰ পিছত ওফৰি পৰি ৰোৱা ৰঙা ৰঙা তৰমুজৰ ভিতৰৰ অংশখিনি যেন আহত মানৱ শৰীৰৰ ওফৰি পৰা মঙহ। তাৰ পিছতে শিল্পীজনে আৰু দৰ্শকে সেই সন্ত্ৰাস-কাৰ্যৰ মাজৰ পৰা সৰু সৰু জলফাইবোৰ খুচৰি খুচৰি বুটলি লয়। জলফাই পেলেষ্টাইনৰ ৰাষ্ট্ৰীয় প্ৰতীক, গাজাৰ মূল ফচল। জলফাইবোৰ ডাৰৱিশৰ "গাজাৰ বাবে মৌন প্ৰাৰ্থনা" শীৰ্ষক কবিতাটিৰ কিছুমান পংক্তিৰ স'তে সৰু সৰু পলিথিনৰ মোনাৰ ভিতৰত বন্ধ কৰি তৰমুজবোৰৰ ভিতৰত সুমুৱাই থোৱা আছিল। ইন্দৰে মানুহক সেই জলফাইবোৰ খাই "পেলেষ্টাইনৰ সোৱাদ" ল'বলৈ আহবান কৰিছিল।

"মই দৰ্শকক জলফাইৰ জৰিয়তে পেলেষ্টাইনৰ সোৱাদ দিবলৈ বিচাৰিছিলোঁ", ইন্দৰে কয়। ভাঙি ছিঙি নষ্ট কৰা তৰমুজৰ অৱশেষখিনিৰ মাজৰ পৰা উলিয়াই অনা জলফাই খিনি হয়তোবা আছিল বিধ্বংসী যুদ্ধৰ জৰিয়তে ইজৰাইলে মানৱতাৰ প্ৰতি কৰা তাচ্ছিল্যৰ পিছতো বাকী থাকিব পৰা কিবা এটা আশাৰ ৰেঙনি। ইজৰাইলৰ আগ্ৰাসনে কেনেকৈ জলফাই গছবোৰ ধংস কৰি গাজাত স্থান অধিগ্ৰহণ কৰিব খুজিছে- জলফাই বিতৰণৰ মাজেৰে হয়তোবা মানুহক সেই ঘটনাৰেই সম্ভেদ দিব খোজা হৈছিল।

এতিয়া কথা হ'ল, হয়, তৰমুজখিনি আছিল 'সঁচা', কিন্তু মজিয়া ৰাঙলী কৰি পেলোৱা গোটেই হিংসাত্মক কাৰবাৰটোতো প্ৰতীকীয়েই আছিল। তেনেকৈয়ে শিল্পা গুপ্তা বা অমিতেশ গ্ৰোভাৰ আদি মাল্টি মিডিয়াক ভিত্তি কৰি কাম কৰা বহুখিনি শিল্পীৰ এনে কাম আছে যিখিনি একো একোটা পাৰফৰমেন্সেই হয়। কিন্তু সেইবোৰত শিল্পীজন নিজেই 'শাৰীৰিকভাবে' উপস্থিত নাথাকে। গতিকে পাৰফৰমেন্স আৰ্টত শিল্পীৰ শাৰীৰিক উপস্থিতিৰ কথাটোও আৰু শিলৰ ৰেখা হৈ নাথাকিল। নিৰ্দিষ্ট কিছুমান উদাহৰণক বাদ দিলে বেছিভাগ দৃষ্টান্ততেই শিল্পীয়ে নিজৰ শৰীৰক কষ্ট দিয়াৰ বা ক্ষয় ক্ষতি কৰাৰ নজিৰ নাই। তেনেহ'লে পাৰফৰমেন্স আৰ্টত শিল্পীয়ে নিজৰ শৰীৰক কিষ্ট দি বিপদসংকুলতাক আঁকোৱালি লয় বোলা কথাষাৰো শেষ কথা নহয়। এনেকৈ পাৰফৰমেন্স আৰ্টক সংজ্ঞাবদ্ধ কৰিব পৰা মূলগত চৰিত্ৰ এটাৰ পিছত এটাকৈ খণ্ডন কৰি গৈ থাকিলে শেষত গৈ কি ৰয়গৈ? এয়ে আছিল আমাৰ গৱেষণাৰ অনুসন্ধানৰ এটা মৌলিক প্ৰশ্ন।
 
১৯১৪ চনত পেলেষ্টাইনৰ প্ৰতি সহমৰ্মিতাৰে ইন্দৰ চেলিম
পাৰফৰমেন্স আৰ্টক সংজ্ঞাবদ্ধ কৰাৰ ক্ষেত্ৰত থকা দ্বিমত বা বিৰোধখিনিৰ কথা যেতিয়া উল্লেখ কৰি আছিলোঁ, সেইখিনিলৈ চাই কোনোবাই হয়তো ক'ব পাৰে যে এইখিনি কথা দেখোন শিল্প বা সাহিত্যৰ সকলো শাখা-প্ৰশাখাকলৈয়ে ক'ব পাৰি। কবিতাৰ সংজ্ঞাও নিৰূপণ কৰা উজু নহয়, অথবা চিত্ৰশিল্প বা পেইণ্টিঙৰো সংজ্ঞা বিচৰি গ'লে একেধৰণেৰেই হাবাথুৰি খাবলগীয়া হয়। এৰা, কথাখিনি ঠিকেই। পিছে পাৰফৰমেন্স আৰ্টৰ ক্ষেত্ৰত সকলো স্তৰ অতিক্ৰমি গৈ, সকলো  যুক্তি প্ৰতি-যুক্তি পাৰ হৈ গৈ যিটো কথাত মূল অসুবিধাৰ সন্মুখীন হৈ থমকি ৰ'বলগা হয়, সেয়া হ'ল ইয়াৰ প্ৰাথমিক Attitude-টো; যিহেতু প্ৰচলিত যিকোনো ধ্যান ধাৰণাৰ প্ৰতি থকা বিৰাগ, অনীহা আৰু প্ৰতিবাদৰ ফল স্বৰূপেই ইয়াৰ জন্ম। যি মুহূৰ্ততে এজনে ইয়াক সংজ্ঞাবদ্ধ কৰিবৰ প্ৰয়াস কৰে, আনজনে ইয়াক অন্যফালে ফালৰি কাটি লৈ যায়। আমি নিৰ্মাণ কৰি থকা আৰ্কাইভ বা সংৰক্ষণাগাৰটোৰ বাবে যেতিয়া ভাৰতবৰ্ষৰ সমসাময়িক শিল্পীসকলক লগ ধৰিলোঁ, তেতিয়া দেখিলোঁ একাংশ শিল্পী আছে যিয়ে নিজৰ পাৰফৰমেন্সৰ তথ্যায়ন প্ৰযত্নে ৰাখিবৰ চেষ্টা কৰে, আলোকচিত্ৰৰ ৰূপত অথবা ভিডিঅ'ৰ ৰূপত। এটা ক্ষণস্থায়ী উদ্বায়ু ৰূপ হিচাপে পাৰফৰমেন্সক কেনেকৈ সংৰক্ষণ কৰা যাব সেইটোও এটা গুৰুতৰ অমীমাংসীত প্ৰশ্ন। নিখিল চোপ্ৰা তেনে এজন শিল্পী যি নিজৰ প্ৰতিটো কামৰে প্ৰতিটো পৰ্যায় যত্ন সহকাৰে সাঁচি ৰাখিবলৈ চেষ্টা কৰে। আনহাতে আন এজন অগ্ৰণী শিল্পী সুশীল কুমাৰৰ অৱস্থান আছিল সম্পূৰ্ণ বিপৰীত মেৰুত। তেওঁৰ মতে পাৰফৰমেন্স আৰ্ট সেই স্থান আৰু কালৰে বস্তু। তাক ফটোগ্ৰাফী বা আন যিকোনো ৰূপতে আৱদ্ধ কৰি ৰখাটো সম্ভৱ নহয়, উচিতো নহয়। কলাৰ বস্তুৰূপ, তাৰ পুণৰ-নিৰ্মাণ, তাৰ ব্যৱসায়ীকৰণ এইবোৰৰ প্ৰতিবাদতেই পাৰফমেন্স আৰ্টৰ জন্ম হৈছিল। যদি তেনে হয়, তেনহ'লে ইয়াক সংজ্ঞাবদ্ধ কৰিবলৈ চেষ্টা কৰাটোৱেই এটা বৃথা প্ৰয়াস মাত্ৰ। 'কেতিয়াও কোনো ডিছিপ্লিনৰ মাজত আবদ্ধ নাথাকোঁ', এনে এটা মনোবৃত্তি প্ৰদৰ্শন কৰি জন্ম হোৱা এটা শিল্পৰ ধাৰাক ঘূৰি পকি আকৌ যদি এটা ডিছিপ্লিনৰ মাজতেই আৱদ্ধ কৰিবলৈ বিচৰা হয় তেনেহ'লে সেয়া দেখাদেখিকৈ অন্যায়েই কৰা হ'ব। কিন্তু একে সময়তে এইটোও এটা আৱশ্যকীয়তা। অন্যথা বিদ্যায়তনিক মহলত (Padagogy), ইয়াৰ সম্পৰ্কে আমি আলোচনা কেনেকৈ কৰিম, অথবা ইয়াৰ মূল্যায়ণ কৰিব লগা হ'লে তাৰ মাপকাঠি কেনেকৈ নিৰ্ধাৰণ কৰিম? সেয়েহে আমি প্ৰস্তাৱ কৰিছিলোঁ যে পাৰফৰমেন্স আৰ্ট এটা ডিছিপ্লিন হ'ব নোৱাৰে, কিন্তু এটা পেৰা-ডিছিপ্লিন হৈয়ে ৰ'ব।

পাৰফৰমেন্স আৰ্টৰ কেন্দ্ৰীয় চৰিত্ৰসমূহ যদি নিৰ্দিষ্টতাবাচক নহয়, যদিহে সেইবোৰ উমৈহতীয়া নহয়, যদিহে দৃষ্টান্তভেদে চৰিত্ৰ সলনি হৈ গৈ থাকে, তেনেহ'লে পৰিশেষত এনে কি ৰূপ বা ধৰ্ম বা চৰিত্ৰ থাকিব পাৰে যিটোৰ দ্বাৰা পাৰফৰমেন্স আৰ্ট নামৰ এই অভ্যাসখিনিক অৱলোকন কৰিব পৰা যাব? কবিতাৰো একো নিৰ্দিষ্টতাবাচক একক চৰিত্ৰ নাথাকিলেও অন্তত: ক'ৰবাত কেনেবাকৈ ইয়াৰ এটা ধ্বনিময় পাঠ্য বা শ্ৰাব্য ৰূপ ৰয়গৈ যাৰ পৰা ইয়াক আঁতৰাব নোৱাৰি। চিত্ৰশিল্পৰো একক চৰিত্ৰ নাই বুলি ক'লেও পৰিশেষত ৰয়গৈ যে ইয়াত এখন সমতলত এটা দৃশ্যৰূপৰ নিৰ্মাণ ঘটে। ফাৰফৰমেন্স আৰ্টক ফৰ্মেল (Form শব্দৰ পৰা Formal) দৃষ্টিৰে আৱদ্ধ কৰাৰো কোনো বাট নাই যিহেতু ইয়াক কোনো দৃশ্যগত বা ধ্বনিগত মাধ্যম বুলি চিহ্নিত কৰিব নোৱাৰি। অৱশেষত আমাৰ যথেষ্ঠ সময় জোৰা অনুসন্ধানৰ ফল হিচাপে যিটো আমি বিচাৰি পালোঁগৈ, সেয়া হ'ল- আন কিবা কৰক বা নকৰক, সকলো ধৰণৰ পাৰফৰমেন্স আৰ্টে অন্তত: কোনোবাখিনিত কিছুমান অসুবিধাৰ সৃষ্টি কৰি কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰে আৰু তাকে কৰি এটা বাকধাৰাৰ সূত্ৰপাত কৰে অথবা তাক আগবঢ়াই নিয়াত সহায় কৰে। সেই হিচাপত পাৰফৰমেন্স আৰ্ট এটা এটিটিউড (Attitude); একধৰণৰ মনোভাৱ বা আচৰণ। এটা Gesture প্ৰদৰ্শন; এটা বক্তব্য বা প্ৰতিবাদ সাব্যস্ত কৰিবৰ ধৰণ-কৰণ। যদি সেয়ে হয়, তেনেহ'লে মাৰ্চেল ডুচ্যঁৰ "ফাউণ্টেইন" কামটোক আমি পাৰফৰেন্স আৰ্টৰ প্ৰথম দৃষ্টান্তসমূহৰ অন্যতম এটা বুলি কোৱাত বাধা নাই।

পাৰফৰমেন্স আৰ্টৰ আইতা (Grandmother of Performance Art) বুলি খ্যাত মাৰিণা আব্ৰাম'ভিকেও নিজৰ কামত ডুচ্যঁৰ লগতে ডাডা আৰু Fluxus আন্দোলনৰ বিস্তৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছে। ১৯৬০-ৰ দশকত George Maciunas-এ Fluxus আন্দোলনৰ আৰম্ভণী কৰে যি ডাডা আৰু ডুচ্যঁৰ দ্বাৰা প্ৰত্যক্ষভাবে প্ৰভাৱিত আছিল। পৰম্পৰাগত কলাবীথিকাৰ "মৃত-শিল্প"ৰ বাহিৰত একধৰণৰ জীৱন্ত শিল্পৰ কথা (live art)ইয়াত পতা হৈছিল। এই ধাৰণাত অভিজ্ঞতাই শিল্পৰ আধাৰ আৰু এই প্ৰক্ৰিয়াত বহুখিনি ঘটি যোৱা ঘটনাৰ ভূমিকা থাকিব পাৰে আৰু দৰ্শকৰ উপস্থিতিয়ে ইয়াৰ চৰিত্ৰ নিৰূপণ কৰিব পাৰে। পাৰফৰমেন্স আৰ্টৰো এয়ে মূল কথা, এইখিনিয়েই যে ডুচ্যঁৰো শিল্প-ভাৱনাৰ মূল সেই কথাকেই আমি পূৰ্ৱে পাতি আহিছোঁ। আব্ৰাম'ভিকে কৈছে- "মই এই সিদ্ধান্তত উপনীত হ'লোঁ যে দৰ্শক-ৰাইজৰ উপস্থিতিৰ অবিহনে পাৰফৰমেন্সৰ কোনো মানে নাই, কাৰণ ডুচ্যঁই কৈছিল- ৰাইজৰ উপস্থিতিয়েহে শিল্পকৰ্মটিলৈ পূৰ্ণতা আনে। পাৰফৰমেন্সৰ ক্ষেত্ৰত ক'বলাগিব যে পৰিৱেশক আৰু দৰ্শক এটা আনটোৰ পৰিপূৰকেই নহয়, বৰঞ্চ দুয়োটা অভেদ্য, এটাৰ পৰা আনটোক প্ৰায় পৃথক কৰিব নোৱাৰা ধৰণৰ।"
 
মেন ৰে'ই ধৰি ৰখা মাৰ্চেল ডুচ্যঁ, ১৯৩০ 
শিল্পীৰ শৰীৰ, শাৰীৰিক উপস্থিতি আৰু সেই শৰীৰে কৰা এটা ক্ৰিয়া পাৰফৰমেন্স আৰ্টৰ মূল আধাৰ বুলিলে এই কথা সঁচা যে "ইউৰিনেল" কামটোত সোঁশৰীৰে ডুচ্যঁ নিজে উপস্থিত নাই। ডুচ্যঁৰ মূত্ৰাগাৰটো মূত্ৰ-ত্যাগৰ বাবে নাছিল, শিল্প-বস্তু (?) হিচাপে সেইটো আছিল কেৱল এটা প্ৰদৰ্শন-যোগ্য বস্তু-বিশেষ। কিন্তু পৰৱৰ্তী স্তৰত আন বহুতো শিল্পীয়ে ইয়াৰ দ্বাৰা অণুপ্ৰাণিত হৈ কিছুমান ক্ৰিয়া (action) সংঘটিত কৰি গ'ল। ডুচ্যঁৰ মূত্ৰাগাৰটোৰ দৰে এটা মূত্ৰাগাৰত পেচাব কৰি তাক এটা ক্ৰিয়ালৈ ৰূপান্তৰিত কৰা শিল্পীসকলৰ এজন হ'ল দক্ষিণ আফ্ৰিকাত জন্ম গ্ৰহণ কৰা শিল্পী কেণ্ডেল গীয়েৰ্ছ (Kendell Geers) যি ভেনিছত ১৯৯৩ চনত "ফাউণ্টেইন"ত মূত্ৰ-ত্যাগ কৰিছিল। একে বছৰতে ব্ৰিয়ান এন' (Brian Eno) নামৰ শিল্পী আৰু সংগীতজ্ঞজনে আধুনিক শিল্পৰ যাদুঘৰত (MoMA) ডুচ্যঁৰ মূত্ৰাগাৰত 'সফলতাৰে' পেচাব কৰিছিল। চুইডেনৰ শিল্পী Björn Kjelltoft-এ ১৯৯৯ চনত ষ্টকহ'মৰ এটা যাদুঘৰত ডুচ্যঁৰ মূত্ৰাগাৰত পেচাব কৰাৰ কথা জনা যায়। ২০০০ চনত Yuan Chai আৰু Jian Jun Xi নামৰ শিল্পী দুজনে নতুনকৈ মুকলি হোৱা গ্ৰীষ্মকালীণ Tate Modern-ত ডুচ্যঁৰ মূত্ৰাগাৰত পেচাব কৰিবৰ প্ৰয়াস কৰে, কিন্তু কামটো আগুৰি থকা এক্ৰিলিকৰ আৱৰণৰ বাবে ব্যৰ্থ হয়।  ২০০৬ চনৰ ৪ জানুৱাৰীত ৭৪ বছৰীয়া ফৰাছী পাৰফৰমেন্স আৰ্টিষ্ট  Pierre Pinoncelli-এ পেৰিছত হোৱা এখন ডাডা প্ৰদৰ্শনীত কামটোক আবৰি ৰখা ঢাকোনৰ চুক এটা ভাঙি তাত সৰুপানী চুবলৈ গৈ গ্ৰেপ্তাৰ হ'বলগীয়া হয়। ১৯৯৩ চনতো এই একেজন শিল্পীয়ে দক্ষিণ ফ্ৰান্সৰ এখন প্ৰদৰ্শনীত একেটা কামকেই কৰিছিল।

এইখিনিতে আৰু এটা শব্দৰ কথা উল্লেখ কৰিম যি পাৰফৰমেন্স আৰ্ট সম্বন্ধীয় কথা বতৰাত কেতিয়াবা সহায়ক হয়, কেতিয়াবা আকৌ তাত খেলিমেলিৰহে সৃষ্টি কৰে। সেইটো হ'ল Performativity; পৰিৱেশনীয়তা, পৰিৱেশনধৰ্মীতা, প্ৰতিপাদ্য। পাৰফৰমেন্স আৰ্টক এটা নিৰ্দিষ্ট ধাৰা বা অভ্যাস হিচাপে চিহ্নিত কৰা পৰিভাষা বা সূচক হিচাপে গ্ৰহণ কৰিবলৈ যাওঁ‌তে যাতে অন্যান্য পৰিৱেশন ধৰ্মী কলাৰ উদাহৰণে আহি খেলিমেলিখন নলগায় তাৰ বাবেহে আমি পাৰফৰমেন্স আৰ্টক 'পৰিৱেশন কলা' বুলি অসমীয়াকৰণ কৰিব নালাগে বুলি কৈছিলোঁ। কিন্তু পাৰফৰমেটিভিটিক পৰিৱেশনীয়তা কৰাত আপত্তি নাই যিহেতু ই নিজেই এটা ব্যাখ্যা সূচক শব্দ। চাবলৈ গ'লে সকলো কথাৰে, কামৰে, বস্তুৰে, শিল্পৰে এটা পৰিৱেশনীয়তা থাকেই। নদী, পাহাৰ, আকাশৰ পৰা সৰাপাত বা ধূলিকণালৈকেসকলোৱে কিবা নহয় কিবা এটা কয়। সকলো পৰিবেশতে কিবা নহয় কিবা এটা ঘটি থাকে। নিৰন্তৰ এই ঘটনাৰ সংঘটন জাগতিক নিয়ম। যেতিয়া ক'ৰবাত কিবা এটা নঘটে, সেই নঘটাটোও এটা ঘটি উঠা ঘটনায়েই নহয় জানো? শিল্পৰ অনুধাৱনৰ ক্ষেত্ৰত এই ঘটি উঠাটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথা। আনকি নিথৰ, অলৰ-অচৰ, 'নিষ্প্ৰাণ' ছবি এখন দেৱালত ওলোমাই থোৱা দেখিলে, সেইখন দেখামাত্ৰেই আপোনাৰ আৰু তাৰ মাজত কিবা এটা ঘটে। এটা সংযোগ। এটা আদান-প্ৰদান। এটা কথোপকথন। অপ্ৰাসংগিক যেন লাগিলেও এই কথাও কৈ থোৱা ভাল যে, বস্তু এটাক আপুনি চাই আছে মানে বস্তুটোৱেও আপোনাক চাই আছে। এই কথাটো পাহৰা উচিত নহয়। ছবি এখনে ক'ব খোজা কথাখিনি যদি আপুনি শুনিছে, আপুনি ক'ব খোজা কথাও ছবিখনে শুনি আছে। সি যি কি নহওক, এইবোৰ কাৰণতেই পৰিৱেশনীয় পৰিস্থিতি বা Performative Circumstance বোলা কথাষাৰ আমি বাৰে বাৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ‌। এইটো কাৰণতেই মাৰ্চেল ডুচ্যঁ‌ৰ সেই মূত্ৰাগাৰটো এটা পৰিৱেশনীয় সম্ভাৱনাশীল আচৰণ হিচাপে গুৰুত্বপূৰ্ণ হৈ ৰ'ল। কাৰণ প্ৰাথমিক পৰ্যায়ৰ কিছুমান মত-অমত, যেনে- এইটো শিল্প হ'ল নে নহ'ল, ইয়াত শিল্পীৰ ভূমিকা ক'ত ৰ'ল, কামটো প্ৰদৰ্শিত হ'ল নে নহ'ল- এইখিনি অতিক্ৰম কৰি যোৱাৰ পিছত যি কথাটোৰ বাবে ডুচ্যঁ‌ৰ মূত্ৰাগাৰটো গুৰুত্বপূৰ্ণ হৈ ৰ'ল- সেয়া হ'ল, যোৱা এশ বছৰ ধৰি শৈল্পিক বাতৱৰণত, মানৱ চিন্তন আৰু মনন প্ৰক্ৰিয়াত ই কেনে ধৰণৰ পৰিৱেশনীয় আচৰণ (performative gesture) প্ৰদৰ্শন কৰিলে সেইটোহে।

যদি কোনোবাই ডুচ্যঁ‌ক পাৰফৰমেন্স আৰ্টৰ প্ৰসংগৰ সৈতে সাঙোৰাত কিবা আপত্তি দৰ্শায়, তেনেহ'লে তাৰ প্ৰত্যুত্তৰত এই কথাটোৱেই  অকাট্য হৈ ৰ'ব- কিয়, শিল্পবস্তু নিৰ্মাণৰ উৰ্দ্ধলৈ গৈ এজন শিল্পীয়ে কৰা এটা আচৰণ আৰু তাৰ জৰিয়তে দিয়া এটা অভিজ্ঞতাকো শিল্প বুলিব পৰা যায়- এই প্ৰাথমিক ধাৰণাটোক সন্মুখলৈ লৈ অনা প্ৰথম শিল্পীজনেই দেখোন মাৰ্চেল ডুচ্যঁ‌!


(আগলৈ)

সমুদ্র কাজল শইকীয়া