ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Thursday, November 16, 2017

পেখু পেখু (দুই): গ্ৰন্থমেলাৰ বতৰৰ চিন্তন : প্ৰকাশক কাক বোলে?

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ১২ নৱেম্বৰ ২০১৭]


এতিয়া গ্ৰন্থমেলাৰ সময়। সেয়ে আজি অসমৰ গ্ৰন্থ উদ্যোগক ভিত্তি কৰিয়েই দুটা কথা আলচিবৰ মন মেলিলোঁ। যিকোনো এটা উদ্যোগৰ ক্ষেত্ৰতেই কাৰিকৰী দিশ আৰু তাৰ অন্তৰালত থকা চিন্তা-চৰ্চাখিনি– দুটাৰ ভিতৰত কোনটো মূখ্য কোনটো গৌণ সেই বিষয়ে বিতৰ্ক কৰি লাভ নাই। কিন্তু এনে ধৰণৰ দ্বিধা-বিৰোধ আমাৰ মাজত আছে। সাহিত্যৰ ক্ষেত্ৰত সৃজন আৰু পঠনেই শেষ কথা আৰু তাক লৈ কোনো চিন্তনৰ প্ৰয়োজন নাই বুলি থকা এটা ধাৰণাৰ বশৱৰ্তী হৈ “সমালোচকৰ কাম নাই” জাতীয় মন্তব্যও আমি নোপোৱা নহয়। কবিতা কেৱল মনৰ ভাৱ-প্ৰকাশ বুলি কৈ কবিতা সম্পৰ্কীয় যিকোনো স্তৰৰ আলোচনা বিলোচনাত বিধি পথালি দিয়াৰ প্ৰৱণতা যেনেকৈ আছে, তেনেকৈয়ে চিনেমা আমি কেৱল মনোৰঞ্জনৰ বাবে চাওঁ বুলি কৈ মনোৰঞ্জনধৰ্মী পপুলাৰ চিনেমা এখনৰ ভিত্তিতো যে এটা বৌদ্ধিক আলোচনা আগবাঢ়িব পাৰে তাৰ বাট বন্ধ কৰি থোৱা মানুহো আমাৰ মাজত বেছি। এনে পৰিবেশত গ্ৰন্থ প্ৰকাশন যে এটা বৌদ্ধিক বৃত্তি– সেইটোৰ প্ৰতিও মানুহৰ স্পষ্ট ধাৰণা নথকাটো আচৰিত নহয়।   

বিগত দুটা দশক অসমীয়া ভাষাত সাহিত্যচৰ্চা আৰু গ্ৰন্থ প্ৰকাশনৰ উদ্যোগৰ ৰেহৰূপৰ ক্ষেত্ৰতো এক পৰ্বান্তৰৰ সময়। বিগত শতিকাৰ শেষ দশকলৈকে শিল্পত ৰুচিবোধ থকা পাঠকে হামৰাও কাঢ়িবলগীয়া হৈছিল একোখন অসমীয়া আটকধুনীয়া সৰ্বাংগসুন্দৰ গ্ৰন্থৰ সন্ধান কৰি। কাগজ বেয়া, প্ৰিণ্টিং বেয়া, আৰু আটাইতকৈ বেয়া- বাইণ্ডিং। কিন্তু সেইবোৰৰ স্বত্বেও অসমীয়া পাঠকে কিতাপ একোখন তুলি লৈ শুঙি চাইছিল। গাৰুৰ কাষত কিতাপ ৰাখিছিল। কিতাপৰ ভাঁজত খেনোৱে প্ৰেমপত্ৰ লুকুৱাইছিল। লেখা ভাল-বেয়া অন্য প্ৰসংগ। কিতাপৰ ভাল-বেয়া, অন্য কথা। লেখা ভালেই কিতাপ ভাল বুলিও কোনো কথা নাই। বাহিৰৰ দুনীয়াখনৰ তুলনাত অলপ সময় লাগিল, কিন্তু অসমীয়া কিতাপৰ জগতখনলৈও এসময়ত ভাল দিন আহিল। এই ভাল দিন আহিল এই শতিকাৰ দ্বিতীয় দশকতহে। পৰিশীলিত লেখন (টাইপ ছেটিং), পৰিস্কাৰ মুদ্ৰণ, আটিল বান্ধোন আদিৰে সৈতে আজি অসমৰ গ্ৰন্থমেলাৰ বতৰত আমি দেখা পাওঁ দেধাৰ আটকধুনীয়া কিতাপৰ সমাহাৰ। লেটাৰ প্ৰেছ আৰু ডিজিটেলাইজেছনৰ মাজত চলা ৰণ আৰু বুজাপৰাৰ মাজেৰে আহি আজিৰ এই অৱস্থা সম্ভৱ হৈছেহি। ইয়াৰ ফলত প্ৰাপ্তি যিমান, ক্ষয়-ক্ষতিও তেনেকৈয়ে আছে। কোনোবাখিনিত এসময়ৰ অসমীয়া কিতাপৰ টু-কালাৰ ছপাব্যৱস্থাৰ মাজেৰে প্ৰতিভাত হোৱা নান্দনিকতা (এস্থেটিক্স) আহি ফ'ৰ-কালাৰ ছপাব্যৱস্থাৰ মাজেৰে প্ৰকট হোৱা কামবোৰত আমি নোপোৱা হ'লোঁ। অসমীয়া ভাষাৰ লিপি-পদ্ধতিৰ বৈচিত্ৰ্য হেৰাবলৈ ল'লে, আৰু তাক পুৰণ কৰিব পৰাকৈ অসমীয়া ডিজিটেল ফণ্ট-ৰ ভিন্নতা আজিও গা কৰি নুঠিল। তাৰ মাজতো উদ্যোগটো থমকি ৰোৱা নাই। আৰ্থিক লাভালাভৰ দিশৰ পৰা অসমীয়া ভাষাত গ্ৰন্থ-উদ্যোগটো আগতেও টনকীয়াল নাছিল, আজিও নহয়। সুদূৰ ভৱিষ্যতলৈকো সদ্গতিৰ (আক্ষৰিক অৰ্থত) আশা নাই। অন্যফালে, লেখাই লিখি আছে, প্ৰকাশ কৰাই কৰি আছে। পিছে সেই অনুপাতে পঢ়াই পঢ়ি আছে, কথা পতাই কথা পাতি আছে বুলি ক'ব পাৰোঁ নে? শই শই হাজাৰে হাজাৰে কিতাপ প্ৰকাশৰ পিছতো কিমান যে কি অভিযোগ- সাহিত্য-সমালোচক নাই, বিজ্ঞানৰ কিতাপ নাই, সমাজ-বিশ্লেষক নাই, ইতিহাস প্ৰণেতা নাই... মুঠতে কিমান কি নাই তাৰ হিচাপ নাই। তেনেহ'লে আছেটোনো কি? এইটো আন এটা গুৰুত্বপূৰ্ণ দিশ, পিছে আজিৰ মূল বিষয় এইটোও নহয়।

আজিৰ প্ৰশ্নটো হ’ল- প্ৰকাশকৰ সংজ্ঞা কি? "প্ৰকাশক" কাক বুলিম? প্ৰকাশকৰ দায়িত্ব আৰু ভূমিকালৈ চাই আমি ক’বলৈ বিচাৰিম যে প্ৰকাশক মানে Curator; প্ৰকাশক মানে Connoisseur; প্ৰকাশক মানে Archivist; প্ৰকাশক মানে Strategist; প্ৰকাশক মানে Researcher; প্ৰকাশক মানে Manager; প্ৰকাশক মানে Conceptual Guide; প্ৰকাশক মানে Investor; প্ৰকাশক মানে Producer, Promoter, 'Pro'Claimer... আৰু বহুত কিবাকিবি। লেখাখিনি হয়তো লেখকৰ, কিন্তু কিতাপ আকাৰে প্ৰকাশ হৈ ওলোৱাৰ পিছত কিতাপখন আচলতে প্ৰকাশকৰহে। এতিয়ালৈকে কৈ থকা কথাখিনিত যদি আপোনাৰ সন্মতি থাকে তেনেহ'লে আমি পৰৱৰ্তী কথাবাৰ্তালৈ আগবাঢ়িব পাৰোঁ।

স্বাভাৱিকতেই অসমত গ্ৰন্থ-প্ৰকাশন আৰু বিতৰনত বিৰাট উদ্যোগটোৰ ভিতৰতে নিম্ন-মধ্য-উচ্চ এনে বহুতৰপীয়া স্তৰ আছে। কোনোবা লিখকে লিজে লিখি নিজে প্ৰকাশ কৰিলে তেওঁ নিজেওতো প্ৰকাশকেই। আন কোনোবাই সেই লেখকৰ পাণ্ডুলিপিটো নি "প্ৰকাশ" কৰাই দিয়াজনো প্ৰকাশকেই। এতিয়া অলপ গমি চালেই বুজিবলৈ অসুবিধা নহ'ব যে প্ৰকাশক নিজেই হওক বা আনেই হওক, লব্ধ-প্ৰতিস্থিত, সদ্য-প্ৰতিস্থিত বা সমূলি এমেচাৰেই হওক, প্ৰকাশক প্ৰকাশকেই, আৰু প্ৰকাশক বুলিলেই সুস্পষ্ট ভাবে দুটা দিশ সাঙোৰ খাব। এটা দিশ কাৰিকৰী, আনটো বৌদ্ধিক। কাৰিকৰীটো এনে- য'ত প্ৰকাশকে পাণ্ডুলিপি সংগ্ৰহৰ পৰা আৰম্ভ কৰি ডিটিপি, প্ৰুফ, টাইপছেটিং, লে'আউট, ছপা এইবোৰৰ দায়িত্ব লৈ কিতাপ এখন উলিয়াই দিয়ে। আনটো দিশ- যিটো বৌদ্ধিক, সেইটো অন্তৰ্মূলীয়। যি লেখকৰ সৈতে কথা পাতি, সাক্ষাৎ কৰি, পাণ্ডুলিপিৰ পুণৰীক্ষণ কৰি আলোচনা বিলোচনাৰে কি ভাল হ'ব কি বেয়া হ'ব আদিবোৰ নিৰ্ধাৰণ কৰে। এই ক্ষেত্ৰত প্ৰকাশকজন এজন সম্পাদকো।

আমাৰ অভিজ্ঞতাই কয় যে, দু:খজনকভাবে, অসমৰ গ্ৰন্থ উদ্যোগত কেৱল প্ৰথমটো দিশত সাঙোৰ খাব পৰা প্ৰকাশকহে এই মুহূৰ্তলৈকে সক্ৰিয়। দ্বিতীয়টো দিশৰ ফালে চকু দিব পৰা প্ৰকাশকৰ সংখ্যা তেনেই নগণ্য। ইয়াতকৈ আৰু সহজকৈ বুজাবলৈ হ'লে ধৰক আপুনি লেখক মই প্ৰকাশক। এতিয়া মোৰ মনোবৃত্তি এনেকুৱা হ'ব যে আপোনাৰ পাণ্ডুলিপিটো লৈ মই ছপা কৰাই আপোনাৰ হাতত তুলি দিম। তাৰ আগৰ দায়িত্বও আপোনাৰ, তাৰ পাছৰ দায়িত্বও আপোনাৰ। এতিয়া আৰু অলপ সহজভাবে ক'বলৈ চেষ্টা কৰিম। এইবাৰ ধৰক মই লেখক, আপুনি প্ৰকাশক। হয় মই লেখাখিনি মোৰ ফালৰ পৰা নিজেই দিলোঁ, নহয় আপুনি বিচাৰিছিল বাবে দিলোঁ। আপুনি নি ছপালে। হয়, মই বুজিছোঁ, ছপোৱা মানে এটা বিৰাট কাৰবাৰ। কিন্তু আপুনিতো ছপোৱা নাই, আচলতে যি ছপায় সি হ'ল মুদ্ৰক। মুদ্ৰণ যন্ত্ৰৰে মুদ্ৰিত কৰিলে। তাৰ পিছত আপোনাৰ দায়িত্ব শেষ। কিতাপখিনি তাৰ পিছত ক'ৰবাত কাৰোবাৰ গুদামত পৰি থাকিল। তাত আপোনাৰ একো ক্ষতি নহয়। কাৰণ তাৰ বাবে গোটেই পইচাখিনি আপুনি মোৰ পৰা লৈ থৈছে। কথাখিনি অলপ ভাঙক এইবাৰ। লিখিলে কোনোবাই। প্ৰকাশৰ সিদ্ধান্ত ল'লে কোনোবাই। পইছা দিলে আন কোনোবাই। মুদ্ৰণ কৰিলে কোনোবাই মানে প্ৰিণ্টাৰ্চে। তাৰপিছত (হয়তোবা) বিতৰনো কৰিলে আন কোনোবাই। এতিয়া আপুনিয়ে কওকচোন, আপুনি কৰিলেটোনো কি? আপুনি যিটো কৰিলে সেইটো হ'ল (তাকে গোটেই প্ৰক্ৰিয়াটোৰ মাজৰ এটা অংশ মাত্ৰ) ক'-অৰ্ডিনেচন- সমন্বয় আৰু দালালী। আপুনি লেখকৰ লগত কেইঘণ্টা একেলগে বহি কথা পাতিছিল? প্ৰকাশিতব্য কিতাপখনৰ "টাৰ্গেট অ'ডিয়েন্স" কোন হ'ব, সেই সম্পৰ্কে আলোচনা হৈছিলনে? এই সময়ত (যদি সাহিত্যৰ কিতাপ হয়) সাহিত্যৰ যি ৰেহ ৰূপ চলি আছে তাৰ ভিত্তিত এটা ঐতিহাসিক প্ৰেক্ষাপটৰ পৰা আপোনালোকে কি কথা পাতিছিল? বাৰু ধৰি ল'লোঁ এইবোৰ বৌদ্ধিক কচৰৎ আপোনাৰ বাবে জৰুৰী নহয়। এতিয়া কওক, ৬৯ নম্বৰ পৃষ্ঠাৰ "অমুক" সমলটো যদি ১৩ নম্বৰ পৃষ্ঠালৈ লৈ অনা যায়, বা ১০৩ পৃষ্ঠালৈ লৈ যোৱা যায় তেতিয়া কি হ'ব পাৰে - এইখিনি কথা আপুনি লেখকৰ সৈতে এখন্তেক বহি পাতিছিলনে? যদি নাই পতা তেনেহ'লে তাৰ মনেটো হ'ল- বৌদ্ধিক স্তৰতো আপোনাৰ একো অৱদান নাই, কাৰিকৰী দিশতো আপোনাৰ একো ভূমিকা নাই। আপুনিয়ে আচলতে এই সময়ৰ প্ৰচলিত ধাৰণাৰ অসমীয়া প্ৰকাশক (যাৰ ক'তো একো ভূমিকা নাই)। ইয়াৰ ফলত হৈছে কি, বাঢ়িব লাগিছে এটা উৱাদিহ লোপোৱা লেখক আৰু পাঠকৰ প্ৰজন্ম। কেৱল সমালোচকেই লেখাৰ মান আৰু গতি-বিধি নিৰ্ণয় নকৰে। লেখকক বাট দেখুৱাই লৈ যোৱাজন আচলতে প্ৰকাশকহে।

হয়, কিতাপ এখন লেখকৰ হাতৰ পৰা আনি পাঠকৰ হাতে হাতে পাব পৰা কৰি দিয়াটোৱেই এজন "প্ৰকাশক"ৰ কৃত্বিত্ব। কিন্তু কেনেকৈ, কাৰ বাবে, কিয়, কেতিয়া… এই প্ৰাসংগিক প্ৰশ্নখিনি নিজে নিজকে সুধি নোচোৱা কাৰোবাক "প্ৰকাশক" আখ্যা দিয়াও উচিত নহয়। তথাপি এনেকৈয়ে চলি আছে গ্ৰন্থ উদ্যোগ। এনেকৈয়ে চলি আছে গ্ৰন্থমেলা। তথাপি অসমীয় মানুহে আজিও কিতাপ কিনি, কিতাপ শুঙি, (কিতাপ চুৰি কৰি), কিতাপ উপহাৰ দি, (কিতাপ পঢ়িবলৈ নি ঘূৰাই নিদি), কিতাপৰ কথা পাতি ভাল পায়। সেয়ে এই গ্ৰন্থমেলাৰ বতৰত সকলোলৈ শুভেচ্ছাৰে আজিলৈ সামৰিছোঁ।
      


সমুদ্র কাজল শইকীয়া 

No comments: