ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Thursday, January 5, 2012

অসমৰ সমস্যা কি?


this article is published in SADIN, an Assamese weekly, on 6th January 2012


কাণখোৱাৰ ডিছপোজেব্‌ল ঘৰ
অসমৰ সমস্যা কি?
অসমৰ শিল্পচর্চাৰ ডুখৰীয়া চিন আৰু পাব্লিক আর্টৰ প্রাসঙ্গিকতা (দ্বিতীয় খণ্ড)

সমুদ্র কাজল শইকীয়া


আমি আগৰ লেখাত কৈছিলোঁ যে অসম অথবা ভাৰতবর্ষৰ উত্তৰপূৱ অঞ্চলবোৰৰ শিল্প চর্চাৰ পৰিবেশ, ৰেহ-ৰূপ আৰু মান সম্পর্কে আমি চিন্তিত। তাত চমুকৈ যি কেইটা সমস্যা উনুকিয়াইছিলোঁ সেইকেইটাকেই কেন্দ্র কৰি ইয়াত আলোচনা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ।

১। অর্থ
সিদিনা মোৰ ষ্টুডিঅ'ৰ শিল্পী এজনে প্রচণ্ড ক্ষোভেৰে সৈতে এটা কৌতুক ক'লেহি। কৌতুকটো এনে ধৰণৰ, এবাৰ এজন ৰোগী চিকিৎসকৰ ওচৰলৈ যাওক। ৰোগীয়ে অসুখৰ কথা ক'বলৈ লওতেই চিকিৎসকে মাজতে হঠাতে সুধি পেলালে, 'আপুনি কি কৰে'। ৰোগী আচৰিত হ'ল, এই কথাটো কিয় সুধিলে? চিকিৎসকে 'এনেয়ে সুধিলোঁ, আপুনি কওকচোন বাৰু' বুলি কওতে ৰোগীয়ে ক'লে, 'মই এজন শিল্পী'।  লগে লগেই চিকিৎসকে তেওঁক পৰীক্ষা নকৰাকৈ ক'লে, 'আগতে পেট ভৰাই ৰুটি দুখন খাই আহক'। পৰীক্ষা নকৰাকৈয়েই ৰোগীজনক ওভতাই পঠোৱা হ'ল। কৌতুকটোৰ মর্ম এয়ে যে শিল্পী মাত্রেই অর্থাভাবী। দুবেলা পেটভৰাই খাবলৈ নাপায়। পিন্ধনত ফটা কামিজ। দাড়ি চুলি দীঘল, আপোনভোলা ধৰণৰ। আর্থিক দৈন্যতাৰ পিছতো তাওঁলোক সৃষ্টিশীল হৈ 'সুন্দৰৰ' গুণ গান কৰি থাকে। শিল্পীসকল কোনোবা অন্যগ্রহৰ প্রাণী।

এয়া হ'ল আধুনিকতাবাদী চক্রান্ত। শিল্পীসকলক সমাজৰ পৰা আঁতৰাই পঠাব পাৰিলেই সমাজখন কুশলে থাকে। সৃষ্টিশীল, অনুভবী, চিন্তাশীল মানুহখিনি সমাজৰ কাৰণে সদায়েই সংকটৰ উৎস। তেওঁলোক যেতিয়ালৈকে সমাজৰ পৰা আঁতৰত থাকে তেতিয়ালৈকে মধ্যবিত্তৰ নির্মিত সমাজখনৰ ভাৰসাম্যতা বিনস্ত নহয়। ভিনচেন্ট ভেন গঘকতো পগলাই সাজি পেলোৱা হ'ল। আমাৰ সমাজতো হীৰুদাই "একেটাই মাথোঁ কামিজ তাৰো ছিগো ছিগো চিলাই" বুলি এটা ইমেজ সাজি মানুহৰ মাজত তাৰ ইম্প্রেচন এটা বহুৱাই আটাইতকৈ ডাঙৰ অপৰাধ কৰি থৈছে।

শিল্প সৃষ্টি আৰু টকা পইচাৰ হিচাপক আছুতীয়াকৈ থোৱাৰ যি প্রৱণতা সিয়েই আমাৰ দেশৰ আধুনিক শিল্পচর্চাৰ আটাইতকৈ ডাঙৰ ভুল। যিবোৰ দেশৰ আর্থিক মান উন্নত, সেইবোৰ দেশৰেই শিল্পৰ মানো উন্নত। ভোকাতুৰৈ ন কাব্যৰসং পিবতি। ভোকাতুৰ পেটেৰে ফুল তৰা পখিলাৰ কথা ভাবিব নোৱাৰি। অসমৰ কথাকেই কওঁ। অসমত এজন শিল্পীয়ে কেনেকৈ জীৱন নির্বাহ কৰিব তাৰ কোনো নির্দ্ধাৰিত পথ নাই। কেৱল শিল্প সৃষ্টিৰেই যে পেট প্রৱর্তাব পাৰি - এই কথাটো এতিয়াও মানুহে নাভূত নাশ্রুত কথা বুলিয়েই ভাবে। ফলত শিল্প-মনষ্ক ব্যক্তি এজনে কালক্রমত অন্যান্য ক্ষেত্রলৈ ধাপলি মেলে। অত্যুৎসাহী দুই এজনে অন্যান্য ব্যস্ততাৰ মাজতো শিল্পচর্চা অব্যাহত ৰাখে। কিন্তু তাতে কি লাভ? একাণপটীয়া চর্চাৰ পৰিৱর্তে কেৱল সাময়িক অৱসৰ বিনোদন হিচাপে চর্চা কৰিলে সেই শিল্পৰ মান কেনেকৈ উন্নত হ'ব? হ'ব নোৱাৰে।

২। প্রতিভা
শিল্পসৃষ্টি আটাইতকৈ কঠিন কামসমূহৰ ভিতৰত এটা। তাৰ বাবে দিনে নিশাই অহৰহ কছৰৎ কৰিব লাগে। কেতিয়াবা মাত্র এটা শিল্পকর্ম সৃষ্টিৰ বাবে মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ কষ্ট কৰিব লগীয়া হয়। আমাৰ মানুহে ভবাৰ দৰে প্রতিভা বুলি কিবা দৈৱিক বস্তু এটা নাই। অতি সাধাৰণ পাঠকে এই কথাটো মানি ল'বলৈ হয়তো টানেই পাব যে শিল্প সৃষ্টিৰ ক্ষেত্রত প্রতিভা নামৰ বস্তুটোৰ ভূমিকা তেনেই নগণ্য। বৰঞ্চ যি বস্তুটোৰ প্রয়োজন সেয়া হ'ল অধ্যাৱসায় আৰু নেৰানেপেৰা কষ্টোপার্জিত অভিজ্ঞান। সাধাৰণ চাক্ষুস অভিজ্ঞতাৰে দেখা পোৱা এটা ত্রিমাত্রিক অৱয়বক কেনেকৈ কাগজৰ দ্বিমাত্রিক সমতল এখনত ধৰি ৰাখিব পাৰি তাৰ কৌশল আয়ত্ব কৰিবলৈকে বহু বছৰ সময় লাগে। মাটিৰে কাম কৰা শিল্পী এজনে বহু দিনৰ সাধনাৰেহে বুজি উঠে মাটিৰ গুণাগুণ কি, মাটি কেনেকৈ এটা মানৱী শৰীৰ লৈ থিয় হৈ থাকিব পাৰে। কিমান তপত হ'লে লোহাত কিমান জোৰেৰে আঘাত কৰিলে কিমান বেঁকা হ'ব? জ্যামিতিৰ কিমানখিনি পুংখানুপুংখ হিচাপ নিকাচেৰে এটা শুণ্যস্থান ব্যৱহাৰোপযোগী স্থান একোটালৈ ৰূপান্তৰিত হ'ব?

প্রিয় পাঠক, আপোনালোকে আজিলৈকে এটিবাৰো এইখিনি কথা ভাবিছেনে? বহুতেই হয়তো নাই ভবা, কিন্তু শিল্প সম্পর্কে অথবা শিল্পী সম্পর্কে মন্তব্য দুই এটা কৰিবলৈ আপোনালোকে কেতিয়াও কুন্ঠাবোধো কৰা নাই।

বিভিন্ন সময়ত অসমত শিল্পচর্চা কৰি থকা নতুন শিল্পী সকলৰ কাম চাবলৈ ভূমুকি মাৰোঁ। কিন্তু নিৰাশ হওঁ। শিল্প মানে যে জ্যামিতি, বহুতে নাজানেই। শিল্প যে এবিধ টেকন'লজী, বহুতে বুজাই নাই। এনাটমী, পার্চপেক্টিভ, মেটেৰিয়েল কোৱালিটী এইবোৰ কি বস্তু কোনেও বুজিবলৈ সময় পোৱা নাই। গুৱাহাটী ৰেল ষ্টেচনলৈ গ'লে কোনো ন-শিকাৰু শিল্পীক অহা-যোৱা কৰি থকা মানুহবোৰক চাই স্কেচিং কৰি থকা নেদেখোঁ। কোনো দৈনিক বজাৰত কাৰোবাক পোহাৰীক ষ্টাডি কৰি থকাত দেখা পোৱা নাই। শিল্প আহিব ক'ৰ পৰা? যদি জীৱনক অধ্যয়ণ কৰা নাযায়, যদি দিৱস-ৰজনী একাকাৰ কৰি তাক আয়ত্ব কৰা নাযায়? ভুল কথা, শিল্প প্রতিভাৰ বস্তু একেবাৰেই নহয়। কেৱল প্রতিভাৰ জোৰত আজিলৈকে কোনো মহান শিল্পী হোৱা নাই।   

৩। চিৰ চেনেহী মোৰ ভাষা জননী
অসমীয়া শিল্প আৰু সংস্কৃতিৰ পথাৰখন বহুলাংশে সাহিত্যকেন্দ্রিক। আমি সচৰাচৰ শব্দনির্ভৰ। দৃশ্য-সংবেদনা আমাৰ তেনেই দুর্বল। চকুৰ সন্মুখত থকা কিবা এটা আমি চুকুৰে চাই বুজি নাপাওঁ যেতিয়ালৈকে আন কোনোবাই আমাক শব্দ আশ্রিত ব্যাখ্যা একোটা আগবঢ়াই নিদিয়েহি। এই বিশেষ কাৰণটোতেই অসমীয়া চিনেমাৰ মান ওপৰলৈ নগ'ল, অসমীয়া শিল্পৰ বিকাশ স্থবিৰ হৈ ৰ'ল, জন-মানসত কোনো সামগ্রিক শিল্প-সত্বাৰ নির্মাণ নহ'ল। দৃশ্যগত ভাবে পঙ্গু সমাজ এখনৰ সম্পূর্ণ বিকাশ ঘটিব নোৱাৰে।

"১৮৮৮ চনত কলিকতাত অসমীয়া ভাষা উন্নতি সাধিনি সভাৰ জন্ম হৈছিল যি অসমীয়া সাহিত্যৰ এক ঐতিহাসিক ক্ষণ। এনেদৰে আধুনিক চিন্তা চেতনাৰ আৰম্ভণি সত্বেও অসমীয়া সংস্কৃতি জগতখন একৰৈখিক ৰূপত সাহিত্য ধর্মীয়েই হৈ আছিল। শিল্পকলাৰ প্রসাৰতকৈয়ো ভাষা-সাহিত্যকেন্দ্রিক হৈ পৰাৰ কাৰণ আছিল অসমৰ তৎকালীণ সামাজিক পৰিবেশ। অসমীয়া মানুহৰ ভাষা কেন্দ্রিক আবেগ ইংৰাজ চৰকাৰে অসমীয়া ভাষাৰ ঠাইত বাংলাভাষা প্রৱর্তন কৰাৰ ফলত জন্ম হৈছিল। ভাষা-সাহিত্যই সংস্কৃতিৰ একমাত্র ধাৰক হৈ পৰাৰ বাবেই সংস্কৃতিৰ আন আন উপাদান সমূহ প্রায় উপেক্ষিত হৈ আছিল"। (মৌচুমী কন্দলী, অসমৰ শিল্পকলাৰ ইতিহাসঃ আধুনিক যুগ,বিংশ শতাব্দী আৰু অসম, সোণালী জয়ন্তী উদযাপন সমিতি, দেৱৰাজ ৰয় মহাবিদ্যালয়, সম্পাঃ গীতাশ্রী তামুলী, হেম ফুকন, জানুৱাৰী ২০০০, পৃঃ ৭২)।

পৰিতাপৰ কথা যে আজিও ভাষা সাহিত্যই অসমীয়া সংস্কৃতিৰ একমাত্র ধাৰক। ভাষা সাহিত্যই আমাৰ সমাজ জীৱনৰ আৰু সাংস্কৃতিক জীৱনৰ মাপকাঠি। আমি নাটকৰ আলোচনাত সদায়ে নাট্যকাৰৰ কথাকেই কৈ আহিছোঁ, পৰিবেশন আৰু তাৰ অভিজ্ঞতাৰ কথা ক'বলৈ শিকা নাই। ("সাহিত্যৰ পৰিৱর্তে নাটক শিল্প হওক" বুলি লেখা এটা লেখিছিলোঁ, সেয়া অসমীয়া প্রতিদিনৰ 'সম্ভাৰ'ত প্রকাশ হোৱাৰ পিছত মই বহুতো মানুহৰ ৰোষত পৰিছিলোঁ। তেওঁলোকে নাটকক মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ সাহিত্যৰ শ্রেণীকোঠাতেই আৱদ্ধ হৈ থকাটো বিচাৰে হবপায়)। চিনেমাৰ বেলিকাও সংলাপেই অভিনয়ৰ শেষ কথা হৈ আছে, তাৰ দৃশ্যগত আৱেদনৰ কোনো উত্তৰণ ঘটা নাই। সাহিত্যৰ মেটমৰা বোজা লৈ অহা শাৰদীয় বা বসন্তকালীন আলোচনীবোৰৰ দৃশ্যগত আবেদন দুখলগা। অসমীয়া স্থাপত্যৰ কোনো গৱেষণা দেখা নাই, অসমীয়া ডিজাইনৰ অৱস্থা বেয়া।  

৪। কূপমণ্ডুকতা
অসমৰ শিল্পীকূলৰ বেচিভাগৰে সমস্যা প্লেটনিক উপস্থাপন-প্রতিস্থাপন। এটা শৈলীৰ অনুকৰণত আৰু এটা শৈলী, তাৰ অনুকৰণত আৰন এটা শৈলী - এনেধৰণৰ। জীৱন-লব্ধ কোনো প্রত্যক্ষ অভিজ্ঞতা সেইবোৰত নেদেখোঁ। ফলত শিল্প হৈ পৰে মৰা, নিষ্প্রাণ। ভাবে ভাষাই কোনো কন্টেন্ট নেদেখোঁ, হয় সেইবোৰ পূর্ণ হৈ থাকে ইতিমধ্যে জহি পচি যোৱা একোটা জাতীয়তাবাদী শ্লোগান সর্বস্ব ইমেজেৰে, নহ'লে একোটা স্থানহীন কালহীন ৰমন্যাসিক আচ্ছাদনেৰে। সর্বভাৰতীয় অথবা বহির্বিশ্বৰ কোনোটো শিল্প আন্দোলনৰ কোনো অধ্যয়ণ নাই। অন্যহাতে, বহির্বিশ্বক সমূলি আওকাণ কৰি একান্ত নিজস্ব আৰু স্বকীয় একোটা ভেঁটিৰে দণ্ডায়মান হৈ থাকিবৰ জোখাৰে প্রয়োজনীয় সাহস আৰু বল দুইটাৰ এটাৰো লেশমাত্র নাই। 

যাদৃষ্টবাদী (বাস্তৱবাদী) কৌশলেৰে চমৎকাৰ দেখুৱাব পৰা অসমীয়া শিল্পী আমি দেখা নাই। ফটোগ্রাফিক ৰিয়েলিজম লৈ এটা আন্দোলন কেতিয়াও গঢ়ি উঠা নাই। ইউৰোপীয় বা ঔপনিবেশিক শিল্পচর্চাই অসম নুচুলেহি। দুই এজন ব্যক্তিৰ গাইগুটীয়া প্রচেষ্টাক বাদ দিলে অসমৰ ভূখণ্ডৰ লোকশিল্পৰ বিভিন্ন প্রপঞ্চ ব্যৱহাৰ কৰি একোটা স্বকীয় বাক্‌শৈলী বিকাশ কৰাৰ কোনো সামগ্রিক উদ্যোগ দেখা নগ'ল। অসমৰ ভৌগলিক অৱস্থান আৰু প্রাকৃতিক বাতাৱৰণক লক্ষ্য ৰাখি কোনো নতুন মাধ্যমৰ পৰীক্ষা নিৰীক্ষা সুদূৰ প্রসাৰী ৰূপত দেখা নগ'ল। যিহেতু ঔপনিবেশিক শিল্পভাষাই আমাক বিশেষ প্রভাবিত নকৰিলে, তাৰ বিপৰীতে ৰিভাইভেলিষ্ট কোনো তাড়নাই আমাক উৎপীড়িত নকৰিলে।

এইখিনি কথা কোৱাৰ ভিত্তি এয়ে যে অসমত কোনো অমৃতা শ্বেৰ গীল বা ৰাজা ৰবি বার্মাৰ জন্ম নহ'ল। কোনো বিকাশ ভট্টাচার্যৰ জন্ম নহ'ল। যামিনী ৰায়ৰ লেখীয়া আৰু সেই পর্যায়ৰ কোনো শিল্পীক আমি নাপালোঁ। অসমৰ মাটিত কোনো অৱনীন্দ্রনাথে ৱাছ টেকনিকৰ দৰে এটা নতুন পদ্ধতি আবিষ্কাৰ নকৰিলে, বা একোটা সাদাহাৰণ আৰু তুলনামূলকভাবে সূক্ষ্ম পদ্ধতি এটাক 'কাতাম-কুতুম'অৰ দৰে এটা নতুন অসমীয়া নামেৰে কেতিয়াও বিভূষিত নকৰিলে।  এই যি খিনি উদাহৰণ দিয়া হ'ল, এই গোটেইখিনিয়েই বহু পুৰণি উদাহৰণ। মুম্বাই, কেৰেলা বা বৰোদাৰ পৰৱর্তি শিল্পী মণ্ডলীৰ লেখ দিলে আৰু বহু কথা ওলাব।

সেই সূত্রেই অসমত শিল্পচর্চাৰ ক্ষেত্রত এক বিৰাট শূণ্যস্থান আজিকোপতি বর্তি থাকিল। একোটা আন্দোলনৰ ৰূপত কোনোটো শিল্পধাৰায়েই গঢ় লি নুঠাৰ ফলত সর্বসাধাৰণৰ মাজত শিল্প সম্পর্কে এটা সামান্য বুজা পৰাৰ সৃষ্টি নহ'ল। ফলত শিল্প আৰু শিল্পী সম্পর্কে আমাৰ সাধাৰণ মানুহৰ মনত একোটা উদ্ভত, আচহুৱা আৰু তেনেই অৱান্তৰ ধাৰণা কিছুমানহে বর্তি থাকিল। এইটো তেনেই সঁচা কথা যে, অসম মূলুকত শিল্পী এজনে নিজকে শিল্পী বুলি ক'বলৈ লাজ পায়। কূপমণ্ডুকতাই ইয়াৰ কাৰণ, আৰু একো নহয়।

৫। অসমীয়া শিল্পৰ ঘৰ
আমাৰ অসমীয়া মানুহৰ "অসমীয়া" নামৰ ঘৰটো বেচ মজবুত কৰি থৈছোঁ। আমি দুৱাৰ খিৰিকীবোৰ নিকপকপীয়াকৈ মাৰি থৈছোঁ। ইয়াৰ ভিতৰৰ বতাহ বাহিৰলৈ ওলাবলৈ দিয়া নাই, বাহিৰৰ বতাহ এই ঘৰটোৰ ভিতৰলৈ সোমাবলৈ দিয়া নাই। এইবাৰ এই ঘৰটো ভাঙি পেলাবৰ হ'ল। তাতে যদি কোনোবাই 'গ'ল গ'ল অসমখন ৰসাতলে গ'ল' বুলি হায়ৈ বিয়ৈ কৰে কৰক। ক্ষতি নাই। শিল্পৰ ৰুচিহীন ঘৰ এটা থকাতকৈ নথকাই ভাল। সেয়েহে কাণখোৱাই বাৰে বাৰে এটা ডিছপোজেবল ঘৰৰ কথা কয়।

সমুদ্র কাজল শইকীয়া
(m): 9811375594