ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Monday, November 27, 2017

পেখু পেখু (চাৰি): এখন প্ৰেমৰ চিনেমা আৰু "দুজন সংগ্ৰাহকৰ বিষয়ে": ৰীমা বৰা আৰু ছাহ মীৰান

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ১০ ডিচেম্বৰ ২০১৭]
(আৰ্কাইভ: সমল, সত্য, ইতিহাস, ঐতিহ্য, দায়িত্ব, পদ্ধতি)

 
গীতাশ্ৰী তামুলীৰ "সাহিত্য আৰু সমালোচনা" এখন অৱশ্যপাঠ্য গ্ৰন্থ। তাৰে "দুজন সংগ্ৰাহকৰ বিষয়ে" নামৰ প্ৰৱন্ধত সৌৰভ কুমাৰ চলিহা আৰু ৱাল্টাৰ বেঞ্জামিনৰ প্ৰসংগৰ আধাৰত সংগ্ৰাহক সম্পৰ্কে বহুখিনি দিশ সুন্দৰকৈ উন্মোচন কৰিছে। চলিহাৰ গল্পৰ চৰিত্ৰৰ সংগ্ৰাহক-প্ৰবৃতিৰ কথা যেনেকৈ উনুকিওৱা হৈছে তালৈ চাই আমি আগৰ লেখাত যেনেকৈ আমি সকলোৱেই সংগ্ৰাহক, অনকি মোবাইল কেমেৰাৰে চেলফি এখন তোলোতেওঁ যে আমি স্মৃতিৰ নামত কিবা এটা সংগ্ৰহেই কৰি থাকোঁ বুলি কৈছিলোঁ, আপাত দৃষ্টিৰে সাধাৰণীকৃত যেন লগা সেই কথাখিনিৰ ন্যয্যতাই প্ৰমাণিত হয়। চলিহাৰ 'বিলি' নামৰ এটা নাতিখ্যাত গল্পৰ চৰিত্ৰৰ ভাষ্য তেখেতে উল্লেখ কৰিছে- "এইটো মানুহ মাত্ৰৰে অন্তৰ্নিহিত ধৰ্ম। সকলোৱে কিবা নহয় কিবা সংগ্ৰহ কৰে"। আকৌ গল্পকাৰকেই সংগ্ৰাহকৰ প্ৰতিৰূপ হিচাপে দৰ্শাই তামুলীয়ে লিখিছে- "মোৰ বোধেৰে চলিহাৰ গল্পবোৰত আমি আন এজন সংগ্ৰাহকক লগ পাওঁ- তেওঁ আন কোনো নহয়, গল্পলেখক স্বয়ং। এটি পৰিভ্ৰমী চৰিত্ৰ।" ইয়াৰ লগতে উল্লেখ কৰিছে কেনেকৈ "বেঞ্জামিনে তেওঁৰ ব'দলেয়াৰ বিষয়ৰ ৰচনাত কবিক এজন বিশেষ ধৰণৰ সংগ্ৰাহকৰ লগত ৰিজাইছিল। তেওঁ হ'ল ragpicker, নগৰৰ অলিয়ে-গলিয়েপেলনীয়া বস্তু গোটাই ফুৰা মানুহ। কবি আৰু পেলনীয়া বস্তু সংগ্ৰহ কৰোঁতা দুয়ো লোকচক্ষুৰ অন্তৰালত কাম কৰি যায়। আনে অলাগতিয়াল বুলি পেলাই দিয়া বস্তুৰ প্ৰতি দুয়োৰে ধ্যান। যন্ত্ৰৰ অদ্ভূত ধাতৱ কলৰৱ, জনপথত ব্যস্ত যানবাহনৰ অবিৰাম অহা-যোৱা, ধূলি আৰু শব্দৰ প্ৰদূষন, শেষ ইঞ্চি মাটি পৰ্যন্ত গ্ৰাস কৰিবলৈ কংক্ৰীটৰ অট্টালিকবোৰৰ দুৰ্বাৰ ক্ষুধা, জনতাৰ ঠেলাহেঁচা আৰু বিভিন্ন গ্ৰামৰ সৰৱতা, ৰেডিঅ' আৰু গ্ৰামোফোন, ৰেলগাড়ী আৰু থাৰ্ম'মিটাৰ, ফেৰীৱালা আৰু অ'ভাৰব্ৰীজ, বিজুলীবাতি আৰু দেৱাল লেখনি আদি বিচিত্ৰ উপাদানেৰে গঢ়ি তোলে তেওঁৰ গল্পৰ শৰীৰ"।    

কিন্তু চলিহা আৰু বেঞ্জামিনৰ কথা যুগপৎ উল্লেখ কৰিও গীতাশ্ৰী তামুলীয়ে এনেকৈও কৈছে যে- "স্পষ্টত: বেঞ্জামিনৰ সংগ্ৰাহক সম্পৰ্কে দৃষ্টিকোণৰ লগত সৌৰভ কুমাৰ চলিহাৰ দৃষ্টিভংগীৰ পাৰ্থক্য আছে। চলিহাৰ বিলি চৰিত্ৰটোৱে অতীতযাপনৰ মাজত আত্মপৰিচয় সন্ধান কৰে। মূলৰ পৰা বিচ্ছিন্ন হ'লেও অতীত তাৰ সত্তাৰ এক দুৰ্বল স্বীকৃতি। ...বেঞ্জামিনে পূৰ্ণতাৰ সন্ধান কৰা নাছিল। খণ্ড বা ভগ্নাৱশেষৰ মাজৰ পৰা তেওঁ এক বিপ্লৱী নন্দনতত্ত্ব গঢ়ি তুলিব খুজিছিল"।


সি যি কি নহওক, সংগৃহীত সমলৰ পুনৰীক্ষণ, অভিযোজনা আৰু পুনৰব্যৱহাৰেহে নতুন সৃষ্টি সম্ভৱপৰ। কেইবা শ বছৰৰ আগে সুদূৰ বাগদাদৰ পৰা পৰিভ্ৰমি আহি অসমত উপস্থিত হোৱা ছাহ মীৰান নামৰ মানুহজনো আছিল এজন সংগ্ৰাহক। সম্ভৱত: হাজোলৈ আহিয়ে প্ৰথমে তেওঁ শুনিছিল বৰগীত। তেওঁ দেখিলে কেনেকৈ সাধাৰণ মানুহে হৰিনাম লয়। তেনেকৈয়ে তেওঁ দেখিলে বিয়ানাম। ফুল কোঁৱৰৰ গীত, মণি কোঁৱৰৰ গীত আদিৰ দৰে মালিতা দেখিলে। তেওঁ দেখিলে কৃষিপ্ৰধান এই দেশৰ সাধাৰণ মানুহৰ জীৱন-যাত্ৰা। তেওঁ দেখিলে কেনেকৈ কাঠৰ পৰা টোকাৰীখন হয়, য'ত সুৰ ধৰে। কেনেকৈ একে কাঠৰ পৰাই নাওখন হয়। মাটিৰ দেহা, মাটিৰ ঘৰ, মাটিয়েই শেষ আশ্ৰয়। এই সত্যকেই তেওঁ যেনেকৈ দেখিছিল সুদুৰ ইৰাণ দেশৰ দৰ্শনত, তাকেই আহি পুনৰ-আৱিস্কাৰ কৰিলেহি এই অসম দেশৰ মানুহৰ সহজীয়া দৰ্শনত। তেনেকৈয়ে সৃষ্টি হ'ল জিকিৰ। এই জিকিৰ কেৱল এজন কবিয়ে লিখা একক ৰচনা মাত্ৰ নহয়, ই হৈ ৰ'ল এক জীৱন্ত আৰু চলন্ত আৰ্কাইভ। সংগ্ৰহশালা। সাধাৰণ মানুহৰ জীৱন-দৰ্শন আৰু তত্ত্বৰ অভিলেখাগাৰ। এই আজান ফকিৰ নামৰ সংগ্ৰাহকজনৰ সম্পৰ্কে আমি যিমানখিনি জানো, যিমানখিনিলৈকে জানিব পাৰোঁ তাৰ সন্ধানত ব্ৰতী হ'ল চলচ্ছিত্ৰ নিৰ্মাতা ৰীমা বৰা, আন এজন সংগ্ৰাহক। অসমৰ ইমূৰৰ পৰা সিমূৰকৈ চুকে কোণে থকা লোকায়ত অভ্যাসকাৰী গায়কৰ পৰা গৱেষক পণ্ডিত সকলোকে সাঙুৰি আটোমটোকাৰিকৈ যুগুতাই উলিওৱা হৈছে ডকুমেণ্টেৰী ছবি "জিকিৰ আৰু জাৰী"।

সাধাৰণতে তথ্যচিত্ৰ বুলি ক'লে ধাৰাভাষ্যকাৰৰ কণ্ঠ এটা অৱশ্যম্ভাৱী যেনেই লাগে। ইয়াত তেনেকৈ একো নাই। কিছু লোকে আজান দেউ চাহাব আৰু জিকিৰ সম্পৰ্কে জনা কথাখিনি কৈ গৈছে। লগে লগে সংলগ্ন হৈছে কিছুমান নিকটৱৰ্তী অথবা দূৰণিবটীয়া আনুষংগিক দৃশ্য। বেছিভাগ কথা কৈ গৈছে কেমেৰাৰে সুন্দৰকৈ ধৰি ৰখা নিসৰ্গই। পানীত ভাহি থকা নাৱৰীয়াবিহীন নাওখনে। বতাহত হাউলি পৰিব খুজিও নপৰা তামোলগছ দুজোপাই। মেটেকানিডৰাই। মুখৰ কথাই কথা বুলি ভাবি থকা অসমীয়া সাংস্কৃতিক দ্ৰষ্টাই এইখন চিনেমা চাবই লাগে।   

নেৰেটিভটোত আজান ফকীৰ প্ৰথমে এজন পৰিভ্ৰমী বা Wanderer (মন কৰক গীতাশ্ৰী তামুলীৰ লেখাটোত সৌৰভ কুমাৰ চলিহা গল্পলেখকো পৰিভ্ৰমী-সংগ্ৰাহক), দ্বিতীয়তে এজন সংগ্ৰাহক (Collector) আৰু পৰ্যবেক্ষক (Observer), তৃতীয়তে সঞ্চয়ক (Preserver) আৰু সৃজক (Creator)ই এই গোটেইখিনি কথাই তথ্যচিত্ৰখনৰ নিৰ্মাতা ৰীমা বৰাৰ ক্ষেত্ৰতো সমানেই প্ৰযোজ্য নহয়নে বাৰু? কেৱল গীত মাততে আৱদ্ধ নাথাকি ছবিখনে সংস্কৃতিৰ সাৰ্বিক চৰিত্ৰটোক ধৰিবৰ চেষ্টা কৰিছে। সেয়েহে এই সংস্কৃতিৰ সংজ্ঞাত সোমাই পৰিছে জীৱিকা, শ্ৰম, নিসৰ্গ আৰু জীৱন তথা জগত সম্পৰ্কে লোকায়ত তত্ত্ব। বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত, বিভিন্ন অঞ্চলৰ ব্যক্তিৰ ভাষ্যই আজান ফকিৰ, তৎকালীণ অসমীয়া সমাজ, জিকিৰৰ উৎপত্তি আৰু ক্ৰমবিৱৰ্তন, জিকিৰৰ তাত্ত্বিক মৰ্ম, গায়কী আৰু পৰিৱেশনাৰ পদ্ধতি, সময়ৰ সৈতে পৰিৱৰ্তন আদি বিভিন্ন দিশ সাঙুৰি বিভিন্ন কথাই কৈ গৈছে। কিন্তু এই সকলোবোৰৰ ব্যতিৰেকেও পৰিচালক (পৰিচালিকা?) ৰীমা বৰাৰ তথ্যচিত্ৰখনে কি কথা কয়? সেইটো বুজিবলৈ হ'লে তথ্যচিত্ৰখন চাব লাগিব। মোৰ দৃষ্টিত ধৰা পৰা কথাখিনি এনেকুৱা, যে এতিয়াও বহুত পলম হৈ যোৱা নাই। আমি আজি দেখি থকা ঘৃণাৰ আধাৰত বহুধাবিভক্ত সমাজখন আমাৰ সমাজ নহয়। সাধাৰণ মানুহৰ সমাজৰ ইতিহাসে অন্য কথা কয়। সমসাময়িক ৰাজনীতিয়ে নিৰ্ধাৰণ কৰি দিব খোজা সমাজৰ সংজ্ঞা সাধাৰণ মানুহৰ বাস্তৱতাৰ লগত নিমিলে। চুফিবাদে যি প্ৰেমৰ কথা কয়, সেই প্ৰেমেৰেই উমাল এইখন আচলতে এখন প্ৰেমৰ চিনেমা।    


আৰ্কাইভ বা সংগ্ৰহ, সংৰক্ষণ আৰু অভিলেখন সম্পৰ্কে আমি লিখি থকা এইলানি লেখাৰ উদ্দেশ্য এইবোৰৰ প্ৰতি নতুন প্ৰজন্মক আগ্ৰহী কৰি তোলা। ৰীমা বৰায়ো নিজে বিভিন্ন ঠাইত, বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰিসৰত,  ডকুমেণ্টেৰীখন দেখুৱাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, আৰু ইয়াৰ ভিত্তিত কেনে ধৰণৰ প্ৰশ্নৰ উদ্ৰেক হ'ব পাৰে তাৰ বাবেই তেখেত আগ্ৰহী। আজান ফকিৰৰ জিকিৰ আৰু জাৰী সম্পৰ্কে যেনেকৈ বিভিন্ন কথা পাতিব পৰাৰ থল আছে, তেনেকৈয়ে ৰীমা বৰাৰ "জিকিৰ আৰু জাৰী" সম্পৰ্কেও বহু কথা পতা উচিত। তাৰ ভিতৰত থিতাতে মনলৈ অহা কেইটামান দিশ যদি ক'বলৈ হয়, তেনেহ'লে তলৰ বিষয়খিনি উল্লেখ কৰিম। অসমীয়া সাংস্কৃতিক পৰিমণ্ডলত দাৰ্শনিক ভাৱনাৰ ইতিহাস সম্পৰ্কীয় এলানি লেখা আমি লিখিছিলোঁ ("দৰিয়া, আচমান আৰু মানিমুনি শাক")। বিষয়বস্তু কেন্দ্ৰিক অজস্ৰ প্ৰশ্নৰ অৱকাশ আছে, সেইখিনিৰ কথা বাৰু আমি পাতিয়ে থাকিম। কিন্তু পদ্ধতিগত দিশৰ পৰাও কিছুমান প্ৰশ্ন উত্থাপিত হোৱাটো জৰুৰী। প্ৰশ্ন কৰিবলৈকো জানিব লাগে। প্ৰশ্নৰো একোটা আধাৰ থাকিব লাগে। প্ৰশ্নৰ বাবে কেইটামান সম্ভাৱ্য ভিত্তিমূল তলত আগবঢ়োৱা হ'ল-  

  • গৱেষণাৰ পদ্ধতি আৰু পদ্ধতিবিধি
  • সমল আহৰণৰ প্ৰক্ৰিয়া আৰু সংগ্ৰাহকৰ কৌশল
  • ক্ষেত্ৰ অধ্যয়নৰ প্ৰয়োজনীয়তা, পদ্ধতি আৰু ব্যৱহাৰিক অসুবিধাসমূহ
  • সমল সংগ্ৰহ, সংৰক্ষণ আৰু তাৰ পিছত তাৰ সম্পাদনাৰ ক্ষেত্ৰত গৱেষক/ নিৰ্মাতা/ পৰিচালকৰ নীতি
  • সংগৃহীত সমল-বস্তুৰ বস্তুনিষ্ঠতা (যদি আছে বুলি ধৰা হয়) আৰু সংগ্ৰাহকৰ ব্যক্তিনিষ্ঠতা   
ইয়াৰ লগতে আপোনালোকৰ মনলৈ যিখিনি আহিছে সেইখিনি টুকি লওক। ৰীমা বৰাক "জিকিৰ আৰু জাৰী" সহিতে এবাৰ মাতক আৰু মুখামুখিকৈয়ে প্ৰশ্নখিনি কৰক।       

সমুদ্র কাজল শইকীয়া

No comments: